বিকৃত ৰুচিৰ মানুহ

794
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱ‍া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


সততে এসোপা বেবেৰিবাং কথাৰ বকলা মেলি বাটৰ কচু গাত ঘঁহি লোৱা তেখেতৰ দীৰ্ঘদিনীয়া কুট কৌশল।তেখেতৰ কিছুমান কথাকাণ্ডই অনেক সচেতন লোকক অত্যন্ত বিৰক্ত কৰি আহিছে। শঙ্কৰদেৱ চৰ্চাৰ নামত তেখেতৰ যি কৰ্ম-কাণ্ড সেয়া লক্ষণীয়।গুৰুজনাৰ মহান আদৰ্শৰে বাট বুলা মহান সংগঠন শংকৰঘৰৰ বৰঘৰত সোমাই গুৰুজনাৰ আদৰ্শৰ প্ৰচাৰ-প্ৰসাৰতকৈ অধিক সময় ব্ৰাহ্মণ বিদ্বেষ জাতীয় বিষোদ্গাৰ আদিৰ জৰিয়তে শংকৰসংঘৰ স্বয়ম্ভূ অভিভাৱকৰ ৰূপ লৈ প্ৰকাৰন্তৰৰে অহৰহ সংকীৰ্ণ মন্তব্য প্ৰকাশ কৰি থাকি এই বৃহৎ সংগঠনটোক ৰাইজৰ চকুত হেয় কৰাৰ লক্ষ্যত আগবঢ়া যেন লাগিছে। অসমীয়া অতি জাতীয়তাবাদীৰ ভাও লৈ বঙালী হিন্দু সকলক আক্ৰমণৰ লক্ষ্যবস্তু কৰি লোৱা তথা হিন্দী ভাষাভাষী তথা উত্তৰ ভাৰতীয় ভাষা ধৰ্ম তথা সাংস্কৃতিক প্ৰবাহৰ বিৰুদ্ধে তীব্ৰ বিদ্বেষ বিতৃষ্ণা বিয়পোৱাৰ চেষ্টা কৰা আদিৰেও এই পণ্ডিতজনক ৰাইজে মনত ৰাখিছে বুলি সততে শুনা অভিযোগৰ সত্যতা ক’ৰবাত যেন দৃষ্টিগোচৰ।উচ্ছাভিলাষী মানুহজনৰ মৌলবাদী সাম্প্ৰদায়িক মনটোৰ কথাও লুকঢাক নোহোৱাকৈ ওলাই পৰিছে বুলি একাংশই সততে কৰা অভিযোগৰ বিশ্লেষণৰ প্ৰয়োজন অৱশ্যে আছে।
তেখেতৰ “ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ” শীৰ্ষক গ্ৰন্থখনৰ বাবে বিতৰ্কৰ সূত্ৰপাত ঘটিছিল।মনত পৰেনে-সৌ সিদিনাৰ কথা! তথ্য অনুসৰি, গ্ৰন্থখনত সন্নিৱিষ্ট বিহুনামত ৰাম নামৰ শব্দটোৰ ঠাইত আল্লা শব্দটো সংযোজন কৰিবলৈ হোছেইনে উল্লেখ কৰিছিল৷”জয় হৰি বোলা, জয় ৰাম বোলা” ৰ সলনি “জয় হৰি বোলা, জয় আল্লা বোলা” সংযোজিত কৰি গাবলৈ গ্ৰন্থখনত উল্লেখ কৰা হৈছিল।পূৰ্বতেও ঢোলত গাভৰু নাচনী বহুৱাই ইছমাইল হোছেইনে অসমীয়াৰ পবিত্ৰ বাদ্যত আঘাত হানিছে ৷লেখকৰ সৰল মুখাখনৰ আৰত থকা দুমুখীয়া ফেঁটিৰ খোট অসমীয়াৰ ব্ৰহ্মতালুত পৰিবলৈ দিয়া হ’বনে?স্বয়ং গুৰুজনাৰ নামত সৃষ্ট অতি আদৰ্শ নিষ্ঠ সংগঠনটোৰ প্ৰতি আমাৰ আস্থা অপৰিসীম-সেয়ে এই বিড়াল তপস্বীৰ প্ৰৱেশত আমাৰ বিবেক শংকিত-মন ব্যথিত।
অসমীয়াই মূৰত তুলি লোৱা ইছমাইল হুছেইনে হাজাৰ বছৰীয়া ঐতিহ্য, সংস্কৃতিৰ চহকী অসমীয়া জাতিক লক্ষ্য কৰি বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছে নেকি?প্ৰশ্ন হয়। এইগৰাকী হুছেইনে অসমীয়া জাতিৰ সম্প্ৰীতি আৰু চেতনাৰ বিৰুদ্ধে অতি সন্তৰ্পণে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ উত্থাপিত হোৱাটো চিন্তনীয়৷ হিন্দু আৰু মুছলিমৰ মাজত বিদ্বেষ সৃষ্টিৰে কাৰ এজেণ্ডাত অগ্ৰসৰ তেখেত সেয়া দুৰ্বোধ্য।
যি সময়ত হিন্দু-মূছলমান সকলোৱে একেমুখে বাল্যবিবাহ ৰোধ হ’ব লাগে বুলি কৈছে তথা বিষয়টোত চৰকাৰে নাম-ধৰ্ম চাই কাকো গ্ৰেপ্তাৰ কৰা নাই সেই সময়তে কুটকৌশলেৰে সামাজিক মাধ্যম যোগে অসমৰ স্বনামধন্য নাৰীসকলক অপমান কৰিছে৷এয়াই কাৰচাজি।বৌদ্ধিক চয়তানী।
অসমীয়া জাতিৰ প্ৰতি সততে বিৰাগভাৱ প্ৰকাশ কৰি অহা হুছেইন যে বিকৃত ৰুচিৰ মানুহ সেই কথা বাৰম্বাৰ দৃষ্টিগোচৰ হৈছে৷ কেইবাগৰাকী স্বনামধন্য নাৰীক ইছমাইল হুছেইনে বাল্যবিবাহ সম্পৰ্কীয় পোষ্টটোত জড়িত কৰাত কেৱল হিন্দুৱে নহয় অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী সমাজেও অন্তৰত আঘাত পাইছে৷ ইছমাইল হুছেইনক উভতি ধৰিছে নজমুল হক নামৰ এগৰাকী লোককে ধৰি বহুজনে৷
প্ৰথিতযশা হিন্দু নাৰীক উদাহৰণ হিচাপে লৈ পাকে-প্ৰকাৰে বাল্যবিবাহক সমৰ্থন কৰিবলৈ যেন উঠি-পৰি লাগিছে তথাকথিত সাহিত্যিক জনে৷
মুছলমান সমাজৰ হিতৈষীৰ ভাও লোৱা এইজন আচলতে এজন আত্মকেন্দ্ৰিক চিন্তনেৰে হাবুডুবু খোৱা ব্যক্তি বুলি কোনোৱে দিয়া যুক্তি উলাই কৰিব নোৱাৰি।৷ শেহতীয়া বাল্যবিবাহ সম্পৰ্কীয় পোষ্টটোত তেখেতে কেইগৰাকীমান স্বনামধন্য নাৰীয়ে বিয়া হোৱাৰ বয়স উল্লেখ কৰিছে যিসকলে জাতিটোক সাহিত্য, সংস্কৃতিৰ লগতে বিভিন্ন দিশক সমৃদ্ধ কৰিছে৷এইসকলৰ উদাহৰণেৰে ফেচবুকত পোষ্ট কৰি তেখেতে আন এক কুকীৰ্তিৰ দলিল অসমৰ ৰাইজক সংৰক্ষণৰ বাবে আগবঢ়াই দিলে।
তদুপৰি তেখেতে “সনাতনী”শব্দটোক চতুৰভাৱে প্ৰয়োগেৰে তুচ্ছাৰ্থলৈ ঠেলি দিয়া দিশটো যদিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সকলো সনাতনীয়ে মন কৰিছে-তেখেতে আশ্বস্ত হ’ব পাৰে সেই দিশত।
ক’ৰবাত এটা প্ৰাসংগিক বাক্য পঢ়া মনত আছে।সেই বাক্যৰেই মোখনি মাৰিছো-“বৌদ্ধিক সাধুতাৰ উদ্দেশ্য হৈছে তথ্যৰ উদ্ঘাটন আৰু সঠিক উপস্থাপন। তাৰ বাবে তথ্যৰ উন্মোচনৰ স্বচ্ছ উদ্দেশ্য থকা প্ৰয়োজন, লাগিলে সেই তথ্যই য’লৈকে লৈ নাযাওক। লাগে অনুসন্ধান, গৱেষণা, মূল্যাংকন, ব্যাখ্যা আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ দক্ষতা। তাৰ বিপৰীতে বৌদ্ধিক অসাধুতাই পূৰ্বনিৰ্ধাৰিত সিদ্ধান্তৰ প্ৰতিপাদন কৰিবলৈ তথ্য আৰু যুক্তিৰ হেৰাফেৰি কৰে। এনে বৌদ্ধিক অসাধু ব্যক্তিসকলৰ লক্ষণ হৈছে তেওঁলোকে বিসংগতিপূৰ্ণ তথ্য আৰু যুক্তিৰে অশুদ্ধ বুলি জনাজাত স্থিতিৰ পক্ষপাতিত্ব কৰে, আৰু তাৰ সমৰ্থনত বিভিন্ন বিকৃত তথ্য আৰু তাৰ্কিক বিসংগতিপূৰ্ণ যুক্তিৰ অৱতাৰণা কৰে।”এইগৰাকী বিড়াল তপস্বী বৌদ্ধিকভাৱে আদৰ্শহীন-অসাধু বুলি অনুমেয়-এনেধৰণে সততে শুনা যায়,হয়তোবা তেখেতৰ কৰ্ম-কাণ্ডত সেয়া পৰিলক্ষিত।