বৰপেটাত কংগ্ৰেছৰ জয় সহজ নহয়

655

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ ছেপ্তেম্বৰ ২০২২ খণ্ডৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো _ আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় আৰু বৰপেটা লোকসভা সমষ্টিৰ পৰা কোন জয়ী হ’ব? ১ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ চলা আমাৰ অপিনিয়ন প’লৰ ফলাফলত নিশ্চিত হ’ল যে ডিব্ৰুগড়ৰ পৰা বিজেপি বৃহৎ ব্যৱধানত জয়ী হ’ব। বিজেপি , কংগ্ৰেছ আৰু অন্যই পোৱা ভোট এনে ধৰণৰঃ

বিজেপিঃ ৮৭.৫%
কংগ্ৰেছঃ ৬.২%
অন্যঃ ৬.৩%

আমাৰ অ’পিনিয়ন প’লৰ পৰা স্পষ্ট হ’ল যে ডিব্ৰুগড়ত কোনো প্ৰতিদ্বন্দ্বিতাই নাই। অন্যই পোৱা ভোটো কংগ্ৰেছতকৈ বেছি।

বৰপেটাৰ ফলাফল এনে ধৰণৰঃ

কংগ্ৰেছঃ ৪৩.৮%
বিজেপি-অগপঃ ৩৭.৫%
এআইইউদিএফঃ ১২.৫%
অন্যঃ ৬.৩%

বৰপেটাত কংগ্ৰেছ আগবাঢ়ি আছে যদিও বিজেপি-অগপই তেওলোকৰ প্ৰতি প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। আব্দুল খালেকৰ দিল্লী যাত্রা এইবাৰ ইমান সহজ হৈ থকা নাই। সংখ্যালঘুৰ ভোট এআইইউদিএফ , আপ আৰু তৃণমূলৰ মাজত বিভাজন কৰি বিজেপি-অগপ ওলাই যোৱাৰ চেষ্টা কৰিব। সকলো নিৰ্ভৰ কৰিব এই তিনিটা দলে প্ৰাৰ্থী হিচাপে কাক বাচনি কৰে।