লণ্ডন-আমেৰিকাৰ শিখ কিয় খালিস্তান সমৰ্থক?

779
  • ৰূপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


মই মঠ মন্দিৰ ভ্ৰমণ কৰি খুব ভাল পাও। লণ্ডনত মই প্ৰায় ৩ বছৰ ধৰি বাস কৰি আছো। লণ্ডনত মন্দিৰ আছে যদিও সকলো অঞ্চলতে নাই। গুৰুদ্বাৰা অবশ্যে প্ৰতিটো মেট্ৰো ষ্টেছনৰ আশে-পাশে আছে। এবাৰ তেনে এটা গুৰুদ্বাৰাত সেৱা কৰিবলৈ গৈছিলো। মুৰত ৰুমাল বান্ধি সেৱা কৰি দক্ষিণা দিলো। তাৰ পিছত দুপৰীয়াৰ লংগৰ খালো। ৰুটী, তৰকাৰী, ভাত, পোলাও, পনীৰ আদি বিভিন্ন আইটেম। খোৱা শেষ হোৱাৰ পিছত মুৰৰ ৰুমালখন যথাস্থানত ৰাখি চেণ্ডেলযোৰা আনিব যোৱাৰ সময়ত চকুত পৰিল গুৰুদ্বাৰাৰ নোটিছ বৰ্ডখনলৈ। তাত লেখা আছিল_ খালিস্তান আমাক লাগিবই। দেখি আচৰিত হ’লো। তাৰ আগলৈকে ধাৰণা আছিল কেপিএছ গিলে খালিস্তানী আন্দোলন মষিমুৰ কৰি পেলাইছে। এতিয়া আৰু কোনো শিখে খালিস্তান নিবিচাৰে। ভাৰতে এজন শিখক দহবছৰ প্ৰধানমন্ত্রীৰ দায়িত্ব দিলে। জ্ঞানী জেইল সিং ৰাষ্ট্ৰপতি আছিল। মই সপোনতো ভবা নাছিলো যে গুৰুদ্বাৰাৰ নটিছ বৰ্ডত এনে এটা দাবী দেখা পাম। সেয়া আছিল আজিৰ পৰা ডেৰ বছৰ আগত লণ্ডনৰ চেভেন কিংছ গুৰুদ্বাৰাৰ ঘটনা। আজিৰ দিনত লণ্ডন, আমেৰিকা , অষ্ট্ৰেলিয়া, কানাডা আদিত অমৃতপালৰ সমৰ্থনত ভাৰতীয় দূতাবাসত আক্ৰমণ কৰিছে। এয়া প্ৰবাসী শিখসকলৰ মনত উমি উমি জ্বলি থকা ক্ষোভৰ বহিঃ প্ৰকাশ। ভাৰতত থকা শিখসকলৰ মনত অৱশ্যে এনে বিচ্চিন্নতাবাদী চিন্তাধাৰাৰ লোক কম আছে। সেয়েহে খালিস্তানৰ হৈ আন্দোলন কৰিবলৈ আই.এছ.আয়ে ডুবাইৰ পৰা ড্ৰাইভাৰ অমৃতপালক আমদানি কৰিবলগীয়া হ’ল। ভাৰতৰ সীমান্তবৰ্তী প্ৰদেশ পঞ্জাৱক অশান্ত কৰাৰ চক্ৰান্ত পাকিস্তানে বহুদিনৰ পৰা কৰি আহিছে। ৮০ৰ দশকত ইন্দিৰা গান্ধীয়ে খালিস্তান উগ্ৰপন্থীসকলক কঠোৰ হাতেৰে দমন কৰি পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছিল। তাৰ বাবে শ্ৰীমতী গান্ধীয়ে নিজৰ জীৱনো উচৰ্গা কৰিবলগীয়া হৈছিল। এইবাৰ আৰম্ভ হৈছে খালিস্তান বিদ্ৰোহ ২.০। লণ্ডন, ডুবাই আদি ঠাইত আই.এছ.আয়ে টকা পইছা দি কিছু নেতৃস্থানীয় শিখক কিনি লয়। এইসকল শিখে ভাৰত বিৰোধী কথাৰে আন শিখসকলৰ মনত বিষ ঢালে। সেইবাবে ভাৰতৰ বাহিৰত খালিস্তানকলৈ আন্দোলন সদায় তীব্ৰ দেখা যায়। আনহাতে ভাৰতৰ শিখসকল নিশ্চয় ধন্যবাদৰ পাত্র। তেওঁলোকৰ ৯৯% য়ে ভাৰতক নিজৰ দেশ বুলি ভাবে। খালিস্তানৰ প্ৰতি এওঁলোকৰ কোনো সমৰ্থন নাই। সেয়েহে হাজাৰজন অমৃতপাল আহিলেও আমাৰ দেশক দিখণ্ডিত কৰিব নোৱাৰে। অমৃতপাল ব্যৰ্থ হ’ব, তেওঁৰ সমৰ্থক সকল ব্যৰ্থ হ’ব আৰু ব্যৰ্থ হ’ব আই.এছ.আই।