ৰাজস্থানৰ নতুন মুখ্যমন্ত্রী কোন?

861
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


প্ৰায় প্ৰতিটো অ’পিনিয়ন প’লে ৰাজস্থানত চৰকাৰ পৰিবৰ্তনৰ ইংগিত দিছে। এনেয়ো প্ৰতি ৫ বছৰৰ অন্ততঃ ৰাজস্থানত চৰকাৰ সলনি হয়। গতিকে অহামাহত হ’বলগীয়া নিৰ্বাচনত কংগ্ৰেছ পৰাস্ত হৈ বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পূৰ্ণ সম্ভাবনা আছে। এতিয়া প্ৰশ্ন হৈছে_ মুখ্যমন্ত্রী কোন হ’ব। মুখ্যমন্ত্রীৰ দাবীদাৰ বহুত। প্ৰাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে সিন্ধিয়া, কেন্দ্ৰীয় মন্ত্রী ক্ৰমে গজেন্দ্ৰ শেখাৱট, অৰ্জুন ৰাম মেঘৱাল, অশ্বিনী বৈঞ্চব,লোকসভাৰ অধ্যক্ষ ওম বিৰলা তথা ৰাজস্তান প্ৰদেশ বিজেপি অধ্যক্ষ চিপি জোশীৰ নাম এই তালিকাত আছে। এক জনক বাদ দি এই তালিকাত থকা সকলোৱে হাই কামাণ্ডৰ কথা মতে কাম কৰে। নিৰ্বাচনৰ পিছত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পালে হাইকামাণ্ডে যাকে সভাপতিৰ দায়িত্ব দিয়ে তেওঁকে স্বীকাৰ কৰি ল’ব এওঁলোকে। ব্যতিক্ৰম একমাত্র বসুন্ধৰা ৰাজে সিন্ধিয়া। ৰাজমাতাৰ আদৱানী- গাদকাৰীৰ লগত ভাল সম্পৰ্ক আছিল। মোদী-শ্বাহৰ লগত এওঁৰ কোনোদিনে ৰাহি জোৰা মিলা নাই। ৰাজস্তানত তেওঁ নিজৰ এটা গ্ৰুপ তৈয়াৰ কৰাৰ বাবে প্ৰয়াস কৰি আছে। ৰাজেক তক্কৰ দিয়াৰ বাবে বিজেপিয়ে আন এজন মহিলা বিচাৰি পাইছে যাৰ নাম দিয়া কুমাৰী। বসুন্ধৰা ৰাজেৰ দৰে দিয়া কুমাৰীও ৰাজ পৰিয়ালৰ পৰা অহা। ৰাইজৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতাও প্ৰচুৰ পৰিমাণে আছে। হাইকামাণ্ডে দিয়া কুমাৰীক আগুৱাই দি ৰাজেক বেকফুটত অনাৰ চেষ্টা কৰিছে। দেখা যাওক এই প্ৰয়াস কিমান সফল হয়।