- তাৰক দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
পুনৰ এবাৰ অসম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাক দিল্লী বিমান বন্দৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। খেৰাই এখন সংবাদ মেলত ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ দামোদৰদাস মোদীৰ পিতৃকলৈ অশোভনীয় মন্তব্য কৰিছিল। নৰেন্দ্ৰ দামোদৰদাস মোদীৰ সলনি তেওঁ নৰেন্দ্ৰ গৌতমদাস মোদী বুলি সম্বোধন কৰিছিল। তাৰ পিছত হাফলংত তেওঁৰ বিৰূদ্ধে গোচৰ ৰুজু কৰা হয়। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কিছু সময় পিছতে তেওঁক কোৰ্টে জামিন দিয়ে। এই কথাৰ পৰা প্ৰমাণ হ’ল যে মোদীৰ সকলোতকৈ বিশ্বাসযোগ্য ব্যক্তিজন হ’ল অমিত শ্বাহ আৰু শ্বাহৰ সকলোতকৈ অনুগত ব্যক্তিজন হ’ল ড° হিমন্ত বিশ্ব শৰ্মা।
এতিয়া আহো আদানীৰ প্ৰসংগলৈ। কোনো সন্দেহ নাই যে যোৱা এটা দশকত আদানীৰ সম্পত্তি বহুগুণে বৃদ্ধি হৈছে। এয়া কোনো চমৎকাৰতকৈ কম নহয়। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত আদানীৰ নাম ক্ৰমান্বয়ে ওপৰলৈ উঠি আছিল। তাৰ পিছত আহিল হিন্দেনবাৰ্গ ৰিপোৰ্ট। আদানীয়ে কিবা হেৰফেৰ কৰিছেনে তাক দেশৰ আদালতে ঠিক কৰিব। কিন্তু বিৰোধীয়ে যে ইয়াকলৈ এপাত অস্ত্র পাই গ’ল সেয়া ধুৰুপ। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে ৰাফেলক লৈ খুব হৈ চৈ কৰিলে যদিও কামত নাহিল। ২০২৪কলৈ বিৰোধীৰ হাতত একমাত্র মুখ্য ইছু যাক লৈ কিছু ভোটাৰৰ লগত কানেক্ট কৰিব পাৰিছে সেয়া হ’ল আদানী। আদানী বা কৰ্পৰেটৰ লগত ৰাজনৈতিক দলৰ সম্পৰ্ক কোনো নতুন নহয়। এটা ৰাজনৈতিক দল চলাবলৈ বহুত টকা লাগে। নিৰ্বাচনত প্ৰাৰ্থী বোৰক সহায় কৰিব লাগে, ডাঙৰ অফিছবোৰ চলাব লাগে, হেলিকেপ্তাৰ, চাৰ্টাৰ্ড আদিৰ বাবে দৈনিক কৌটি কৌটি টকাৰ প্ৰয়োজন হয়। এই টকাবোৰ ক’ৰ পৰা আহে? ভাৰতৰ বৃহৎ কৰ্পোৰেট গোষ্ঠীবোৰৰ দান বৰঙণি অবিহনে ৰাজনৈতিক দলবিলাক চলিব নোৱাৰে। বিনিময়ত তেওঁলোকক সহায় কৰিবলগা হয়। বিজেপি,কংগ্ৰেছ ,তৃণমূল, সমাজবাদী সকলোৰে একেই কথা। এতিয়া কেন্দ্ৰত বিজেপি আছে বাবে সকলোতকৈ বেছি চান্দা বিজেপিয়ে লাভ কৰে। গণতন্ত্ৰত ৰাইজকে ৰজা বুলি কোৱা হয়। কিন্তু আচলতে এই কৰ্পোৰেট গোষ্ঠীবোৰেহে দেশক চলাই আছে নেকি? নিশ্চয় ভাবিবলগীয়া কথা।