- পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত অসমত তৰুণ গগৈ চৰকাৰখনত বিসম্বাদ আৰু লবি কেন্দ্ৰীক ৰাজনীতি তুংগত আছিল । তৰুণ গগৈৰ পুত্ৰ স্নেহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পতন নিশ্চিত আছিল । অসমত পোন প্ৰথমবাৰৰ বাবে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ হল । বহু বিজেপি নেতা-কৰ্মীৰ বহু দিনীয়া আশা পুৰ্ণ
হৈছিল । কিন্তু এই স্ফুৰ্তী ম্লান হবলৈ বেছি দিন লগা নাছিল । বিজেপি দলৰ লগত সমান্তৰালকৈ আন এটা দলেও চৰকাৰৰ কামত প্ৰভুত্ব বিস্তাৰ কৰিছিল । এই প্ৰভুত্ব এটা সময়ত ইমানেই বৃদ্ধি পাইছিল যে বিজেপি কৰ্মীয়ে কামৰ বাবে সেই দলটোৰ পৰা চিফাৰিচ পৰ্য্যন্ত নিব লগা হৈছিল । বিজেপিৰ পুৰণি কৰ্মীয়ে চিফাৰিচ বিচাৰি যোৱা সংগঠনটো আছিল আছু । বহু ক্ষেত্ৰত আছুক সমালোচনা কৰা নেতাই দিচপুৰৰ পৰা ধমক পৰ্যন্ত খাইছিল । গোটেই প্ৰক্ৰিয়াটো চলিছিল সেই সময়ৰ মুখ্যমন্ত্ৰীৰ লগত ছাঁৰ দৰে লাগি থকা জনৈক গোস্বামী উপাধিৰ প্ৰাক্তন আছু নেতা জনে । যুব মৰ্চাৰ নেতা-কৰ্মীক নিস্প্ৰভ কৰি আছু নেতাক সমাজত প্ৰতিষ্ঠিত কৰাৰ অভিপ্ৰায়ে ক্ষোভিত কৰিছিল বিজেপিৰ যুব চামক । সৰ্বানন্দ সোণোৱাল , হৃষিকেশ গোস্বামী যুগৰ পিছত ২০২১ ত আৰম্ভ হ’ল হিমন্ত বিশ্ব শৰ্মা যুগ । ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচন , বিটিআৰ নিৰ্বাচন আৰু বিভিন্ন পৰিষদীয় নিৰ্বাচনত একক প্ৰচেষ্টাত বিজেপিক জয়ী কৰোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনত তেওঁৰ সমকক্ষ ব্যক্তি নাইকিয়া হ’ল । ৮৫’ মাৰ্কা অতুল বৰা , চন্দ্ৰ পাটোৱাৰী , সমষ্টি সলনি কৰা ৰঞ্জিত দাসৰ দৰে নেতাৰ পৰা ৰাইজ স্পৃহা নথকাটো চকুত লগা হল । ইয়াৰ লগে লগে তৰুণ গগৈৰ দিনত বিধায়ক-মন্ত্ৰী হোৱা প্ৰাক্তণ কংগ্ৰেছী নেতা কৰ্মী সকলে বিজেপি চৰকাৰৰ প্ৰথম শাৰীত স্থান পাবলৈ সক্ষম হল । এই ক্ষেত্ৰত পুৰণি বিজেপি নেতা সকলৰ অধিক সংখ্যক নেতাৰ গ্ৰাউণ্ডৰ লগত সম্পৰ্কহীনতা আৰু ঠেক মানসিকতাই প্ৰাক্তন কংগ্ৰেছী সকলক অধিক জাকতজিলিকা কৰাত সহায় কৰিলে । এসময়ত আছুৰ সন্মুখত নিস্প্ৰহ হোৱা বিজেপিৰ পুৰণি নেতাখিনি পুনৰবাৰ প্ৰাক্তন কংগ্ৰেছীৰ সন্মুখত নিস্প্ৰহ হ’ল ।
আছুৰ সন্মুখত নিস্প্ৰহ বিজেপি কৰ্মী হোৱা আৰু কংগ্ৰেছী সকলৰ সন্মুখত নিস্প্ৰহ হোৱা একে কথা নহয় । আছুৰ স্থিতি অতি সীমিত বা আছুৰ লগত আদৰ্শগত সংঘাতো সীমিত । কিন্তু প্ৰাক্তন কংগ্ৰেছী সকলে নৰেন্দ্ৰ মোদী অহাৰ পিছত বিজেপিত যোগদান কৰি বিজেপিৰ পুৰণি নেতা-কৰ্মীক যদি ইতিকিং কৰাৰ সীমা অতিক্ৰম হয় তেন্তে অসমত বিজেপিৰ অন্তৰ্দলীয় সংঘাতে আগন্তুক সময়ত বিৰূপ প্ৰভাব পেলাব বুলি বহু ধাৰণা হয় ।