ডিব্ৰুগড়ত সোণোৱালৰ ৪ লাখত অগ্ৰগতি

560
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসমত নিৰ্বাচন শেহ হ’ল। অহা ৪ জুনত হ’ব ভোটগণনা। প্ৰতিবাৰৰ দৰে এইবাৰো টেলিভিছনত ভুমুকি মাৰিছে বহু অংক মাষ্টৰে। ২০১৪ত এওঁলোকৰ পূৰ্মানুমান ভুল আছিল। ২০১৬,২০১৯ আৰু ২০২১তো ৰাজনৈতিক বতাহৰ গতি নিৰ্ধাৰণ কৰাত চুড়ান্ত ভাবে ব্যৰ্থ হৈছিল। প্ৰতিবাৰ ভুল পুৰ্বানুমান কৰাৰ পিছতো অতি সাহসেৰে পুনৰবাৰ আহিছে ৰাইজক আগতীয়াকৈ ফলাফল জনাবলৈ। তেওঁলোকৰ পুৰ্বানুমান তথ্যৰ আধাৰত নহয় তেওঁলোকৰ মনৰ ইচ্ছাৰ আধাৰত হয়। এই জাতিৰ মানুহে কেৱল সেইসকল লোককে লগ পায় যাৰ কথা শুনি তেওঁলোকৰ কাণখনে শান্তি পায়। এওঁলোক পুনৰ আহিব ২০২৬ত ।

এতিয়া আহো অসমৰ নিৰ্বাচনী ফলাফললৈ। অসমৰ মুছলমানে একচেটিয়াকৈ কংগ্ৰেছক ভোট দিছে। ফলত ধুবুৰী, নগাওঁ আৰু কৰিমগঞ্জ কংগ্ৰেছৰ নিশ্চিত আসন। বিজেপিয়েও তাক স্বীকাৰ কৰিছে। তেজপুৰ, বৰপেটা, কাজিৰঙা, শিলচৰ ডিফু, লক্ষিমপুৰ আৰু দৰং-ওদালগুৰিৰ কথা বিৰোধীয়ে মুখত অনা নাই। এই দহটা সমষ্টিত ইতিমধ্যে শাসক-বিৰোধীৰ বুজাবুজি হৈ গৈছে। বাকী থাকিল ৪টা সমষ্টি। বেছিভাগ বিশ্লেষক আৰু বিৰোধী নেতাৰ মতে গুৱাহাটী আৰু ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা হৈছে। ডিব্ৰুগড়ত মুলত তিনি প্ৰকাৰৰ ভোটাৰ আছে; চাহ জনগোষ্ঠী, হিন্দীভাষী আৰু বৰ্ণহিন্দু। ইয়াৰ লগতে আছে কিছু পৰিমানে আহোম আৰু জনজাতীয় ভোট। এতিয়া কথা হ’ল লুৰিণ জ্যোতি গগৈয়ে কাৰ ভোট পাব? হিন্দী ভাষীয়ে তেওঁক ভোট নিদিয়ে। মনোজ ধানোৱাৰক উঠালেও বিজেপিৰ ভোট ভাগ নহয়। চাহ জনগোষ্ঠীয়ে আজিকালি কেৱল পদুমৰ ছবিত ভোট দিয়ে। ৰাষ্ট্ৰীয়তাবাদী আৰু হিন্দুত্বৰ আবেগ থকা বৰ্ণহিন্দু খিনিৰ বাবে মোদী হ’ল নায়ক। জনজাতীয়খিনিৰ আপোন সৰ্বানন্দ সোণোৱাল। অকল আহোমৰ ৫০ হাজাৰমান ভোট লুৰিণে পাব পাৰে। সৰ্বানন্দ সোণোৱালৰ হাতত ৪ লাখৰ বেছি ব্যৱধানত পৰাজিত হ’ব লুৰিণ। এতিয়া আহিছো গুৱাহাটীলৈ। ইয়াৰে চমৰীয়া সমষ্টিত থকা ২ লাখ মুছলমানে মীৰা বৰঠাকুৰক লিড দিব। তাক বাদ দি গোটেইকেইটা সমষ্টি গোৱালপাৰা পশ্চিম, দুধনৈ,বকো-ছয়গাও, পলাশবাৰী, দিশপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, মধ্য গুৱাহাটী, জালুকবাৰী সকলোতে বিজুলী কলিতা মেধিয়ে অগ্ৰগতি লাভ কৰিব। ফলত গুৱাহাটীৰ পৰা বিজেপি ২.৫ লাখ ভোটত জয়ী হ’ব। যোৰহাটত মাজুলী আৰু মৰিয়ণিয়ে বিজেপিক বৃহৎ অগ্ৰগতি দিব। কংগ্ৰেছে তিতাবৰ বা নাজিৰাৰে তাক মেক আপ কৰিব নোৱাৰে। গৌৰৱ গগৈ ১ লাখৰ অধিক ভোটত পৰাজিত হ’ব। অসমৰ সকলোতকৈ জটিল সমষ্টি হ’ল কোকৰাঝাৰ। মুছলমানে কংগ্ৰেছ নে বিপিএফক দিছে?অনা বড়োৱে কাক ভোট দিলে ইত্যাদি বহু সমীকৰণ আছে। ইউপিপিএল তাত আগবাঢ়ি থকা বুলি শুনিছো যদিও খাটাংকৈ একো ক’ব নোৱাৰি।