মুখ্যমন্ত্রীৰ নতুন টিম

697

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


নতুনক আদৰণি আৰু পুৰণিক বিদায়, এয়াই প্ৰকৃতিৰ নিয়ম। আছুক বাদ দি আন সকলোৰে ক্ষেত্রত এয়া প্ৰযোজ্য। পুৰণি সকলে নতুনক ৰাস্তা এৰি দিব লাগিব। অসমত আজি ৰাজেন গোসাঁই, ৰমেন ডেকা, বিজয়া চক্ৰবৰ্তীক আতৰাই কেন্দ্ৰীয় নেতৃত্বই নতুন নেতাক স্থান দিছে। অসম মন্ত্রীসভাৰ এনে বহুত মন্ত্রী আছে যাৰ অনাগত দিনত গোহাঁই বা চক্ৰবৰ্তীৰ নিচিনা অবস্থা হ’ব। মুখ্যমন্ত্রীয়ে নতুন টিম বনোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।মুখ্যমন্ত্রীৰ নতুন টিমৰ প্ৰথমটো নাম হ’ল পবিত্র মাৰ্ঘেৰিটা। বাকপটু আহোম নেতাজনে মুখ্যমন্ত্রীৰ পৰা প্ৰত্যক্ষ ভাবে প্ৰশিক্ষণ লাভ কৰি আছে তেখেতৰ ৰাজনৈতিক সচিব হিচাপে। পৰবৰ্তী সময়ত অসমৰ ৰাজনীতিত আৰু গুৰুত্বপূৰ্ন পদত দেখা যাব তেওঁক। মুখ্যমন্ত্রীৰ দ্বিতীয়জন ব্লু আইড বয় হৈছে তৰংগ গগৈ। কংগ্ৰেছে অসমক কেইবাজনো আহোম মুখ্যমন্ত্রী দিছে। স্বাভাবিকতে আহোম সকলৰ কংগ্ৰেছৰ প্ৰতি কিছু দুৰ্বলতা আছে। তাৰ প্ৰত্যুত্তৰত অসম বিজেপিত দুজন আহোম নেতাক বৰ্তমান গুৰুত্ব দি আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। মুখ্যমন্ত্রীৰ প্ৰিয়ভাজন তৃতীয়জন নেতা হ’ল কমলপুৰৰ বিধায়ক দিগন্ত কলিতা। যুৱ বিধায়কজনৰ কৰ্মপটুতা দেখি মুখ্যমন্ত্রীয়ে অনাগত দিনত তেওঁক গুৰুত্বপূৰ্ণ পদবী দিয়াৰ কথা চিন্তা কৰিছে। মুখ্যমন্ত্রীৰ গুডবুকত থকা আনকেইজন মান নেতা হ’ল মানব ডেকা, সুশান্ত বুঢ়াগোহাঁই, কৌশিক ৰয়, নুমল মোমিন আৰু ৰূপক শৰ্মা। আগন্তুক দিনত এইসকলোকৰ কিছুমানে অসম কেবিনেটত অন্তৰ্ভুক্ত হ’ব পাৰে। এওঁলোকৰ আগমনে নিশ্চিত ভাবে চিন্তিত কৰিব চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, পৰিমল শুক্লবৈদ্য আদিৰ দৰে পুৰণি নেতাক।