৩৩০ খন আসনেৰে মোদীৰ হেট্ৰিক

595
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


মই ২০০০ চনৰ পৰা প্ৰায় ২১ বছৰ অসমৰ বাহিৰত আছিলো। ইয়াৰে বেছিভাগ সময় বাংগালোৰ আৰু ২ বছৰ কলিকতাত আছিলো। এই সময়চোৱাত মই দেশৰ প্ৰায়বোৰ ৰাজ্যৰ মানুহ লগ পাও । বহুতৰে লগত বন্ধুত্ব এতিয়াও আছে। এইবাৰ সাধাৰণ নিৰ্বাচনৰ বিষয়ে তেওঁলোকৰ ভিতৰৰ কিছুমানৰ লগত কথা পাতি এক বিশ্লেষণ আগবঢ়াইছো..

দক্ষিণ ভাৰতঃ যোৱাবাৰ তামিলনাডুত বিজেপিয়ে এখনো আসন লাভ কৰিব পৰা নাছিল। এইবাৰ তাত বিজেপিয়ে প্ৰাক্তন আইপিএছ আন্নামালাইৰ ৰূপত এজন স্থানীয় নেতা লাভ কৰিছে। তেওঁ নিজে কোৱাম্বটোৰ আসনখনত জয়ী হোৱাৰ সম্ভাবনা ক্ষীণ যদিও বিজেপিয়ে তাত ৩৯ৰ ভিতৰত দুখন আসন লাভ কৰিব পাৰে। কেন্দ্ৰীয় শাসিত পুডুচেৰী আসনখন বিজেপিয়ে পোৱাটো খাটাং। কেৰেলাত বিজেপিয়ে একমাত্র ত্রিচুৰ আসনখন পাব। ত্রিবান্দ্ৰমত ৰাজীৱ চন্দ্ৰশেখৰে কিছু যুদ্ধ কৰিছে যদিও শশী থৰুৰৰ হাতত পৰাজিত হ’ব। অন্ধ্ৰ প্ৰদেশত যোৱাবাৰ বিজেপিয়ে কোনো আসন পোৱা নাছিল। এইবাৰ তেওঁলোকৰ টিডিপি আৰু জনসেনাৰ লগত মিত্রতাৰ ফলত ৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিছে। ইয়াৰে ৩ খনত বিজেপি জয়ী হোৱাৰ সম্ভাবনা আছে। এনদিএ হিচাপত ইয়াত দলটোৰ যঠেষ্ট লাভ হ’ব। তেলেংগাত যোৱাবাৰ বিজেপিয়ে ৪ খন আসন লাভ কৰিছিল। এইবাৰ যিহেতু বিআৰএছৰ অৱস্থা শোচনীয় সেয়েহে ইয়াত বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰে আসন বৃদ্ধি হ’ব। বিজেপিৰ আসন ৪ৰ পৰা ১০ খন হ’ব পাৰে। তামিলনাডু (২), পুডুচেৰী(১), কেৰেলা(১) অন্ধ্ৰ(৩) আৰু তেলেংগানা(৬) মিলি বিজেপিৰ আসন ১৩ খন বৃদ্ধি হ’ব পাৰে যদিও কৰ্ণাটকত দলটোৰ লোকচান হ’ব। বিজেপিৰ মিত্রদল জেদিএছত দেৱগৌড়াৰ নাতিৰ ভিডিঅ কেলেংকাৰী তথা কংগ্ৰেছৰ উপমুখ্যমন্ত্রী শিৱকুমাৰৰ ৰাজনৈতিক বিচক্ষণতাৰ ফলত যোৱাবাৰৰ তুলনাত বিজেপিৰ ৫ খন আসনৰ লোকচান হ’ব পাৰে। মুঠৰ ওপৰত দক্ষিণত বিজেপিৰ ৮ খন আসন বৃদ্ধি পাব।

উত্তৰ ভাৰতঃ উত্তৰ ভাৰতৰ জন্মু-কাশ্মীৰ,হাৰিয়াণা,উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ,চত্তিছগড় আৰু দিল্লীত বিজেপিৰ আসনৰ সংখ্যাৰ পৰিবৰ্তন হোৱাৰ কোনো সম্ভাবনা নাই। পঞ্জাৱত বিজেপিয়ে কংগ্ৰেছী বিলাকক দলত চামিল কৰি দলটো শক্তিশালী কৰিছে। বিজেপিৰ প্ৰদেশ সভাপতি সুনীল জাখাৰ, লুধিয়ানাৰ প্ৰাৰ্থী ৰৱনীত সিং বিত্তু,অমৰিন্দৰ সিং আদি বহুত বিজেপি নেতা প্ৰাক্তন কংগ্ৰেছী। যোৱাবাৰ ইয়াত ১৩ খনৰ ভিতৰত চানী দেওলৰ গুৰদাসপুৰক ধৰি দলে দুখন আসন লাভ কৰিছিল। এইবাৰ বিজেপিয়ে ইয়াত কমেও ৪ খন আসন পাব। ভাৰতৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য উত্তৰ প্ৰদেশত ২০১৯ত বিজেপিয়ে ৮০ৰ ভিতৰত ৬২ খন আসন লাভ কৰিছিল। সেইবাৰ এছপি-বিএছপিৰ প্ৰৱল প্ৰত্যহ্বানৰ বাবে ২০১৪ৰ তুলনাত বিজেপিৰ আসন হ্ৰাস পাইছিল। ২০২৪ত এছপি-বিএছপিৰ মিত্রতা নোহোৱাৰ সুযোগ লাভ কৰিব বিজেপিয়ে। বিজেপিৰ আসন কমেও ৯ খন বাঢ়িব। মুঠৰ ওপৰত উত্তৰ ভাৰতত বিজেপিৰ ১১ খন আসন বৃদ্ধি হোৱাৰ সম্ভাবনা আছে।

পশ্চিম ভাৰতঃ গোৱা আৰু গুজৰাটত বিজেপিৰ আসনৰ কোনো পৰিবৰ্তন নহয়। ৰাজস্তানত বিজেপিৰ দুখন আসন কমিব। পশ্চিম ভাৰতৰ সকলোতকৈ জটিল ৰাজ্য হ’ল মহাৰাষ্ট্ৰ।ইয়াত আগৰে পৰা ৪টা মুখ্য দল আছিল। এনছিপি আৰু শিৱসেনা ফাটি এতিয়া মুঠ ৬টা দল। ইয়াত পুৰ্বানুমান কৰা সহজ নহয় যদিও বিজেপিয়ে ৫ খন আসন হেৰুৱাব পাৰে। মুঠৰ ওপৰত পশ্চিম ভাৰতৰ পৰা বিজেপিৰ ৭ খন আসনৰ লোকচান হোৱাৰ সম্ভাবনা আছে।

পূৱ ভাৰতঃ বিহাৰত বিজেপিৰ আসন নকমে যদিও নিতিশ কুমাৰৰ দলৰ কমিব। ফলত এনদিএৰ ৫ খন আসনৰ লোকচান হ’ব। যোৱাবাৰ ইয়াত এনদিএ ৪০ৰ ভিতৰত ৩৯খন আসন পাইছিল। ঝাৰখণ্ড তথা অসমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যত বিজেপিয়ে ২০১৯ত যিমান পাইছিল সিমান আসনেই লাভ কৰিব। উৰিষ্যাত বিজেপিয়ে ২০১৯ত ৮ খন আসন পাইছিল। এইবাৰ দলটোৰ আসন ৫ খন বাঢ়িব। নবীন বাবুৰ শৰীৰ বেয়া বাবে শাসন চলাইছে আইপিএছ বিষয়া পাণ্ডীয়ানে। পশ্চিমবংগত বিজেপিয়ে ৪২ৰ ভিতৰত ১৮ খন আসন পাইছিল। এইবাৰ বিজেপিয়ে তাত সকলোতকৈ বৃহৎ দলৰ মৰ্যাদা পাব। বিজেপিৰ আসনৰ সংখ্যা ১০খন বৃদ্ধি হৈ ২৮ হ’ব। শেষত আহিম অসমলৈ। ইয়াত ধুবুৰী, নগাওঁ আৰু কৰিমগঞ্জ বাদ দি ৯খন বিজেপিয়ে আৰু দুখন আসন সহযোগীয়ে লাভ কৰিব। গোটেই পূৱ ভাৰতত বিজেপিৰ আসনৰ সংখ্যা প্ৰায় ১৫ খন বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাবনা আছে।

এতিয়া গোটেই ভাৰতবৰ্ষৰ হিচাপ কৰিলে দেখা যায় যে বিজেপি দলটোৰ অকলে পূৱত ১৫, উত্তৰত ১১ আৰু দক্ষিণত ৮ খন আসন বৃদ্ধি হৈ পশ্চিমত ৭ খন আসনৰ লোকচান হ’ব। সকলো মিলালে বিজেপিয়ে ২০১৯ৰ তুলনাত ২৭ খন আসন বেছি পাব। ২০১৯ত বিজেপিয়ে ৩০৩ খন আসন পাইছিল। ২০২৪ত বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি হ’ব ৩৩০লৈ। এনদিএ ব্লক হিচাপে তেওঁলোকে পাব প্ৰায় ৩৭০ খন আসন।

উত্তৰ পূৰ্বাঞ্চলক বাদ দি অন্য ৰাজ্যত থকা মোৰ বন্ধুসকলৰ সৈতে কথা পাতি মই এই পৰিসংখ্যা যুগুত কৰিলো। আন্দামান,লক্ষাদ্বীপ আদি কেন্দ্ৰীয় শাসিত এখন আসন থকা ৰাজ্যবোৰত কোনো বন্ধু নাই বাবে তাৰ কথা নাজানো। এতিয়া অপেক্ষা ৪ জুনলৈ।