- জুলা শৰ্মা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
তামিলনাডু ৱাকফ বোৰ্ডে তিৰুচিৰাপল্লীৰ ৭ খন হিন্দু সংখ্যা গৰিষ্ঠ গাওঁ আৰু ১৫০০ বছৰ পুৰণি মন্দিৰৰ মালিকীস্বত্ব দাবী কৰাৰ কেইদিনমান পিছত, এইটো পোহৰলৈ আহিছে যে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে ২০১৪ চনত ৱাকফৰ নামত দিল্লীৰ ১২৩ টা চৰকাৰী সম্পত্তি উপহাৰ দিছিল। ইয়াৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাস ভৱনটোও পৰিছে ।
সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি, সিদ্ধান্তটো তেতিয়াৰ কেবিনেটে লৈছিল আৰু ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ কেইদিনমান আগতে এক গোপন টোকা যোগে অৱগত কৰিছিল। সম্পত্তি বোৰ মুখ্য স্থান যেনে কনট প্লেচ, অশোক ৰোড, মথুৰা ৰোড আৰু অন্যান্য ভিভিআইপি এনক্লেভত অৱস্থিত ১২৩ টা চৰকাৰী সম্পত্তিৰ মালিক কৰি দিলে দিল্লী ৱাকফ বোৰ্ডক।
গোপন টোকাটো যিটো ৫ মাৰ্চ, ২০১৪ তাৰিখৰ অৰ্থাৎ সাধাৰণ নিৰ্বাচনৰ অধিসুচনা জাৰী হোৱাৰ আগদিনা গধূলি অতিৰিক্ত সচিব জে পি প্ৰকাশে স্বাক্ষৰ কৰিছিল উক্ত সিদ্ধান্ত সমুহত ।
দিল্লী ৱাকফ বোৰ্ডে ২৭ ফেব্ৰুৱাৰী, ২০১৪ তাৰিখে ভাৰত চৰকাৰৰ ওচৰত ৰাষ্ট্ৰীয় ৰাজধানীৰ ১২৩ টা মুখ্য সম্পত্তিৰ ওপৰত দাবী জনাইছিল। উল্লেখযোগ্য বিষয়টো হ’ল প্ৰস্তাৱটো পোৱাৰ এসপ্তাহৰ ভিতৰতে ইউ পি এ কেবিনেটে ‘গোপন টোকা’ জাৰী কৰি চৰকাৰী সম্পত্তি ৱাকফৰ নামত হস্তান্তৰ কৰিছিল ।
কংগ্ৰেছ চৰকাৰৰ শাসনৰ সুদীৰ্ঘ সময় ছোৱাত এনে ধৰনৰ আৰু বা কিমান গোপন টোকা মতে কাম কৰিছিল সেই বিলাক উলিয়াব পৰা যাব নে ।
এই গোপন তথ্য বিলাক ওলোৱাৰ লগে লগে কেইটামান প্ৰশ্ন আহি পৰিছে —
ইউ পি এ চৰকাৰ বুলি কলে কেৱল চোনিয়া গান্ধীৰ নামেই আহে সেইটো সচাঁ কথা কিন্তু প্ৰধানমন্ত্ৰী হিচাপে ডঃ মনমোহন সিঙ সমানে জগৰীয়া নহয় নে । অসমৰ পৰা যি বাৰ প্ৰথম ৰাজ্য সভালৈ নিৰ্বাচিত হৈছিল সেইবাৰ আমি শুনিবলৈ পাইছিলো পণ্ডিত এজনক অসমক প্ৰতিনিধিত্ব কৰিবলৈ দিছে । বহুতেই কয় ডঃ মনমোহন সিঙ ডাঙৰীয়া বহুত জ্ঞানী লোক, মৌন হৈ থাকেহে । মৌন হৈ থকাটো এজন প্ৰধানমন্ত্ৰীৰ অৰ্হতা হব পাৰে নে ?
অসমৰ কংগ্ৰেছ দলে অসমৰ মানুহে পাব লগীয়া ৰাজ্য সভাৰ চিটটো কি ভিত্তিত বাৰে বাৰে এজন অকৃতজ্ঞ লোকক দিছিল ? কেৱল মনমোহন সিঙ ডাঙৰীয়াকে নহয় আৰু এজন উত্তৰ প্ৰদেশৰ লোক সঞ্জয় সিঙকো দিছিল । এই সকল লোকৰ পৰা অসমে কি পালে ? স্বাধীন ভাৰতত বৃহৎ আৰু সৰ্বোচ্চ সংখ্যক চৰকাৰৰ অনিয়ম, ধনৰ অপব্যৱহাৰ এইজন প্ৰধানমন্ত্ৰীৰ দিনতে হৈছিল। সেয়ে অসমৰ পৰা প্ৰতিনিধিত্ব কৰা বাবে যেতিয়াই এই দুৰ্নীতি বিলাকৰ কথা আহে সংবাদ মাধ্যমত অসমৰ নামটোও তাৰ লগত সাঙোৰ খাই পৰে । বাৰে বাৰে অসমৰ মানুহক লাজত পেলাই তথাপিও অসমৰ কংগ্ৰেছ দলটো নিমাতেই নহয় বৰঞ্চ অসমীয়া নেতা সকলো নিমাত আছিল । তেখেতক প্ৰশ্ন কৰাই নহয় উত্তৰ দিয়াবৰ দায়িত্ব অসমীয়াৰ জানো নাই। ইটোৰ পাছত সিটো ভাৰত বিৰোধী কামৰ বাবেই তেখেতক অসমক প্ৰতিনিধিত্ব কৰিবলৈ দিয়া হ’ল নে ?
যেতিয়া এখন ৰাজ্যৰ ৰাজ্য সভাৰ বহুত চিট থাকে বা কোনো ৰাজ্যত অভিজ্ঞ বা দলক প্ৰতিনিধিত্ব কৰিব পৰা লোক নাথাকে তেনে ক্ষেত্ৰত আন ৰাজ্যৰ লোকক প্ৰতিনিধিত্ব কৰিবৰ বাবে বাছনি কৰে । কিন্তু শিক্ষিত আৰু ৰাজনৈতিক জ্ঞান থকা লোক অসমত জানো নাছিল যাৰ কাৰণে এনেকৈ চিট অসমীয়াৰ মূখৰ পৰা কাঢ়ি নি আনক দিব লগা হ’ল ? অসমৰ কংগ্ৰেছ দলে ইয়াৰ উত্তৰ দিব পাৰিবনে ?
অসমৰ বিভিন্ন সংগঠন সমূহে যি বিলাকে অসম আৰু অসমীয়াৰ স্থিতিৰ নামত সময়ে সময়ে বিভিন্ন কাৰ্য্যসূচী হাতত লৈ অসম বাসীৰ অভিভাৱকৰ দৰে জাতীয় সত্তা জীয়াই ৰাখিবলৈ বিচাৰে সেই সকল লোক কিয় নিমাত ? এই ক্ষেত্ৰত কিয় জাতীয় সত্তা জাগ্ৰত হোৱা নাই ?