- ৰিতু তালুকদাৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ সভাপতি নবীন পাটনায়কক তেওঁৰ ঘনিষ্ঠ সহযোগী ভি কাৰ্তিকেয়ান পাণ্ডিয়ানে পণবন্দী কৰি ৰাখিছে । পাণ্ডিয়ানে যোগান ধৰা কাগজ পঢ়িহে নবীন পাটনায়কে বক্তব্য দিব পাৰে ।
‘পাণ্ডিয়ানে পণবন্দী কৰি ৰাখিছে উৰিষ্যাৰ মুখ্যমন্ত্ৰীক। মাত্ৰ কিছুমান জ্যেষ্ঠ নাগৰিক আৰু বুদ্ধিজীৱীক ১০ মিনিটৰ বাবে তেওঁক অকলে লগ কৰিবলৈ দিয়ক , তেতিয়া জনতাই দেখিব যে নবীন বাবুৱে কিদৰে কান্দি উঠিব ” __হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ।
উৰিষ্যাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা ৩০ জন তাৰকা প্ৰচাৰকসকলৰ ভিতৰত অন্যতম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
তেওঁ লগতে কয় যে নবীন পাটনাইক দেশৰ একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে অকলে আনৰ লগত কথা পাতিব নোৱাৰে।
পাণ্ডিয়ানক উৰিষ্যাৰ সকলো সম্পদ নিয়ন্ত্ৰণ কৰাৰ অভিযোগ উত্থাপন কৰি শৰ্মাই কয় যে ৰাজ্যত ক্ষমতালৈ অহাৰ পিছত বিজেপিয়ে তেওঁৰ পৰা এই সকলো সম্পদ মুকলি কৰি দিব।
‘আচলতে ভি কে পাণ্ডিয়ান ইয়াত বাস্তৱিক মুখ্যমন্ত্ৰী আৰু তেওঁ নবীন বাবুক নথি-পত্ৰত চহী কৰায়। তামিলনাডুত জন্ম গ্ৰহণ কৰা পাণ্ডিয়ানে উৰিষ্যাত বহু বছৰ আই.এ.এছ বিষয়া হিচাপে কাৰ্য্যৰত হৈ পিছত বিজু জনতা দলত যোগদান কৰে। পাণ্ডিয়ানৰ পত্নী এগৰাকী ওৰিয়া মহিলা। মোদী, শ্বাহ আৰু শৰ্মাই নবীন পাটনায়কক আক্ৰমণ কৰাৰ পৰা বিৰত আছে। তেওঁলোকে উৰিষ্যাত ভিলেইন সজাইছে পাণ্ডিয়ানক। নবীন বাবুক যেতিয়া মুখ্যমন্ত্রীৰ চকীৰ পৰা আতৰোৱাৰ ষড়যন্ত্র চলিছিল সেই সময়ত তেওঁক পাণ্ডিয়ানে ৰক্ষা কৰিছিল। তেতিয়াৰ পৰাই পাণ্ডিয়ান তেওঁৰ সকলোতকৈ বিশ্বাসভাজন ব্যক্তি। বিজেপিয়ে আনকি অভিযোগ কৰিছে যে পাণ্ডিয়ানে উৰিষ্যাৰ মন্দিৰৰ ছাবি তামিলনাডুত ৰাখি আহিছে।
হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেডি নাথাকিব কিয়নো আত্মসন্মান থকাসকলে বিজেপিত যোগদান কৰিব । নিৰ্বাচনত বিজেডিৰ বিধায়ক-মন্ত্ৰী পৰাজিত হোৱাৰ পিছতেই বিজেডি ভাঙি পেলোৱা হ’ব। আমি পাণ্ডিয়ানক আঁতৰাই ৰাজ্যত এজন উৰিষ্যাৰ স্বাভিমানী মুখ্যমন্ত্ৰীক ৰাজ্যৰ নেতৃত্ব দিব বিচাৰো । বিজু জনতা দল গঠন কৰিছিল বিজেপিয়ে। এতিয়া ইয়াক নিঃশেষো কৰিব নেকি বিজেপিয়ে। সকলো সময়ে ক’ব।