- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনা অনুস্থিত হ’ব। সেইদিনা গম পোৱা যাব দেশৰ পৰবৰ্তী প্ৰধানমন্ত্রী কোন হ’ব? তাৰ আগতে ১ জুনত প্ৰকাশ পাব এগজিত প’ল। ১ জুনতেই প্ৰায় গম পোৱা যাব কোন দলে পাব কিমান আসন। ১ জুনৰ আগতেই বিভিন্ন ৰাজনৈতিক বিশ্লেষকে আৰম্ভ কৰিছে ভবিষ্যতবাণী। ভাৰতত এগজিত প’লৰ আৰম্ভণি কৰা যোগেন্দ্ৰ যাদৱৰ মতে বিজেপিয়ে অকলে পাব ২৪০-২৬০ খন আসন। প্ৰশান্ত কিশোৰে ভবিষ্যতবাণী কৰিছে যে বিজেপিয়ে ৩০৩তকৈ অধিক আসন পাব। প্ৰদীপ সিংৰ মতে বিজেপিয়ে লাভ কৰিব ৩৫০ খন আসন। হৰ্ষবৰ্ধন ত্রিপাথীয়ে বিজেপিক অকলে ৩৭০খন আসন দিছে। এই সকলো বিশ্লেষকে এটা কথাত সন্মত হৈছে যে মোদী পুনৰ দেশৰ প্ৰধানমন্ত্রী হ’ব। নিৰ্বাচন আৰম্ভ হোৱাৰ আগতে কৰা প্ৰায়বোৰ অ’পিনিয়ন প’লত স্পষ্টভাবে বিজেপিক এদভানটেজ দিয়া হৈছিল। নিৰ্বাচন চলি থকা সময়ত বহু বিশ্লেষকে কৈছিল যে বিজেপিৰ বাবে নিৰ্বাচন সহজ নহয়। ভোটদানৰ হাৰ কম হৈছে, ষ্টক একছেঞ্জ নামিছে, মোদীৰ জনপ্ৰিয়তা কমিছে, মহাৰাষ্ট্ৰ-কৰ্ণাটকত আসন কম হ’ব আদি বিভিন্ন যুক্তি দি নিৰ্বাচনক আকৰ্ষণীয় কৰাৰ চেষ্টা কৰিছিল টেলিভিছন চেনেলবোৰে। অৱশ্যে তেওঁলোকৰ কোনো উপায় নাই। সহজ নিৰ্বাচন বুলি ক’লে টিআৰপি কেনেকৈ আহিব? কিন্তু এগজিট প’ল কাষ চপাৰ লগে লগে সকলোৱে সচা কথা ক’বলৈ বাধ্য হৈছে। ১ জুনৰ পিছত এই বিশ্লেষক সকলৰ কথা আৰু কোনোও নুশুনে। আমি আচৰিত নহ’ম যদি সকলোবোৰে চেনেলে এগজিত প’লত মোদীৰ বিজেপিক অকলে ৩০০ৰ পৰা ৩৭০খন আসন দিয়ে। বিজেপিয়ে অকলে ৪০% ভোট পাব পাৰে। তাৰ মানে প্ৰতি দহজন ভোটাৰৰ ৬ জনে মোদীৰ বিৰূদ্ধে কথা ক’ব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোদী পৰাজিত হ’ব। ৰামমন্দিৰ,৩৭০ আদিক লৈ দেশত এটা নীৰৱ লহৰ চলিছে মোদীৰ সমৰ্থনত। তাৰ বিপৰতে বিৰোধী প্ৰায় নিস্প্ৰভ। আমিও নিশ্চিত যে মোদী তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰি কিছু কঠোৰ সিদ্ধান্ত ল’ব। ২০১৯ৰ এগজিত প’লৰ দিনা যোগেন্দ্ৰ যাদৱে কৈছিল “congress must die”। এইবাৰ যাদৱে কি বুলি ক’ব?