গুজৰাটত কেজৰীৱালৰ_জয় শ্ৰীৰাম

557

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


এই বছৰৰ শেষৰ ফালে গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচন বহুকেইটা কাৰণত গুৰুত্বপূৰ্ণ। গুজৰাটত যোৱা ২৭ বছৰ ধৰি বিজেপিৰ চৰকাৰ আছে। ভাৰতৰ প্ৰধানমন্ত্রী আৰু গৃহমন্ত্রী দুয়ো গৰাকী গুজৰাটৰ পৰা অহা। ২০১৭ত কংগ্ৰেছে গুজৰাটত ভাল প্ৰদৰ্শন কৰিছিল। ইয়ে প্ৰমান কৰে যে গুজৰাটৰ বহুতো লোক বিকল্পৰ সন্ধানত আছে। কিন্তু প্ৰশ্ন হয় কোনোবা দলে নিজকে বিজেপিৰ যোগ্য বিকল্প হিচাপে প্ৰমাণ কৰিবলৈ সক্ষম হৈছেনে? প্ৰধান বিৰোধী দল কংগ্ৰেছ বৰ্তমান ব্যস্ত ভাৰত জোড়ো, ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন তথা ৰাজস্তানৰ নেতৃত্বৰ সমস্যা সমাধানত। গুজৰাটত কংগ্ৰেছে কোনো ধৰণৰ চকুত লগা প্ৰচাৰ কৰিবলৈ সমৰ্থ হোৱা নাই। তাৰ সম্পূৰ্ণ সুযোগ লৈ ৰণত জপিয়াই পৰিছে আম আদমী পাৰ্টী। কেজৰীৱাল, চিচোদিয়া আৰু ভগবন্ত মানে সঘনাই গুজৰাট ভ্ৰমণ কৰি আছে। প্ৰথমতে কেজৰীৱালে তাত দিল্লী মডেলৰ কথা কৈছিল। আপে দিল্লীত শিক্ষা আৰু স্বাস্হ্যত যুগান্তকাৰী পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে বুলি প্ৰচাৰ কৰিচৱিল। কিন্তু কেজৰীৱালে বুজি উঠিলে যে গুজৰাটত অকল উন্নয়নৰ কথা ক’লেই যঠেষ্ট নহয়। গুজৰাটৰ মানুহবিলাক মুলতঃ ব্যৱসায়ী আৰু ধাৰ্মিক। হিন্দুত্ব তাৰ মানুহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে। সেয়েহে কেজৰীৱালৰ মুখত এতিয়া শুনা যায় জয় শ্ৰী ৰাম আৰু জয় শ্ৰী কৃঞ্চ। বিজেপিৰ নেতাবোৰতকৈও তেওঁ বেছি ডাঙৰকৈ জয় শ্ৰী ৰাম কয়। তেওঁৰ এজন মন্ত্রীয়ে হিন্দুবিৰোধী মন্তব্য দিয়াৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। গুজৰাটৰ নিৰ্বাচনৰ আগত কেজৰীৱালে কোনো ৰিস্ক ল’ব নিবিচাৰে। কেজৰীৱালৰ উত্থানকলৈ বিজেপি কিছু শংকিত। আপে চৰকাৰ গঠন কৰিব নোৱাৰিলেও প্ৰধান বিৰোধী দল হিচাপে স্বীকৃতি পোৱাৰ পূৰ্ণ সম্ভাবনা আছে। ইয়ে ২০২৪ লোকসভাত বিজেপিক বিপদত পেলাব পাৰে। বিজেপিৰ সকলোতকৈ ডাঙৰ সমস্যা হ’ল নৰেন্দ্ৰ মোদীৰ ১৫ বছৰৰ মুখ্যমন্ত্রী হিচাপে কৰা কাম। তেওঁ নিজৰ benchmark ইমান উচ্চ কৰি ৰাখিছে যে আন কাৰো কামত ৰাইজ সন্ত্তষ্ট নহয়। যোৱা ৮ বছৰত তিনিজন মুখ্যমন্ত্রী সলনি হ’ল। বৰ্তমান মুখ্যমন্ত্রী ভূপেন পেটেলৰ কামতো ৰাইজ সন্তুষ্ট নহয়। সেয়েহে বাৰে বাৰে মোদী আৰু শ্বাহ গুজৰাটলৈ গৈছে। তেওঁলোকে ষ্টীল, এয়াৰবাছ আদিৰ নতুন প্ৰজেক্ট আনি ৰাইজৰ সমৰ্থন আদায় কৰাৰ চেষ্টা কৰিছে। ফলাফল যিয়ে নহওক_ আপে কিন্তু গুজৰাটত প্ৰয়াস কৰিছে। ফলত গুজৰাটৰ নিৰ্বাচনত দেখা গৈছে ৰাজনীতিৰ ৰোমাঞ্চ ।