ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ৰাজনীতি অসমৰ ডিচেম্বৰ ২০২২ চনৰ অপিনিয়ন প’ল আছিল অহা সাধাৰণ নিৰ্বাচনত বিজেপিৰ প্ৰধান ইছুৰ ওপৰত। ১ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ চলা আমাৰ অপিনিয়ন পলৰ ফলাফল এনে ধৰণৰঃ
সমান নাগৰিক সংহিতাঃ ৩৩.৩%
হিন্দু ৰাষ্ট্ৰঃ ২৬.৩%
লাভ জেহাদ আইনঃ ২০%
বিকাশঃ ১৩.৩%
অন্যঃ ৬.৭%
বিজেপিৰ জন্ম লগ্নৰে পৰা তিনিটা প্ৰধান ইছুৰে সৈতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইয়াৰে দুটা_অযোধ্যাত ৰাম মন্দিৰ নিৰ্মান আৰু জন্মু-কাশ্মীৰত ৩৭০ ধাৰা প্ৰত্যাহাৰ সম্পূৰ্ণ হৈছে। এতিয়া বাকী আছে একমাত্র সমান নাগৰিক সংহিতা যাক ইংৰাজীত কয় uniforn civil code. ইয়াৰ সমৰ্থনত ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন বহুতো বিজেপি নেতাই বক্তব্য আগবঢ়াই আছে। গতিকে ৰাইজে অনুমান কৰিছে যে এই ইছুটোক লৈয়ে বিজেপি দল ৰাইজৰ কাষ চাপিব। বিজেপি দল যদি ২০২৪ চনত পুনৰ ক্ষমতালৈ আহে তেন্তে ইয়াক সমান নাগৰিক সংহিতাৰ সপক্ষে referendum হিচাপে দলে গণ্য কৰিব।