মুখ্যমন্ত্রীৰ ১০ দিনত ১.৫ মিলিয়ন ভিউজ

923
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


এজন ৰাজনেতাৰ জনপ্ৰিয়তাৰ উমান পাবলৈ বিভিন্ন সংস্থাই সময়ে সময়ে সমীক্ষা চলায়। এই সমীক্ষা বোৰত ৰাইজৰ মতামতৰ ভিত্তিত জনপ্ৰিয়তাৰ উমান পোৱা যায়। এই প্ৰক্ৰিয়াটো কিছু দিঘলীয়া হয়। ইয়াৰ উপৰিও বহুতো সময়ত ভুল ভ্ৰান্তি হোৱাৰো সম্ভাবনা থাকে। আজিকালি সকলোতকৈ সহজভাবে এজন ৰাজনেতা তথা যিকোনো তাৰকাৰে জনপ্ৰিয়তাৰ উমান পোৱা যায় ইউটিউবত। সাক্ষাৎকাৰৰ ভিউজৰ সংখ্যাৰ পৰা ওলাই পৰে এজন ব্যক্তিৰ জনপ্ৰিয়তা কিমান। ১৭ ছেপ্তেম্বৰত ৰিপাব্লিক ভাৰতৰ চামিত অনুষ্ঠিত হয়। তাত বিভিন্ন ক্ষেত্রৰ লগত জড়িত থকা বিশিষ্ট ব্যক্তিসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়। এই চামিতৰ মুখ্য আকৰ্ষন আছিল অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। আন এজন অসম সন্তান অৰ্ণব গোস্বামীৰ সৈতে ৫৫ মিনিট ধৰি চলা সাক্ষাৎকাৰটো ৰাইজে খুব পচন্দ কৰে। ২৭ চেপ্তেম্বৰলৈকে ১০ দিনত ভিউজ হয় ১.৫ মিলিয়ন ( ১৫ লাখ) । এই একেখন চামিতৰ আন সাক্ষাৎকাৰ বোৰৰ ভিউজ এনেকুৱা ধৰণৰ

স্মৃতি ইৰাণীঃ ৫ লাখ
অনুপম খেৰঃ ৩ লাখ
ৰাজনাথ সিং ঃ ৮৮ হাজাৰ
পিযুষ গোৱেলঃ ৫৬ হাজাৰ
অচাদুদ্দিন ওৱেছিঃ ৭৫ হাজাৰ
অনুৰাগ ঠাকুৰঃ ৬৪ হাজাৰ
মনোহৰ লাল খট্টৰঃ ৪০ হাজাৰ
জিতেন্দ্ৰ সিং ঃ ৩৫ হাজাৰ
শিৱৰাজ সিং চৌহানঃ ১৪ হাজাৰ
পুস্কৰ সিং ধামীঃ ১৩ হাজাৰ

ইয়াৰ পৰা স্পষ্টকৈ প্ৰমাণ হয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা ৰাজনাথ সিং বা স্মৃতি ইৰাণীতকৈও বেছি। সেইবাবে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎকাৰ লবলৈ হেতা ওপৰা লাগিছে। যোৱা একবছৰত ড° শৰ্মাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হোৱা সাক্ষাৎকাৰবোৰৰ ভিউজ এনেকুৱাঃ

নিউজ ১৮ঃ ১.১ মিলিয়ন( ৯ মাহ পূৰ্বে)
এবিপিঃ ৮ লাখ ( ৩ সপ্তাহ পূৰ্বে)
আজটকঃ ৯.৫ লাখ (৯ দিন পূৰ্বে)

হিমন্ত বিশ্ব শৰ্মাক হিন্দুত্বৰ নতুন পোষ্টাৰ বয় হিচাপে নামাকৰণ কৰা হৈছে। কেৰেলাৰ পৰা উত্তৰপ্ৰদেশলৈ সকলোতে ড° শৰ্মাৰ অসংখ্য অনুৰাগী। কোনোবাই যদি তেওঁক ভাবী প্ৰধানমন্ত্রী বুলি কৈছে কোনোবাই আকৌ ভাবী গৃহমন্ত্রী বুলি সম্বোধন কৰিছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা গোটেই দেশতে বৃদ্ধি পাইছে আৰু তেখেত বৰ্তমান মোদী, যোগীৰ পিছতে ৩ নম্বৰ স্থানত আছে। ৬ মাহ আগৰ যোগীৰ দুটা সাক্ষাৎকাৰে ৬ মিলিয়ন ভিউজ পাইছে ( ইণ্ডিয়া টিভি আৰু লল্লনটপ)। মোদীয়ে সদ্যহতে কোনো সাক্ষাৎকাৰৰ মুখামুখি হোৱা নাই। তিনি বছৰ আগৰ মোদীৰ ইণ্ডিয়া টিভিৰ সাক্ষাৎকাৰ এটাই লাভ কৰিছিল ২৮ মিলিয়ন ভিউজ। উল্লেখযোগ্য যে নিজৰ গুৰু অমিত শ্বাহক জনপ্ৰিয়তাৰ ক্ষেত্রত পিছ পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। যোৱা দুই বছৰত শ্বাহে ১ মিলিয়ন ভিউজ কোনো এটা সাক্ষাৎকাৰতে পাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে ড° শৰ্মাৰ এই জনপ্ৰিয়তা অসমবাসীৰ বাবে শুভ সংবাদ। এজন শক্তিশালী মুখ্যমন্ত্রী থাকিলে সকলো স্তৰৰ লোকৰ উন্নতি হ’ব আৰু অসমখন প্ৰগতিৰ দিশত আগুৱাই যাব।