(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )
কমেডি ডেক্স: ৰাজনীতি অসম
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
(১)
সেইদিনা ফেচবুকত এজন ডাক্তৰৰ এটা ভিডিঅ চাই আছিলো। তাত তেওঁ কিডনীৰ সমস্যাৰ বিষয়ে কৈছে। ভাবিলো তেওঁ নিশ্চয় কিডনী বিশেষজ্ঞ হ’ব। পিছত খৱৰ লৈ গ’ম পালো লৰাজন এজন এম.বি.বি.এছ ডাক্তৰ। এমবিবিএছৰ পিছত তেওঁলোকৰ সকলোতকৈ মেধাবী বিলাকে এমডি পঢ়িবলৈ সুবিধা পায়। এমডি পাছ কৰা সকলৰ কেইজনমানেহে বহু বছৰ অধ্যয়ন কৰি ডি.এমত সুযোগ পায়। তাত nephrology পঢ়ি কিছুবছৰ প্ৰেকটিছ কৰি প্ৰতিষ্ঠিত হয়। কিন্তু ফেচবুকৰ যুগত চাগে কেইদিন মান পিছত কম্পাউণ্ডাৰ বিলাকেও কেঞ্চাৰ ৰোগ নিৰাময়ৰ ওপৰত ভিডিঅ’ বনাব।
(২)
এজন অজাপ নেতাই এইকেইদিন তুমুল ভিডিঅ’ বনাই আছে। মোদী-শ্বাহৰ হেনো কাজিয়া। হিমন্তক হেনো মোদীয়ে ভাল নাপায়। গাদকাৰীয়ে হিমন্তক ফচাব ইত্যাদি। তেওঁৰ কথা বিলাকৰ পৰা এনে লাগে যেন তেওঁ মোদীৰ অফিচত কেমেৰা লগাই কথাবিলাক শুনি আছে। ঠিক দৃশ্যম-২ৰ নিচিনা। আমাৰ সীমিত জ্ঞানৰ পৰা এটাই ক’ব পাৰো যে অমিত শ্বাহ মোদীৰ মামাকৰ লৰা নহয় বা হিমন্ত শ্বাহৰ খুৰাকৰ লৰা নহয়। ইয়াত যিয়ে কাম কৰি দেখুৱাব তেওঁকে স্বীকৃতি দিয়া হ’ব। বাকী সব অবান্তৰ কথা।
(৩)
বহু বছৰ ৰাস চোৱা নাছিলো। এইবাৰ হেমা মালিনী আহিব বুলি শুনি ৰ’ব নোৱাৰিলো। গুৱাহাটীৰ পৰা নলবাৰী পালো। আমি কলেজত পঢ়া দিনত সকলোতে কেবল হেমামালিনীৰ চিনেমা। তাৰকাগৰাকীক ওচৰৰ পৰা চাব পাই ভাল লাগিল। চাৰিওফালে কেৱল মানুহ। আন নালাগে এই ৰাসমহোৎসবৰ মুখ্য উদ্যোক্তা জয়ন্ত মল্লও মানুহৰ হেচাত এবাৰ চিটিকি গ’ল। তেওঁ চাগে ভাবিলে _জীৱনৰ প্ৰতি পল যাৰ বাবে বিলাই দিলো..আজি সিহতৰো মোৰ বাবে..মঞ্চত হেমামালিনী আৰু ৰিণিকি ভূঞা শৰ্মা বহি আছিল। দৰ্শকৰ মাজৰ পৰা এজনে মন্তব্য দিলে _ হেমামালিনীৰ লগত হিমন্তমালিনী।