ৰাইজৰ দল , অজাপৰ বিৰুদ্ধে বিজেপিৰ ট্ৰাম কাৰ্ড অগপ

572

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


১৯৮৫ আৰু ১৯৯৬ চনত অগপই মিত্ৰজোঁটৰ চৰকাৰ কৰিছিল । ৮৫’ তকৈ অগপ ১৯৯৬ চনত অধিক শক্তিশালী স্থিতিত উপনীত হৈছিল । ক্ষমতাৰ ৰাগীত সেই সময়ত বিৰোধী দলৰ সমৰ্থক সাধাৰণ ব্যক্তিৰ ওপৰত আখেজ আৰু প্ৰফুল্ল মহন্তৰ একচত্ৰী শাসন পদ্ধতিত দলটো থকা সৰকা হৈ যায় । বিগত বহু কেইটা লোকসভা নিৰ্বাচনত অগপই এটাও সমষ্টিত নিজৰ প্ৰাৰ্থী জযী কৰাব নোৱাৰিলে । পঞ্চায়তৰ পৰা আৰম্ভ কৰি সংসদীয় সমষ্টি সকলোতে অগপৰ স্থিতি নাম মাত্ৰ বিশেষ্য । তৎস্বত্তেও অগপই সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা দুয়োখন চৰকাৰতে ভাল মন্ত্ৰীত্ব লাভ কৰিছে । বিজেপিৰ প্ৰথমখন চৰকাৰত অগপৰ মন্ত্ৰীৰ ক্ষমতা বিজেপিৰ বহু মন্ত্ৰীতকৈ অধিক আছিল । অগপ যদি আমি ধাৰণা কৰাৰ দৰে দুৰ্বল তেন্তে অগপৰ নেতা সকলে কিয় ইমান ক্ষমতা পায় ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাজনীতি অসমে আৰম্ভ কৰিছিল এক তদন্ত । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু বিজেপিৰ নীতি নিৰ্ধাৰক গোটৰ কাৰণে এটা কথা স্পষ্ট যে বাওঁপন্থী আৰু সংখ্যালঘু ভোটৰ ৰাজনীতিক ভৰষা কৰি আঞ্চলিকতাবাদৰ শ্লোগান দি জন্ম লোৱা ৰাইজৰ দল আৰু অজাপৰ উত্থান প্ৰতিহত কৰাৰ স্বাৰ্থত অগপক বিজেপিৰ লগত ৰখাতো জৰুৰী । কাৰণ অজাপ বা ৰাইজৰ দল যিয়েই নহওক , এই দল বিলাকে বাঘবৰ -দলগাওঁত ভোট নাপায় । যি ভোট পায় সেই ভোটখিনি উজনি বা অসমীয়াভাষী ভোটৰ পৰাই পায় । লাহে লাহে অসমৰ ৰাজনীতিৰ পৰা অপ্ৰাসংগিক হৈ থকা অগপক কিছু ইন্ধন যোগালে কেব আন্দোলনে । কেব আন্দোলন হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই যোৱা বিধানসভাত ৰিস্ক লবলৈ ভয় খালে আৰু যাৰ ফলশ্ৰুতিত অগপৰ গুৰুত্ব বৃদ্ধি পাইছিল । বিজেপিৰ দৰে ৰাষ্ট্ৰবাদী শক্তিৰ কাৰণে অখিল গগৈ আৰু লুৰিন জ্যোতি গগৈ আজিৰ তাৰিখত প্ৰত্যহ্বান । ব্যক্তি হিচাপে এই দুজন নেতাৰ শক্তি হ্ৰাস কৰিবলৈ বিজেপিৰ ট্ৰাম কাৰ্ড সমুজ্জল ভট্টাচাৰ্য্য আৰু ৰাইজৰ দল আৰু অজাপৰ মাইলেজ কমাই ৰাখিবলৈ বিজেপিৰ কাৰণে একমাত্ৰ অস্ত্ৰ অগপ ।