- পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
মই ৰামসিংহক অসমত যুদ্ধলৈ পঠিয়াইছো, অসমৰ মানুহৰ লগত মিতিৰালি কৰিবলৈ পঠোৱা নাই।” ঔৰংগজেৱে ৰামসিংহক কটাক্ষ কৰে ৰছিদ খাঁৰ আগত ।এই ৰছিদ-খাঁ সুপ্রসিদ্ধ নৌ সেনাপতি মনোৱাৰ-খাঁৰ ভতিজা আছিল। ৰছিদ খাঁক ঔৰংগজেৱে ৰামসিংহৰ সহযোগী হিচাপে ৰছিদ খাঁক পঠাইছিল । মোগলৰ সম্ৰাটসকলৰ নিয়ম আছিল যে সেনাপতি যদি হিন্দু হয় তেন্তে সেনাপতিৰ লগত এজন ইচলামক লগত সহযোগী হিচাপে পঠায় । ৰামসিংহ ঔৰংগজেৱৰ প্ৰিয় জানো নাছিল ? যদি প্ৰিয় আছিল তেন্তে ৰামসিংহক কিয় কটাক্ষ কৰিছিল ।
শৰাইঘাটৰ যুদ্ধত মোগলৰ হৈ যুদ্ধত নমা সেনাপতিৰ দলে লাচিত হাতত পৰাজিত হৈছিল । যুদ্ধ চলি থকা মাজতে ৰামসিংহই এদিনাখন দিল্লীৰ পৰা তেওঁৰ ৰাজপুত বাৰ্তাবাহকৰ পৰা এক বাৰ্তা পাইছিল । যিটো খৱত পাই ৰাম সিংহই মনত বৰ দুখ পালে। ৰামসিংহ অসমত থকা সুবিধা লৈ সম্রাট ঔৰংগজেৱে ৰাম সিংহৰ পুতেক কৃষ্ণ সিংহক বাঘৰে সৈতে যুঁজি ৰং দেখুৱাবলৈ ক’লে। কৃষ্ণ সিংহই ঢাল-তৰোৱাল লৈ আগবাঢ়ি গৈ বাঘৰ লগত কিছুপৰ যুদ্ধ কৰি তাক তৰোৱালেৰে কাটি দুডোখৰ কৰিলে। এই বাতৰিৰ লগতে ৰামসিংহৰ মাক আৰু পত্নীয়ে পত্র লিখি জনালে যে— “কৃষ্ণ সিংহক মোগল বাদচাহে
বাঘেৰে যুঁজাই মাৰিব খুজিলে, আমাৰ বংশই ভাৰতৰ বহু ৰজাক মোগলৰ বশ কৰি দিছে। বহুতৰ ধৰ্ম নাশ সলনি কৰি দিছে । ইমানৰ পিছতো পূবৰ দেশ অসমক মাৰি মোগলৰ
বশ কৰি দিলেহে আমাৰ মৰ্য্যদা থাকিব নেকি ? আৰু শুনিছো সেই দেশত অনেক নাম-কীর্তন হয়, আৰু তাত গো-ব্রাহ্মাণ , বৈষ্ণৱ সকলো সুখ-শান্তিৰে আছে। তেনে দেশ মাৰিলে তাৰ পৰিণাম কি হয় তাক তুমি জানা। আৰু মনত ৰাখিবা যে অসম দেশ আক্ৰমণ কৰি মিৰজুমলা সৰহ দিন জীয়াই থাকিব নোৱাৰিলে। ইয়াকে চাই যি ভাল হয় তাকে কৰিবা। বাদচাহে আমাৰ পুত্ৰক ইছলামত দীক্ষিত
হবলৈ প্ৰস্তাৱ কৰিছে ।
ৰামসিংহক ( আচলতে শুদ্ধ উচ্চাৰণ ৰাম সিং ) ঔৰংগজেৱে আহোমৰ বিৰুদ্ধে যুজ দিবলৈ পঠোৱাৰ আঁৰৰ কাহিনী অতি ট্ৰেগিক । ৰামসিংহ আৰু তেওঁৰ পিতৃ আছিল মোগলৰ তলুৱা চেলেকা ৰজাসকলৰ ভিতৰত অন্যতম ৰজা । শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি হিচাপে ৰাম সিংহক নিযুক্তি দিয়াৰ লগত জড়িত হৈ আছে শিবাজী । মোগলে পুণেৰ পৰা শিবাজীক আটক কৰি আনি আগ্ৰাৰ এক দুৰ্গত যুদ্ধবন্দী কৰি ৰাখিছিল আৰু যুদ্ধবন্দীৰ নিৰাপত্তাৰ দায়িত্বত আছিল ৰামসিংহ । শিবাজীক আটক কৰি ঔৰংগজেৱ স্ফুৰ্তীত পাগল হৈ আছিল । কিন্তু শিবাজী নিজৰ বুদ্ধিত দুৰ্গৰ পৰা পলাই যাবলৈ সক্ষম হয় । শিবাজী পলাই যোৱাৰ পিছত ঔৰংগজেৱে ৰাম সিংহক অবিশ্বাসত লয় । কাৰণ দুয়োজন আছিল হিন্দু । এই ঘটনাৰ শাস্তি হিচাপে কিছুদিন পিছত ঔৰংগজেৱে অসম অধিকাৰ কৰিবলৈ ৰাম সিংহক নিৰ্দেশ দিয়ে । যিখন অসম আছিল দিল্লীৰ পৰা বহু হাজাৰ মাইল দুৰত । নৈ বিল পাহাৰ পৰ্বতেৰে আৱৰা । জ্বৰ , অচিন বেমাৰত মোগল সেনাপতি এইখন অসম দেশতে আক্ৰান্ত হৈ পৰৱৰ্তী সময়ত মৃত্য হৈছিল ।
তাতোকৈ ভয়ানক পৰিবেশ হৈছিল বখটিয়াৰ খিলজিৰ । ৰজা পৃথুৰ হাতত বেয়াকৈ পৰাজিত প্ৰাণৰ মমতাত খিলজি কামৰূপৰ পৰা পলাবলৈ বাধ্য হৈছিল । ঔৰংগজেৱে জানিছিল যে ৰাম সিংহৰ অসম যাত্ৰা সহজ নহব ।
এজন ৰাজপুত ৰজাৰ এই কৰুণ কাহিনী নতুন প্ৰজন্মই জানে যদিও প্ৰচাৰ নকৰে তথাকথিত গুৱাহাটীয়া মিডিয়া হাউচে ।