- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
যোৱা ৫ বছৰ বিজেপিৰ লগত বুজাবুজি কৰি চলিছিল উৰিষ্যাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক আৰু অন্ধ্ৰৰ মুখ্যমন্ত্রী জগন ৰেদ্দীয়ে। ৰাজ্যসভাত এনদিএক বহু বিধেয়ক পাৰিত কৰাত তেওঁলোকে সহায় কৰিছিল। আজি সেই দুজন নেতাৰে নিজৰ ৰাজ্যত অবস্থা তথৈবচ। উৰিষ্যাৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজু পাটনায়কৰ পুত্র নবীন পাটনায়কে বিজু জনতা দল গঠন কৰি বিজেপিৰ লগত মিত্রতা কৰি ২০০০ চনত প্ৰথম বাৰ উৰিষ্যাৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিছিল। বিজু জনতা দল গঠন কৰাত আগফাগ লৈছিল আদৱানী আৰু প্ৰমোদ মহাজনে। বেজেপিয়ে অৰ্থনৈতিক ভাবেও তেওঁলোকক সহায় কৰিছিল। ২০১১ চনত বিজেপি দলৰ সৈতে তেওঁ সম্বন্ধ ত্যাগ কৰি অকলে নিৰ্বাচন খেলে। একেৰাহে ২৪ বছৰ মুখ্যমন্ত্রী হৈ থকাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পাটনায়ক। তেওঁৰ বয়স ৭৭ বছৰ। তেওঁৰ কোনো ৰাজনৈতিক উত্তৰাধিকাৰী নাই। তেওঁ বিজেদিৰ কোনো নেতা মন্ত্রীক বেছি শক্তি নিদিলে। জয় পাণ্ডাৰ দৰে যোগ্য ব্যক্তিক দলৰ পৰা উলিয়াই দিলে। এতিয়া নবীন বাবুৰ স্বাস্হ্য বেয়া। তাত চৰকাৰ চলাই আছে পাণ্ডিয়ান নামৰ তামিল আই.এ.এছ বিষয়া এজনে। নবীন পাটনায়কে ইচ্ছা কৰিছিল বিজেপিৰ সৈতে মিত্রতা কৰিবলৈ। কিন্তু বিজেপিয়ে এইবাৰ ইচ্ছা নকৰিলে। ধৰ্মেন্দ্ৰ প্ৰধান, সম্বিত পাত্রাকে আদি কৰি বিজেপিৰ আগশাৰীৰ নেতাসকলে উৰিষ্যাত নিৰ্বাচন খেলিছে। ৰাজনৈতিক বিশ্লেষক সকলৰ মতে এইবাৰ লোকসভা নিৰ্বাচনত বিজেদিতকৈ বিজেপিয়ে বেছি আসন পাব। উৰিষ্যাত লোকসভাৰ সমান্তৰালকৈ বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব। ৰাইজৰ অপ্ৰিয় হৈ পৰা বিজেদি দলৰ চৰকাৰৰ এইবাৰ অন্ত হ’ব বুলি ৰাজনৈতিক বিশ্লেষক মহলে বিশ্বাস কৰে। পৰাজিত হ’লে নবীন পাটনায়কৰ ৰাজনৈতিক কেৰিয়াৰৰো ইমানতে অন্ত হ’ব।
উৰিষ্যাৰ লগতে অন্ধ্ৰ প্ৰদেশতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। নবীন পাটনায়কৰ দৰে অন্ধ্ৰৰ মুখ্যমন্ত্রী জগন এজন প্ৰাক্তন মুখ্যমন্ত্রীৰ সন্তান। ২০১৯ত ব্যাপক জনসমৰ্থন লাভ কৰা জগনৰ বহু কাৰ্য্যই ৰাইজক ক্ৰোধান্নিত কৰিছে। বিজেপিয়ে টিডিপি আৰু অভিনেতা পৱন কল্যানৰ জনসেনাৰ লগত মিত্রতা কৰিছে। আমি পোৱা খৱৰ অনুসৰি অন্ধ্ৰত পৰিবৰ্তনৰ বতাহ বৈছে। এইবাৰ চন্দ্ৰবাবু বাবুৰ নেতৃত্বত তাত চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত।
এইবাৰ লোকসভাৰ লগত অনুষ্ঠিত হোৱা দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে ভাল খৱৰ আহিব পাৰে।