- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ৰাজনীতি অসমৰ যোৱামাহৰ অপিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো_ মোদী-শ্বাহৰ পিছত ভাৰতৰ সকলোতকৈ শক্তিশালী ব্যক্তি কোন? আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনে ধৰণৰঃ
মোহন ভাগবতঃ ৪৫.৫%
যোগী আদিত্যনাথঃ ২৭.৩%
অজিত দোভালঃ ১৮.২%
জেপি নদ্দাঃ ৯.১%
ৰাষ্ট্ৰীয় স্বয়ম সেবক সংঘৰ প্ৰমুখ মোহন ভাগবত মোদী-শ্বাহৰ পিছতে সকলোতকৈ শক্তিশালী। আৰ.এছ.এছে প্ৰমুখে বিজেপি দল বা চৰকাৰৰ কামত হস্তক্ষেপ নকৰে। যদি দল বা চৰকাৰ অনাগত সময়ত কিবা বিপদৰ সন্মুখিন হয় তেন্তে মোহত ভাগবতৰ গুৰুত্ব বহুত বৃদ্ধি পাব। বিজেপি দলটো একগোট কৰি ৰখাত আৰ.এছ.এছে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ সকলোৰকৈ জনবহুল ৰাজ্য হ’ল উত্তৰ প্ৰদেশ। লোকসভাৰ ৮০জন সাংসদ উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচিত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রীজনে ৰাষ্ট্ৰীয় ৰাজনীতিত সদায় গুৰুত্ব লাভ কৰি আহিছে। বিজেপি চৰকাৰৰ আন এজন বিশ্বাসভাজন লোক হ’ল ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰামৰ্শদাতা অজিত দোভাল। ভাৰতক সুৰক্ষিত কৰি ৰখাৰ বাবে দোভালে অহৰ্নিশে কাম কৰে। সেয়েহে ৰাইজে দোভালক তিনি নম্বৰ স্থানত ৰাখিছে। বিজেপিৰ সভাপতি জেপি নদ্দা নিজৰ দায়িত্বত সফল হ’ব পৰা নাই। নিজৰ গৃহ ৰাজ্য হিমাচলতে বিজেপি পৰাজিত হৈছে। সেয়েহে ৰাইজে তেওঁক চতুৰ্থ স্থানত ৰাখিছে।