- ৰূপেশ কুমাৰ সিং
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
আন্তৰ্জাতিক বিমানত ভ্ৰমণ কৰাৰ এটা সুকীয়া মাদকতা আছে। আন্তঃ দেশীয় বিমানবোৰতকৈ এইবোৰ আকাৰত দুগুণতকৈও বেছি। দিল্লী আৰু লণ্ডণৰ দুৰত্ব প্ৰায় ৯ ঘন্টাত সম্পূৰ্ণ কৰে। যাত্রীসকলৰ সুবিধাৰ বাবে দুবাৰ খাদ্য পৰিবেশন কৰাৰ লগতে সুৰাৰো যোগান ধৰা হয়। প্ৰায়বোৰ যাত্রীয়ে এপেগ বা দুপেগ সুৰা গ্ৰহণ কৰি আৰমত শুই পৰে। কিছুমানে অৱশ্যে অধিক সুৰা বিচাৰি এয়াৰ হোষ্টেছক আমনি কৰাও দেখা যায়। এবাৰ মই লণ্ডনলৈ যাত্রা কৰাৰ সময়ত এটা বেয়া অভিজ্ঞতা হৈছিল। কেৰেলাৰ পৰা অহা এটা ছাত্রৰ জাকে অত্যাধিক সুৰা গ্ৰহণ কৰিছিল। বিমান পৰিচালিকাই যেতিয়া আৰু অধিক সুৰা দিবলৈ অমান্তি হৈছিল তেতিয়া তেওঁলোকে বাক বিতণ্ডাত লিপ্ত হৈছিল। বিমান পৰিচালিকাৰ পিছে পিছে গৈ খাদ্য ৰখা ঠাইত সুৰা বিচাৰি তোলফাল লগাইছিল। ফলত ফ্লাইটৰ পৰিবেশ বিনষ্ট হৈছিল। ফ্লাইটত সুৰা প্ৰদান কৰা হয় যাত্রীসকলক কিছু আনন্দ দিয়াৰ বাবে, মাতাল হৈ উদ্ভাণ্ডালি কৰিবলৈ নহয়। কিছুদিন আগতে এয়াৰ ইণ্ডিয়াৰ জাহাজ এখনত সুৰাসক্ত হৈ এজন পুৰুষ যাত্রীয়ে মহিলা এগৰাকীৰ ওপৰত পেছাব কৰে। কোৰ্টত কেছ চলি আছে। পুৰুষজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হৈছে। দোষী মানুহজনক নিশ্চয় মহামান্য আদালতে যথা শাস্তি বিহিব। কিন্তু সেই মহিলাগৰাকীৰ কথা চিন্তা কৰিলে দুখ লাগে। পেছাব কৰাৰ পিছত ঘৰ নোপোৱালৈকে সেই ৬-৭ ঘন্টা সেই মহিলাগৰাকী কেনেকৈ আছিল। সেয়েহে আমাৰ মনত প্ৰশ্ন উদয় হয়_ ফ্লাইটত সুৰা যোগান ধৰা কিমান সঠিক? সুৰাৰ কবলত নপৰিলে হয়তো সেই মানুহজনে কেতিয়াও এনেকুৱা কাম নকৰিলেহেতেন। সেয়েহে ফ্লাইটত সুৰাৰে আপ্যায়ন বন্ধ কৰা সময়ৰ আহ্বান। অবশ্যে এয়া অকল এখন বিমানে কৰিব নোৱাৰে। পৃথিবীৰ সকলো বিমান সংস্থাই মিলি জন হিতাৰ্থে এনে এটা সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে।