- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ভাৰতৰ সকলোতকৈ জনপ্ৰিয় ৰাজনেতাজনেই হ’ল নৰেন্দ্ৰ মোদী। গোটেই বিশ্বৰ শক্তিশালী নেতাসকলৰ ভিতৰতো অন্যতম মোদী। নৰেন্দ্ৰ মোদীৰ সকলোতকৈ বিশ্বাসভাজন ব্যক্তিজন হ’ল অমিত শ্বাহ। মোদীয়ে অমিত শ্বাহৰ মন্ত্রণাতে সকলোবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। সভাপতি নাদ্দা থকাৰ পিছতো অমিত শ্বাহে বিজেপি দলৰ আভ্যন্তৰীন সকলোবোৰ বিষয় নিজে চোৱা চিতা কৰে। চৰকাৰ ভঙা পতা, মুখ্যমন্ত্রীৰ ৰদ-বদল সকলোতে অমিত শ্বাহৰ চিল-মোহৰ অপৰিহাৰ্য্য। ভাৰতৰ গৃহমন্ত্রীজনে আকৌ সকলোতকৈ বেছি বিশ্বাস কৰে অসমৰ মুখ্যমন্ত্রীজনক। মমতা বেনাৰ্জীক উপ-ৰাষ্ট্ৰপতি পদত এন.দি.এৰ প্ৰাৰ্থীজনক ভোট দিয়াৰ বাবে সৈমান কৰাৰ দায়িত্ব শৰ্মাক দিয়া হৈছিল। মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, গোৱা আদি বহু ৰাজ্যৰ ৰাজনীতিত শ্বাহে অসমৰ মুখ্যমন্ত্রীজনক গধুৰ দায়িত্ব পালন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ দায়িত্বৰ উপৰিও এই আন ৰাজ্যবোৰতো শৰ্মাই অতি নিষ্ঠা সহকাৰে নিজৰ কৰ্ত্তব্য সমাপন কৰিলে। এতিয়া খালিস্তানী সকলৰ বাবেও শ্বাহে নিৰ্বাচিত কৰিছে অসমৰ কাৰাগাৰ। স্বাভাবিকতে ৰাষ্ট্ৰীয় ৰাজনীতিত শৰ্মাৰ গুৰুত্ব বহুগুণে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে শৰ্মাৰ সাক্ষাৎকাৰ ল’বলৈ আগ্ৰহেৰে ৰৈ থাকে। আজি বিহুৱে আন্তৰ্জাতিক ক্ষেত্রত গুৰুত্ব পাইছে, লাচিত বৰফুকনক গোটেই দেশে শ্ৰদ্ধাৰে সোৱৰণ কৰিছে। এই সকলোবোৰ সম্ভব হৈছে এজন দুৰদৰ্শী অসমীয়া মুখ্যমন্ত্রীৰ কাৰণে। সকলো ঠিকে আছিল। কিন্তু আমি প্ৰত্যক্ষ কৰিছো যোৱা একমাহ মানৰ পৰা মুখ্যমন্ত্রীজনৰ কথা বাৰ্তাত এক অহংকাৰৰ ভাব ফুটি উঠিছে। কেজৰীৱালৰ প্ৰসংগত যেনেকৈ মুখ্যমন্ত্রীজনে হাত জোকাৰি কথা কৈছিল বা পুলিছ এজনক তেখেতে যি ধৰণে সম্বোধন কৰিছিল তাৰ পৰা স্পষ্ট হয় যে অধিক ক্ষমতা লাভ কৰি মুখ্যমন্ত্রীজন কিছু পৰিমাণে অংহকাৰী হৈ পৰিছে। মুখ্যমন্ত্রীৰ দুটা নেতিবাচক দিশ হৈছে তেখেতৰ পত্নীৰ ব্যৱসায়-বানিজ্য আৰু তেওঁৰ অনুগত সকলৰ আচাৰ ব্যৱহাৰ। মুখ্যমন্ত্রীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় স্থাপন কৰা কামটো অত্যন্ত গৰ্হিত। এনে এক উচ্চ পদত থকা ব্যক্তি এজনৰ পত্নীয়ে নিস্বাৰ্থ ভাবে সমাজৰ কাম কৰিব লাগে,ব্যৱসায় নহয়। কেজৰীৱালে ইৰিমধ্যে ৰাষ্ট্ৰীয় পৰ্য্যায়ত এই বিষয়টো তুলি ধৰিছে। অনাগত দিনত অসমৰ মুখ্যমন্ত্রীজনৰ উত্তৰনত ই হেঙাৰ হ’ব পাৰে। নৰেন্দ্ৰ মোদীৰ ভাতৃয়েও সৰু সুৰা কাম কৰি জীবিকা অৰ্জন কৰিছে। তেনে স্থলত ৰাজ্যৰ মুখ্যমন্ত্রীজনৰ পত্নীৰ এগৰাকী ব্যৱসায়ীৰ ভূমিকা লোৱা কামটো সঠিক হোৱা নাই। নিউজ চেনেলৰ লগতে শিক্ষা,পৰ্য্যটন আদি বহু ক্ষেত্রত তেওঁ ব্যৱসায় আৰম্ভ কৰিছে। ই ৰাজ্যখনৰ বাবে শুভ লক্ষণ নহয়। মুখ্যমন্ত্রীৰ অনুগত মন্ত্রী-বিধায়ক কেইজনৰ কথাবিলাকটো প্ৰচণ্ড অহংকাৰ ফুটি উঠিছে। ড° শৰ্মাই নিজৰ অধ্যাবসায়ৰ বলত নিজৰ বাবে এটা স্থান কৰি লৈছে। সাত শত্ৰুৱেও ক’ব মুখ্যমন্ত্রীজনৰ কৰ্ম দক্ষতা আছে। কিন্তু সেই একেই কথা তেওঁৰ অনুগত সকলৰ বিষয়ে ক’ব নোৱাৰি। তেওঁলোকৰ এজনেও আজিলৈকে এনে এটা কাম কৰিব পৰা নাই যাৰ বাবে অসমত এজন দ্বিতীয় হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে বুলি ক’ব পাৰি। তেওঁলোকৰ কথা বিলাকৰ পৰা এনে লাগে যেন তেওঁলোকেই অসমৰ ভাগ্যবিধাতা।
আমি বিচাৰো যে মুখ্যমন্ত্রীজনে সৰ্বভাৰতীয় পৰ্য্যায়ত আৰু অধিক সফলতা লাভ কৰক। আমাৰ একমাত্র স্বাৰ্থ এয়ে যে আমি অসমৰ উন্নতি হোৱাটো বিচাৰো। মুখ্যমন্ত্রীজনৰ কৰ্মস্পৃহাক আমি সন্মান কৰো। কিন্তু তেখেতে অহংকাৰ ভাব ত্যাগ কৰি তেখেতৰ বিৰূদ্ধে থকা সমালোচনা বিলাক গঠনমূলক ভাবে গ্ৰহণ কৰক। সেয়াই আমাৰ কাম্য।