(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )
কমেডি ডেক্স: ৰাজনীতি অসম
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
মামা ব্যস্ত অৰ্ণৱ গোস্বামী, অঞ্জনা ওম কাশ্যপ, ৰুবিকা লিয়াকট হতক টি.আৰ.পি যোগান ধৰাত। মামাৰ আজিকালি অসমীয়া চেনেলত সাক্ষাৎকাৰ দেখিবলৈকে নাপাও। মনত অবশ্যে কোনো আখেজ নাই। আজটক, এবিপি আদিত অসমীয়া মানুহ এজন দপদপাই থাকিলে কিবা বুকুখন ওফোন্দি অহা যেন পাও। মামাক আজটক নামৰ চেনেলটোৱে থাৰ্ড ডিগ্ৰী পৰ্য্যন্ত দিলে। তিনিজন সাংবাদিকে মিলি মামাক প্ৰশ্নৰে ব্যতিব্যস্ত কৰিলে কিন্তু হৰুৱাব নোৱাৰিলে। মামা ফুল ফৰ্মত। মামাৰ দেহত যেন লাচিত বৰফুকনৰ আত্মা সোমাইছিল। প্ৰতিটো বলতে চিক্সাৰ। উত্তৰ প্ৰদেশৰ এজন মানুহে কমেন্টত লেখিলে _ এনে লাগিছে যেন এজন শিক্ষকে তিনিজনৰ ক্লাছ লৈ আছে। ক্লাছ লোৱা তিনিজনেই ভাৰতৰ আগশাৰীৰ সাংবাদিক। মামাৰ বুদ্ধিমত্তা দেখি শ্বেতা সিংএ বাৰে বাৰে মিচিকিয়াই হাঁহিছে। নাহাঁহিবই বা কিয়, মামাৰ উত্তৰবোৰ কিবা বেলেগ ধৰণৰ। একেবাৰে জাগাত দিয়ে। অসমত বহু বাংলাদেশী মুলৰ মুছলমান আইনৰ যোগেদি ভাৰতীয় হ’ব পাৰে কিন্তু তেওঁলোকে যদি ভাৰতমাতাৰ জয় বুলি কয় তেতিয়াহে আত্মিকভাবে ভাৰতীয় হ’ব। মামাৰ এইডাইলগবোৰ শুনি গোটেই ভাৰতৰ মানুহে অভিভূত হৈ পৰিছে। আনকি নেপাল আদিৰ পৰাও মামাক প্ৰশংসাৰে ওপচাই পেলাইছে। যোগীৰ সমৰ্থকসলেও মামাৰ অনুৰাগী হৈ পৰিছে। তেওঁলোকে অবশ্যে মামাক দেশৰ গৃহমন্ত্রীৰ ৰূপত চাব বিচাৰে কাৰণ প্ৰধানমন্ত্রীৰ আসনখন ইতিমধ্যে যোগীৰ বাবে সংৰক্ষণ কৰি ৰাখিছে। মামাৰ হিন্দীও আজিকালি জবৰদস্ত হৈছে। হিন্দীৰ ফাকে ফাকে এতনা, কেতনা, জোনাব, পতাকা আদি কিছুমান শব্দৰ পয়োভৰৰে মামাই হিন্দীক আৰু মিঠা কৰি পেলাইছে। মানুহজনৰ অন্তৰত এতিয়াও জাতীয়তাবাদ অটুট আছে। এটা বিশেষ শ্ৰেণীৰ মানুহ কিন্তু এই সাক্ষাৎকাৰৰ পিছত মামাৰ ওপৰত খৰ্গহস্ত হৈছে। মামাক যেতিয়াই মাদ্ৰাছাৰ বিষয়ে প্ৰশ্ন কৰে মামাই কয় যে তাত পঢ়িলে ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰে। ইয়াকে লৈ নাৰাজ উকিল, হাকিম, পুলিছ, শিক্ষক,প্ৰফেছাৰ, এলআইচি ডেভেলাপমেন্ট অফিছাৰ, কেৰাণী, সাংবাদিক, ঠিকাদাৰ, ব্যৱসায়ী সকলো। আনকি জন্তুৰ ডাক্তৰ আৰু হোমিওপেথিৰ ডাক্তৰসকলো অসন্ত্তষ্ট। মামাৰ ডাক্তৰ- ইঞ্জিনিয়াৰ প্ৰীতি এইসকল মানুহে ভাল পোৱা নাই। কাজিৰঙাত ৰাতি জিপছী চলোৱাৰ বাবে কিছুমানে মুখ্যমন্ত্রীৰ ওপৰত কেছ দিছিল। শুনামতে ডাক্তৰ-ইঞ্জিনিয়াৰৰ বাদে আন প্ৰফেচনৰ লোকসকলেও কিছুদিনৰ ভিতৰত এটা কেছ ৰুজু কৰিব পাৰে। বিশেষ সুত্রৰ পৰা পোৱা খৱৰ অনুসৰি অসমত অতি শীঘ্ৰে গঠন হ’ব অডাক্তৰ-ইঞ্জিনিয়াৰ সংস্থা। তেওঁলোকক কৰা অপমানৰ বাবে ধৰ্মঘট, অনশন আৰু অসম বন্ধৰ দৰে কাৰ্য্যসুচী গ্ৰহণ কৰা হ’ব।