- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
কেইদিনমান আগতে এখন মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ নিমন্ত্ৰণী পত্র পাইছিলো। তাত এটা বিশেষ নাম চকুত পৰিল । সেয়া হ’ল মুকলি সভাৰ বিশিষ্ট অতিথি ৰূপে নিমন্ত্রণ কৰা হৈছিল সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যক। তাৰ পিছত এটা বিশেষ মিডিয়া হাউচৰ চামিত। তাতো নিমন্ত্ৰণ কৰা হৈছে আছুৰ উপদেষ্টা গৰাকীক। আমাৰ ভাব হয় আছুৱে সমুজ্জ্বল ভট্টাচাৰ্য্যৰ জড়িয়তে কেইবাটাও ৰেকৰ্ড কৰি গিনিছ বুকত নাম অন্তৰ্ভুক্ত কৰিব। গোটেই বিশ্বৰ হয়তো আছুৱে একমাত্র ছাত্র সংগঠন যত ছাত্র নেতাজনৰ বয়স ৬০ বছৰৰ ওচৰা ওচৰি। তেওঁৰ লগত পঢ়া বহুতে আজি ৪০ বছৰ আগতেই কলেজ এৰিলে। আছুৱে মই দেখাত একমাত্র সংগঠন যত উপদেষ্টাৰ ক্ষমতা সভাপতি-সম্পাদকতকৈও বেছি। সাধাৰণতে উপদেষ্টাজনে পৰ্দাৰ পিছত দলটোক পৰামৰ্শ দিয়ে। কেৱল আছুৰ ক্ষেত্রত মিডিয়া, আলোচনা চক্ৰ সকলোতে কেৱল উপদেষ্টা জনেই মূখ্য। সভাপতি-সম্পাদকৰ অস্তিত্বই নাই যেন লাগে। এজন ৬০ বছৰীয়া লোকে ১৫ বছৰীয়া ছাত্র এজনৰ সমস্যা কিমান অনুধাবন কৰিব পাৰিব? প্ৰত্যেক বাৰেই অধিবেশন বোৰত তেওঁ আছু এৰাৰ নাটক কৰে। এতিয়া আৰু দেখি দেখি বিৰক্তি লগা হৈছে। সমুজ্জ্বল ভট্টাচাৰ্য্যই নিজৰ ভবিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থতে এনে কিছুমানক সভাপতি সম্পাদক পাতিছে নেকি যাৰ সেই পদত থকাৰ যোগ্যতা নাই? ভট্টাচাৰ্য্যৰ সমসাময়িক বা তেওঁতকৈ চিনিয়ৰ সকলে ৰাজনীতিত বহু উন্নতি কৰিলে। প্ৰফুল্ল মহন্ত, অতুল বৰা, কেশব মহন্ত, সৰ্বানন্দ সোণোৱাল আদি প্ৰত্যেকজন প্ৰাক্তন সভাপতিয়ে ৰাজনীতিত নিগাজি হৈছে। তাৰ বিপৰীতে ভট্টাচাৰ্য্য উপদেষ্টা থকা কাৰ্য্যকালত নিযুক্ত হোৱা সভাপতি- সম্পাদক কোনোৱে বিশেষ একো কৰিব পৰা নাই। শংকৰ প্ৰসাদ ৰয় আৰু প্ৰবীন বড়ো দুটা নিৰ্বাচনত এৰেৰাহে পৰাজিত হৈছে। অমিয় ভূঞাই বহু কষ্ট কৰি ৰাজনীতিত অহাৰ ১০ বছৰ মান পিছতহে নিজৰ বাবে এটা টিকট যোগাৰ কৰিবলৈ সক্ষম হৈছে। তপন গগৈক যোৱা ৬ বছৰে বিধায়ক বা সাংসদ হিচাপে কোনো গুৰুত্বপূৰ্ণ বিষয়ত মাত মতা নেদেখিলো। ইয়াৰ কৰাণ হ’ল ভট্টাচাৰ্য্যই কাকো মুক্ত মনে কাম কৰিব নিদিলে। নেতা হিচাপে তেওঁলোক সদায় চাপত আছিল বাবে পৰিপক্ক হ’ব নোৱাৰিলে। সংগঠনৰ লেকাম ডাল আছিল ভট্টাচাৰ্য্যৰ হাতত আৰু এতিয়াও আছে। প্ৰাক্তন আছু হিচাপে আমি বিচাৰো আছু ছাত্রৰ দ্বাৰা আৰু ছাত্রৰ হকে পৰিচালিত হৈ থাকক। ইয়াৰ বাবে আগভাগ ল’ব লাগিব বৰ্তমানৰ ছাত্রসমাজে। ২৫ বছৰ বয়সৰ অধিক কোনো ব্যক্তিক আছুৰ সদস্যতা আৰু পদবী দিয়াৰ পৰা বিৰত থাকক। তেতিয়া এইখন অসমতে বহুতো সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাৰ জন্ম হ’ব।