ফেচবুকত অৰ্থ সাহায্যনে চিকিৎসা বীমা

837
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


আজিকালি ফেচবুকত প্ৰায়ে দেখা পাও বিভিন্ন ৰোগীৰ চিকিৎসাৰ কাৰণে অৰ্থ সাহায্য বিচাৰি কৰা আবেদন। জুবিনকে ধৰি বিভিন্ন বিখ্যাত শিল্পীয়েও কৰে এনে কিছুমান দুৰ্ভগীয়া ব্যক্তিৰ বাবে পোষ্ট। কমেন্টত দেখা পোৱা যায় বিভিন্ন সহৃদয় ৰাইজৰ গুগল পেৰ দ্বাৰা বৰঙণি দিয়াৰ স্ক্ৰীন শ্বট। জটিল ৰোগত আক্ৰান্ত হোৱাটো পৰিয়ালৰ বাবে ডাঙৰ অভিশাপ। আজিকালি চিকিৎসাৰ খৰছ বহুত বাঢ়িল। মানুহ এজন ব্যক্তিগত হাস্পতালত সোমালেই লাখৰ ওপৰত বিল আহে। এনে পৰিস্থিতিত যিকোনো সাধাৰণ মানুহৰ জীৱনলৈ জটিল ৰোগে অমানিশা নমাই আনে। ফেচবুক অহাৰ পৰা ৰাইজৰ কিছু সুবিধা হৈছে। এজন চিনি নোপোৱা মানুহৰো দুখবোৰো বুজি পোৱা হৈছো। মই নিজে দুজনমানক অলপ টকাৰে হলেও সহায় কৰিছো। কিন্তু এই সমস্যাৰ সমাধান কি? এনেকুৱা কেচ যদি সঘনাই আহিবলৈ লয় তেন্তে ৰাইজো অসুবিধাত পৰিব। ফেচবুকৰ জড়িয়তে হয়তো অৰ্থ সাহায্য পোৱাত অসুবিধা হ’ব। গতিকে চৰকাৰী চিকিৎসালয়ৰ মান উন্নত কৰিবই লাগিব যাতে এনেকুৱা জটিল ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিব পৰা যায়। হয়তো ইয়াত সময় লাগিব। কিন্তু এটা কাম সকলোৱে কৰিব পাৰে। এতিয়া বজাৰত ভাল ভাল মেডিকেল বীমা ওলাইছে। মাহে ৭০০-৮০০ টকা প্ৰিমিয়াম দি  বছৰি ২৫ লাখ পৰ্য্যন্ত কাভাৰেজ পোৱা যায়। সকলো মানুহে নিশ্চিত ভাবে নিজৰ লগতে পৰিয়ালৰ মেডিকেল বীমা কৰাব লাগে। মোৰ মাৰ মৃত্যুৰ সময়ত ২৫ দিন আই.চি.ইউত আছিল। বিল আহিছিল প্ৰায় ১৮ লাখ টকা। মোৰ দেউতাৰ মৃত্যুৰ সময়ত বিল হৈছিল প্ৰায় ৯ লাখ টকা। মই কিন্তু হাস্পতালৰ বিল পৰিষোধ কৰিবলগীয়া হোৱা নাছিল। মোৰ হৈ বিল পৰিষোধ কৰিছিল বীমা কোম্পানীয়ে। জিএনআৰছিকে ধৰি প্ৰায়বোৰ হাস্পতালতে আজিকালি কেচলেছৰ ব্যৱস্থা আছে। মোৰ মাৰ মৃত্যুৰ পিছত যেতিয়া বীমা কোম্পানীলৈ বিল পঠায় তেওঁলোকে ৪৫ মিনিটত ইয়াৰ এপ্ৰোভেল পঠায়। ইন্টাৰনেটত চাই এটা ভাল মেডিকেল বীমা লৈ নিজৰ লগতে পৰিয়ালক চিন্তা মুক্ত কৰি ৰাখক।