‌অমিত শ্বাহৰ পিএফআইৰ ওপৰত হাল্লাবোল

658

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া চমুকৈ পিএফআইৰ জন্ম হৈছিল ২০০৬ চনত। মুছলমানৰ হিতৰ বাবে গঠন কৰা এই সংস্থাটো জন্ম পাইছিল তিনিটা মুছলমান সংগঠনৰ একত্রীকৰণৰ ফলত। আন দুটা সংগঠন আছিল কৰ্ণাটক ফৰাম অফ দিগ্নিটী আৰু নেচনেল দেভেলপমেন্ট ফ্ৰন্ট। সময় সময়ে আৰু বহুতো মুছলমান সংগঠন পিএফআইত বিলীন হৈছিল। এই বেছিভাগেই আছিল ১৯৯২চনত বাবৰি মহজিদ ধ্বংস হোৱাৰ পিছত গঠন হোৱা। কেৰেলাৰ পৰা নিয়ন্ত্রিত সংগঠনটোৰ অসমকে ধৰি উত্তৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিমবংগ আদিতো প্ৰভাব আছে। এই সংগঠনটি জন্মৰে পৰা বিতৰ্কৰ আবৰ্তত আছে। জোৰকৈ ধৰ্মান্তৰণ, দেশবিৰোধীৰ পৰা চান্দা লোৱা, বোমা বোস্ফোৰণ আদি বহুতো অভিযোগ। এবাৰ কেৰেলাত যোচেফ নামৰ শিক্ষক এজনে হজৰত মহম্মদৰ ওপৰত ক্লাচত প্ৰশ্ন কৰিছিল। ইয়াৰ বাবে অসন্তুষ্ট হৈ তেওঁৰ হাত এখন কাটি দিয়া হৈছিল। অভিযোগৰ আঙুলি উঠিছিল পিএফআইলৈ। মুছলমান লৰা কিছুমানে আইএছআইএছত যোগদানৰ বাবে ট্ৰেইনিং দিয়া বুলিও অভিযোগ আছে। এওলোকৰ বহুতো সদস্যক মাৰনাস্ত্র নিৰ্মান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কেৰেলাৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্রী ওমান ছেন্দীয়ে কৈছিল যে পিএফআই দুধৰ্ষ ইছলামিক সংগঠন চিমিৰ আন এক অবতাৰ। চিমিৰ ওপৰত প্ৰতিবন্ধকতা লগাৰ সময়ত বহুতো সদস্যই পিএফআইত যোগদান কৰিছিল। পিএফআইৰ ওপৰত বহু অভিযোগ আছে যদিও আদালতত আজিলকৈ ভালদৰে প্ৰমাণ হোৱা নাই। সেইবাবে ভাৰত চৰকাৰে পিএফআইৰ ওপৰত প্ৰতিবন্ধকতা লগাব পৰা নাই। এই মাহত গৃহমন্ত্রীৰ এনআইএৰ সৈতে বৈঠকৰ পিছত শতাধিক পিএফআইৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত আমাৰ অসমৰো কেইজনমান আছে। চৰকাৰে হয়তো এইবাৰ পিএফআইৰ দেশ বিৰোধী কামৰ বিৰূদ্ধে তথ্য প্ৰমাণ গোটাবলৈ সক্ষম হৈছে।  অমিত শ্বাহ যিহেতু গৃহমন্ত্রী সেয়েহে আনে নোৱাৰা কাম এটা তেওঁ কৰি পেলালে। পিএফআইক ৫ বছৰৰ বাবে নিষিদ্ধ কৰা হ’ল। এতিয়া চৰকাৰে লক্ষ্য কৰিব যে পিএফআইৰ নেতাসকলে যাতে অন্য নতুন সংস্থা এটা খুলি দেশ বিৰোধী কাৰ্য্যকলাপ চলাই যাব নোৱাৰে।