ধুবুৰীত পুনৰ আজমল

573

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ অক্টোবৰ ২০২২ৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো _অহা লোকসভা নিৰ্বাচনত ধুবুৰী আৰু লখিমপুৰ সমষ্টিত কোন জয়ী হ’ব? ১ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ চলা আমাৰ অ’পিনিয়ন প’লৰ ফলাফল মতে ধুবুৰীত পুনৰ জয় হ’ব বদৰুদ্দিন আজমলৰ। ধুবুৰীত বিভিন্ন দলে লাভ কৰা ভোটৰ পৰিমাণ আছিলঃ

এআইইউদিএফঃ ৫০%
কংগ্ৰেছঃ ৩৭.৫%
বিজেপি-অগপঃ ১২.৫%

আমাৰ অ’পিনিয়ন প’লৰ পৰা প্ৰমাণ হ’ল যে ধুবুৰীৰ সম্ৰাট পুণৰ বদৰুদ্দিন আজমলেই হ’ব। বিভিন্ন সময়ত এআইইউদিএফ দুৰ্বল হোৱা বুলি খৱৰ ওলায়। তথাপিতো ধুবুৰীত আজমলক ৰোধ কৰা বিৰোধীৰ বাবে প্ৰায় অসম্ভব।

লখিমপুৰৰ বাবে ৰাইজৰ মাজত কোনো কনফিউজন নাই। ইয়াত বিজেপি জয়ী হোৱাটো নিশ্চিত। লখিমপুৰত বিজেপিয়ে ৮৭.৫% ভোট আৰু কংগ্ৰেছে ১২.৫% ভোট লাভ কৰে।