মংগলদৈত দিলীপৰ পথ সহজ নহয়

514

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


যোৱা মাহৰ অপিনিয়ন প’লত আমি জানিব বিচাৰিছিলো তেজপুৰ আৰু মংগলদৈ লোকসভা সমষ্টিত আগন্তুক সাধাৰণ নিৰ্বাচনত কোন জয়ী হ’ব। আমাৰ অ’পিনিয়ন প’লত তেজপুৰত পৰিল বিজেপিৰ প্ৰতি ব্যাপক ভোট, মংগলদৈত দিলীপ শইকীয়াৰ বিজয়ৰ প্ৰতি ৰাইজ আস্বস্ত নহয়। তেজপুৰৰ ফলাফল এনে ধৰণৰঃ

বিজেপিঃ ৮৯.৯%
কংগ্ৰেছঃ ১১.১%

তেজপুৰৰ পৰা পল্লব লোচন দাসৰ সলনি প্ৰমোদ বৰঠাকুৰক টিকট দিয়াৰ চৰ্চা চলিছে। এটা কথা ক’ব পাৰি যে যিয়ে টিকট লাভ নকৰক কিয় তেজপুৰত বিজেপিৰ জয় এশ শতাংশ নিশ্চিত।

মংগলদৈত আমাৰ ফলাফল এনে ধৰণৰঃ

বিজেপিঃ ৫৫.৬%
কংগ্ৰেছঃ ৩৩.৩%
অন্যঃ ১১.১%

তেজপুৰত যেনেকৈ বিজেপিৰ ফালে একপক্ষীয় বতাহ আছে তেনে পৰিস্থিতি মংগলদৈত নাই। মংগলদৈত বিজেপি আগবাঢ়ি আছে যদিও ৰাইজৰ মাজত কিছু সংশয় আছে। দিলীপ শইকীয়া বৰ্তমান বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। গতিকে ধাৰণা কৰিব পাৰি যে টিকট তেওঁ পুনৰ লাভ কৰিব। কিন্তু জয়ৰ পথ যে সিমান সহজ নহ’ব সেয়া খাটাং ।