স্বাধীনতা সংগ্ৰামৰ নায়কসকলে স্বীকৃতি নাপালে

695
  • ক্ষীতিশ চন্দ্ৰ মিশ্ৰ (মুল: ৰজত কান্তি দাস)

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


১৯৪৩ চনৰ ২১ অক্টোবৰ । অবিভক্ত ভাৰত। নেতাজী সুভাষ চন্দ্ৰ বসুৱে চিংগাপুৰত ভাৰতৰ প্ৰথম জাতীয় চৰকাৰ, #আজাদ_হিন্দ_চৰকাৰ গঠন কৰিছিল। বিশ্বৰ এঘাৰখন দেশে এই চৰকাৰখনলৈ নিজৰ সমৰ্থন ব্যক্ত কৰিছিল। ইয়াৰ পিছৰ বছৰটোতেই ১৪ আগষ্টত কৰ্ণেল চৌকৎ আলী মালিকৰ নেতৃত্বত আজাদ হিন্দ ফৌজৰ ব্ৰিগেডে ভাৰত-ব্ৰহ্মদেশ সীমান্তৰ মণিপুৰ ৰাজ্যৰ মইৰাঙ চহৰখন বৃটিছৰ হাতৰ পৰা দখলমুক্ত কৰিবলৈ সমৰ্থ হৈছিল। তিনি বছৰ পূৰ্ব্বে অখন্ড ভাৰতৰ প্ৰথম স্বাধীন চৰকাৰ স্থাপনৰ ৭৫তম বাৰ্ষিকী পালন কৰা হৈছিল।
নেতাজীৰ আজাদ হিন্দ ফৌজত আছিল প্ৰায় ষাঠি হাজাৰ সৈনিক। এই সৈনিক সকলৰ অধিকাংশই আছিল জাপানে যুদ্ধত বন্দী কৰা ৰয়েল ইন্ডিয়ান আৰ্মীৰ ভাৰতীয় যুদ্ধবন্দী সৈনিক। বৃটিছ আৰ্মীত পেটৰ দায়ত চাকৰি কৰিলেও তেওঁলোক কিন্তু আছিল মনে প্ৰাণে ভাৰতীয়। ৰাসবিহাৰী বসুৱে এইসকল ভাৰতীয় যুদ্ধবন্দীক লৈয়ে গঠন কৰিছিল আজাদ হিন্দ ফৌজ। সেই সময়তে এখন চাবমেৰিন জাৰ্ম্মানীৰ পৰা জাপানৰ কাষৰীয়া এটি দ্বীপলৈ আহিছিল আৰু এই চাবমেৰিনখনতে‌ আজাদ হিন্দ ফৌজক নেতৃত্ব দিবলৈ জাৰ্ম্মানীৰ পৰা আহি‌ ওলাইছিল সুভাষ চন্দ্ৰ বসু।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৃটিছৰ বিৰুদ্ধে যুঁজিবলৈ গৈ আজাদ হিন্দ ফৌজৰ চাব্বিশ হাজাৰ সৈন্য ছহীদ হৈছিল। আজাদ হিন্দ ফৌজৰ বাকী থকা চৌদ্ধ হাজাৰ সৈন্য বিভিন্ন ঠাইত আত্মগোপন কৰি পুনৰ বৃটিছৰ বিৰুদ্ধে যুঁজিবলৈ গোপনে সংগঠিত হ’বলৈ ধৰিলে।
১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহত দিল্লীৰ লালকিল্লাত এই যুদ্ধবন্দী বিশ হাজাৰ সৈনিকৰ বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াতেই বিতুষ্ট হৈ ক্ষোভত জ্বলি উঠি ৰয়েল ইন্ডিয়ান নেভীৰ ৭৮ খন জাহাজৰ একুৰি হাজাৰ নৌ-সেনাই বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। বোম্বাইত অৱতৰণ কৰাৰ পিছত তেওঁলোকৰ আকাশ বতাহ মুখৰিত কৰি দিয়া “নেতাজী জিন্দাবাদ”, “আজাদ হিন্দ ফৌজ জিন্দাবাদ” ইত্যাদি শ্লোগানে বৃটিছৰ বুকু কঁপাই তোলে। বিদ্ৰোহী সেনাই জাহাজবোৰত উৰি থকা ইউনিয়ন জ্যাক নমাই দিয়ে আৰু বৃটিছৰ উচ্চপদস্থ সেনা বিষয়া সকলৰ যিকোনো আদেশ, নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰে।
ইয়াতেই উৎসাহিত হৈ জব্বলপুৰৰ ৰয়েল ইন্ডিয়ান এয়াৰফোৰ্চৰ পাইলট সহ সকলো ভাৰতীয় কৰ্ম্মচাৰীয়েও “জয়হিন্দ” শ্লোগান দি বৃটিছ শাসনকৰ্তা সকলক বুজাই দিয়ে যে তেওঁলোকৰ কোনেও আৰু বৃটিছৰ আদেশ মানিবলৈ বাধ্য নহয়। ইফালে বৃটিছৰ চোৰাংচোৱাহঁতে সতৰ্ক কৰি দিয়ে যে‌ যিকোনো মুহূৰ্ততে ভাৰতীয় স্থল বাহিনীৰ পচিশ লাখ সৈন্যই বিদ্ৰোহ ঘোষণা কৰিব পাৰে। কেৱল এটা ফিৰিঙতিয়েই চাৰিওফালে জুই জ্বলাবৰ বাবে যথেষ্ট। সেয়ে বৃটিছ শাসকবৰ্গ ইয়াতেই ভাত সন্ৰস্ত হৈ পৰে। ইয়াৰ পিছত ভাৰতীয় সৈনিক সকলক বৃটিছে ভাৰতৰ বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰিবলৈ ধৰিলে যাতে সৈনিক‌ সকল ঐক্যবদ্ধ হ’ব নোৱাৰে।‌ পিছে সৈনিক সকলেও গোপনে ঐক্যবদ্ধ হোৱাৰ সকলো প্ৰচেষ্টা চলাই গ’ল।
ৰয়েল ইন্ডিয়ান আৰ্মীৰ মাজত ইংৰাজ সৈন্য আছিল মাত্ৰ চল্লিশ হাজাৰ আৰু দীৰ্ঘদিন ধৰি যুদ্ধ কৰাৰ ফলত তেওঁলোক‌ ভাগৰুৱা আৰু দুৰ্বল হৈ পৰিছিল। তেওঁলোকে নিজৰ দেশলৈ ঘুৰি যাবলৈ অধৈৰ্য্য হৈ বৃটিছ চৰকাৰক আবেদন জনাইছিল। ইফালে পচিশ লাখ ভাৰতীয় সৈন্যৰে মুখামুখি হ’বলৈ বৃটিছৰ সামৰ্থ্যও নাছিল। যি সৈন্য বাহিনীৰ জোৰত ইংৰাজ সকলে ভাৰতত ৰাজত্ব কৰিছিল,‌ সেয়া হেৰাই যোৱাৰ শংকাই বৃটিছক সন্ত্ৰাসিত কৰি ৰাখিছিল। যিকোনো সময়তে চিপাহী বিদ্ৰোহৰ বাবে প্ৰাণটো লৈ দেশলৈ ঘুৰি যাব পাৰিবনে নাই তাকে লৈ সন্ত্ৰস্ত হৈ আছিল। সেয়ে ভাৰতক স্বাধীন কৰি দিয়াৰ বাহিৰে বৃটিছৰ হাতত আৰু কোনো বিকল্প ব্যৱস্থা নাছিল। ইয়াৰ উপৰিও বৃটিছ সকলৰ মনত এই ভয়টো আছিল যে নেতাজীৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা নাই৷ তেওঁ যি কোনো সময়তে আত্মপ্ৰকাশ কৰিব পাৰে। নেতাজীৰ আত্মপ্ৰকাশৰ পিছত ভাৰতীয় সেনাবাহিনীৰ কি প্ৰতিক্ৰিয়া হ’ব পাৰে তাক লৈ বৃটিছৰ দুৰ্ভাৱনাৰ অন্ত নাছিল।‌ সেয়ে মূলতঃ আজাদ হিন্দ ফৌজ আৰু ভাৰতীয় সেনাবাহিনীৰ সাম্ভাৱ্য বিদ্ৰোহৰ ভয়তে বৃটিছে এই দেশ এৰি যাবলৈ বাধ্য হয়।
গান্ধীজীৰ আন্দোলন অহিংস আছিল, সেয়ে গান্ধীজীক লৈ বৃটিছৰ কোনো ভয় নাছিল। এই কথা জনাইছিল তৎকালীন বৃটিছ প্ৰধানমন্ত্ৰী লৰ্ড ক্লীমেন্ট এটলীয়ে, যিজনে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল আৰু ক্ষমতা হস্তান্তৰ (Transfer of power)ৰ
চুক্তিত চহী কৰিছিল। এই ক্ষমতা হস্তান্তৰৰ সিদ্ধান্ত লোৱা হৈছিল কিয়ণো তেতিয়া ভাৰতত হোৱা যিকোনো সংহিস আন্দোলন চম্ভালাটো বৃটিছৰ সামৰ্থ্য আৰু এক্তিয়াৰৰ এটাও নাছিল। সেয়ে শেষলৈ বটিছ শাসক সকলে ভাৰতীয় সকলৰ হাতত স্বাধীনতা অৰ্পন কৰি বিদায় লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এইটোৱেই হ’ল আমাৰ স্বাধীনতা লাভৰ আচল ইতিহাস। এই স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত যি সকলৰ অৱদান সৰ্বোচ্চ আছিল, তেওঁলোকক কিন্তু স্বাধীন ভাৰতত সন্মান দিয়া দূৰৰে কথা পাবলগীয়া নূন্যতম স্বীকৃতিও দিয়া নহ’ল। সকলোতকৈ দুখৰ কথা দেশ বিভাজনৰ পিছত আজাদ হিন্দ ফৌজৰ যি সকল সেনানী পাকিস্তানলৈ গৈছিল, তেওঁলোকৰ প্ৰায় সকলেই পাকিস্তানৰ সেনাবাহিনীত নিয়োজিত হৈছিল। কিন্তু ভাৰতত ৰৈ যোৱা আজাদ হিন্দ ফৌজৰ সেনানী সকলৰ এজনকো ভাৰতীয় সেনাবাহিনীত নিয়োগ কৰা হোৱা নাছিল। তেওঁলোকৰ সুভাষ চন্দ্ৰ বসুৰ প্ৰতি থকা আনুগত্য আৰু বৃটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ মূল্য গান্ধীজীৰ অহিংস ভাৰতত তেওঁলোকে দিবলগীয়া হৈছিল।
স্বাধীনতাৰ পিছৰ সময়চোৱাত আমাৰ স্বাধীনতা লাভৰ ইতিহাস কি কাৰণে বিকৃত কৰা হৈছিল সেইকথা আজি স্পষ্ট হৈছে । মাত্ৰ নতুন প্ৰজন্মই সেইবোৰ তথ্যৰে সমৃদ্ধ হোৱা প্ৰয়োজন ।