- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
এইবছৰ ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচন অনুস্থিত হ’ব। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডত বিজেপিৰ সহ-প্ৰভাৰীৰ দায়িত্বত আছে তথা সকলো নিৰ্বাচনী কামকাজ চোৱা চিতা কৰি আছে। যোৱা লোকসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকে ইয়াৰ পৰা ৫ খন আসন লাভ কৰিবলৈ সক্ষম হয়। ২০১৯ৰ তুলনাত ৩ খন বেছি। লক্ষ্যনীয় যে এই ৫ খন আসন তেওঁলোকে আদিবাসী বেল্টত লাভ কৰিবলৈ সক্ষম হয়। এইটোৱে প্ৰমাণ কৰে যে আদিবাসী সকলৰ মাজত তেওঁলোকৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰাকলৈ অসন্তুষ্টি আছে। ইয়ে বিজেপিৰ আদিবাসী নেতা বাবুলাল মাৰাণ্ডী আৰু অৰ্জুন মুণ্ডাৰ ব্যৰ্থতাকো সুচিত কৰে। ঝাৰখণ্ডত আদিবাসী প্ৰায় ২৬%। আদবাসী, অনুসুচিত জাতি আৰু মুছলমান মিলি প্ৰায় ৫০% হ’ব। ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ইণ্ডিয়া ব্লকে আশা কৰিছে যে তেওঁলোকে এই ভোটখিনি লাভ কৰি চৰকাৰ গঠন কৰিব। আনফালে বিজেপিয়ে ঝাৰখণ্ডৰ Tiger চম্পাই চোৰেনক দলত যোগদান কৰাই আদিবাসী সকলৰ মাজত নিজৰ শক্তি বৃদ্ধি কৰিছে। হেমন্ত চোৰেন জেলত থকা সময়ত চম্পাই চোৰেনক তাৰ মুখ্যমন্ত্রী পতা হৈছিল। কিন্তু হেমন্ত চোৰেন জেলৰ পৰা ওলাই যি ধৰণে চম্পাই চোৰেনক মুখ্যমন্ত্রীৰ চকীৰ পৰা আতৰাই আনিলে তাত তেওঁ অপমানিত বোধ কৰিলে। ঝাৰখণ্ড ৰাজ্য গঠন আন্দোলনত চম্পাই চোৰেনৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে। চম্পাই চোৰেনৰ যোগদানে বিজেপি কৰ্মী সকলক উৎসাহিত কৰিছে। সদ্যহতে ঝাৰখণ্ডত বহু আদিবাসী খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। বিজেপিয়ে ইয়াকো ৰাজনৈতিক ইছু কৰিছে। আনহাটে ৰাজ্যৰ নিবনুৱা সমস্যা , মহিলা সবলীকৰণ আদিকলৈও বিজেপি নেতাসকলে বক্তব্য ৰাখিছে। মুঠৰ ওপৰত এইবাৰ ঝাৰখণ্ডৰ নিৰ্বাচনত দুয়োতা দলৰ বাবে প্ৰত্যাহ্বানৰ হ’ব। সৰু দল যেনে AJSU আদিয়ে কাৰ ভোট বিভাজন কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব নিৰ্বাচনী ফলাফল।