হিন্দুৱে হিন্দুৰ প্ৰধান শত্ৰু নেকি?

805
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


১১ ডিচেম্বৰ দেওবাৰে নলবাৰীৰ নাট্য মন্দিৰ সভাগৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰবাদৰ ওপৰত বক্তব্য প্ৰদান কৰে বিশিষ্ট বক্তা আৰু সংবাদ জগতৰ জনপ্ৰিয় ব্যক্তি পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠই । ভাৰত বিভাজনৰ কাৰণে জিন্না যিমান দায়ী তাতকৈ অধিক দায়ী আছিল সেই সময়ৰ একাংশ বিশিষ্ট ৰাজনেতা । জিন্নাই তেওঁৰ ধৰ্মৰ উদ্দেশ্যৰ কথা খোলাখুলিকৈ জনাই থকাৰ পিছতো হিন্দু নেতাসকলে ইছলাম ৰাজনীতিৰ ভয়াবহতা নজনাটো মুছলমানৰ দোষ নাছিল বুলি দোহাৰে । হিন্দুৱে ইছলাম ৰাজনীতিৰ মুল সত্যসমুহ নজনাটোহে চৰম লজ্জাজনক । হিন্দুৱে সত্য ইতিহাস অধ্যয়ন কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে । ভাৰতৰ ইতিহাস বিকৃত কৰাত মৌলানা আবুল কালাম আজাদৰ মুখ্য ভুমিকাক তেওঁ চোকা সমালোচনা কৰে । কোনো ডিগ্ৰী বা শিক্ষাগত অৰ্হতা নথকা চৌদি আৰৱৰ ব্যক্তিক শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়াটো আছিল ভাৰত বিদ্বেষীসকলৰ পৰিকল্পনাৰ অংশ । আগ্ৰাৰ তাজমহল মুছলমানে বনোৱা বুলি আমি মানি লওঁ । আনকি বিৰিয়ানী খাদ্য বিধকো আমি আফগানী নাম দিছো । কিন্তু হিন্দুসকলে ভাবি নাচায় যে মোগলৰ দেশ উজবেক বা আৰৱত তাজমহল সদৃশ কোনো অট্টালিকা নাই । ধান উৎপাদন নোহোৱা আফগানিস্তানত জানো চাউলৰ দ্বাৰা বনোৱা বিৰিয়ানী সৃষ্টি হৈছিল !! হিন্দুৱেই হিন্দুৰ শত্ৰু । যি হিন্দুৱে ইছলাম আগ্ৰাসনক চকু মুদি নস্যাত কৰে সেই হিন্দু কেতিয়াও ৰাষ্ট্ৰবাদী হব নোৱাৰে । হিন্দুৰ মাজত চলা তথাকথিত জাতিভেদ ইংৰাজৰ দান বুলি তেওঁ দোহাৰে । যেতিয়ালৈ হিন্দু একহৈ এক ৰাজনৈতিক পৰিচয় হৈ উঠিব নোৱাৰে তেতিয়ালৈকে আগ্ৰাসী ইছলামে ভাৰতৰ অখণ্ডতাৰ ওপৰত ভাবুকি হৈ থাকিব । অনুষ্ঠানত পুস্পেন্দ্ৰ কুলক্ষেত্রৰ আৰু উচ্চতম ন্যায়ালয়ৰ বিখ্যাত অধিবক্তা বিঞ্চু শংকৰ জৈনে বক্তৃতা প্ৰদান কৰে।