বিবিচিক উদেশ্যপ্ৰণোদিত প্ৰচাৰৰ বাবে জবাবদিহি কৰা উচিত

498
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ভাৰতবৰ্ষ এখন স্বাধীন গণতান্ত্ৰিক দেশ ! ভাৰতবৰ্ষত বিভিন্ন আদৰ্শৰ মানুহ থাকিব পাৰে, বিভিন্ন মতৰ মানুহ থাকিব পাৰে! সকলোৰে নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ আছে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত! কিন্তু তাৰ সুযোগ লৈ দেশৰ বদনাম কৰিব খুজিলে সকলোৱে একগোট হৈ তাৰ বিৰুদ্ধে মাত মতাৰো প্ৰয়োজন আছে!

বিবিচি নামৰ বৃটিছ সংবাদ প্ৰতিষ্ঠানৰ কথা হয়তো সকলোৱেই জানে! লগতে এইটো কথাও হয়তো বহুতে গম পাই যে, তেওঁলোকে কিছুদিন আগতে এখন ডকুমেন্টৰী বনাইছে, আৰু তাক লৈ ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হৈছে! ডকুমেন্টৰীখন চোৱাৰ পাছত এটা কথা আশা কৰিছিলো যে দল, সংগঠন নিৰ্ৱিশেষে ভাৰতৰ সকলোৱে বিবিচিৰ দৰে সংবাদ প্ৰতিষ্ঠানে নিৰ্দিষ্ট উদেশ্য ৰাখি প্ৰচাৰ চলোৱা এই ডকুমেন্টেৰীখনৰ বিৰোধীতা কৰিব!

কিন্তু দুৰ্ভাগ্যজনক ভাবে মন কৰিছো ৰাজনৈতিক মত তথা আদৰ্শৰ বিৰোধীতা থকাৰ বাবেই বিবিচিৰ এই উদেশ্য প্ৰণোদিত এইখন ডকুমেন্টৰীৰ সমৰ্থনত একাংশই প্ৰচাৰ চলাইছে! কাৰোবাৰ ৰাজনৈতিক মত, আদৰ্শ বেলেগ হব পাৰে কিন্তু এটা কথা মনত ৰখাৰ দৰকাৰ যে আমাৰ দেশ এখনেই, সেইয়া হল ভাৰতবৰ্ষ আৰু তাৰ প্ৰধানমন্ত্ৰীজনক গণতান্ত্ৰিক ভাবে দেশৰ জনসাধাৰণে নিৰ্বাচন কৰি পঠায় !

নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী, তেখেতৰ বিৰুদ্ধে মিছা, উদেশ্যপ্ৰণোদিত প্ৰচাৰ চলাবলৈ বিচৰা বিবিচি নামৰ প্ৰতিষ্ঠানটোৱে জনা উচিত যে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ সকলো অগ্নি পৰীক্ষাত মোডী ডাঙৰীয়া অৱৰ্তীন্ন হোৱাৰ পাছত বৰ্তমান সম্পূৰ্ণ দোষমুক্ত বুলি প্ৰমাণিত হৈছে! তেনেস্থলত এখন সাৰ্বভৌম, স্বাধীন ৰাষ্ট্ৰৰ এজন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিবিচিৰ দৰে প্ৰতিষ্ঠানক উদেশ্যপ্ৰণোদিত প্ৰচাৰৰ বাবে জবাবদিহি কৰা উচিত ভাৰত চৰকাৰে ।