- ধ্ৰুৱজ্যোতি শৰ্মা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
অসমৰ গৰিমামণ্ডিত সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা অসীমত ঠিকনা হেৰুওৱা মহান শিল্পী নিপন গোস্বামীৰ মহাপ্ৰয়াণত শতধাবিদীৰ্ণ আজি সহস্ৰ জনৰ হৃদয়। তেওঁ অবিহনে যেন আজি চৌদিশে শূণ্যতা আৰু স্তব্ধ সময়ৰ যন্ত্ৰনা । অসমৰ চলচ্চিত্ৰ জগতৰ যদি তেওঁ মুকুট বিহীন সম্ৰাট তেনেহলে ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসতো তেওঁ ৰাখি থৈ গৈছে সৃষ্টিশীলতাৰ সোণালী স্বাক্ষৰ। সেয়া আছিল ভ্ৰাম্যমাণ নাট্যবৰ্ষৰ ৮০-৮১ চনৰ কথা ।। সেই বৰ্ষতে কহিনুৰ থিয়েটাৰত জনপ্ৰিয় শিল্পী গৰাকীয়ে পদাৰ্পন কৰে ।। এই কথা দেউতাই আমাক নিশাৰ আলাপত কৈছিল আৰু নলবাৰী ৰাসত হাতত ধৰি নি দেখুৱাইছিল কহিনুৰ থিয়েটাৰৰ সেই বৰ্ষৰ জনপ্ৰিয় নাটক “অসীমত যাৰ হেৰাল সীমা ” । জনপ্ৰিয় ঔপন্যাসিক কাঞ্চন বৰুৱাৰ উক্ত গ্ৰন্থৰ নাট্যৰূপ প্ৰফুল্ল বৰাৰ আৰু পৰিচালনা হেমন্ত দত্তৰ। নিপন গোস্বামীয়ে কৰিছিল নায়ক চন্দনৰ চৰিত্ৰত অভিনয়, হীৰা নেওগ হৈছিল চম্পা আৰু নায়িকা গৌৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আমিনা দেৱানে ।। আন শিল্পী সকল আছিল -মহানন্দ শৰ্মা, ৰতন লহকৰ, হীৰেন মেধি, তুলসী শইকীয়া আদি।। গৌৰীৰ সপোনত বিভোৰ আৰু ঘোঁৰাত উঠি যুদ্ধ কৰা তেওঁৰ অভিনয়ৰ কায়িক আৰু বাচিক শৈলীত আমি মুগ্ধ হৈ পৰিছিলো কৈশোৰতে । নিপন গোস্বামীৰ শ্ৰেষ্ঠ অভিনয়ৰ কথা ক’ব লাগিলে ১৯৮১-৮২ নাট্যবৰ্ষৰ “অভিশপ্ত অৰণ্য” আৰু “দেৱী সন্ন্যাসিনী”ৰ কথা উল্লেখ কৰিবই লাগিব। অভিশপ্ত অৰণ্যৰ সেই খঙাল যুৱকৰ ভুমিকাত কৰা দুৰন্ত অভিনয় আজিও আমাৰ দৰেই বহুতো কিশোৰৰ হৃদয়ত সজীৱ হৈ আছে।। তেওঁ যেতিয়া দুনলীয়া বন্দুকটো লৈ গৰজি উঠে তেতিয়া এনে ভাৱ হয় যেন জংগলৰ পৰা সিংহটো বাট বুলিছে জনপথলৈ ।। ইয়াৰ পিছত তেওঁ আৱাহন , হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰি দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল। সহযোগী শিল্পীৰ বাবে তেওঁ আছিল অভিভাৱক তথা উদ্দীপনাৰ উৎস।।সচাকৈ প্ৰশংসনীয় অভিনয়ৰে ভ্ৰাম্যমাণ নাট্য পৰিমণ্ডল জিলিকাই থৈ গল মহাতাৰকাগৰাকীয়ে ।। জনপ্ৰিয়তাৰ শিখৰ স্পৰ্শ কৰা শিল্পী গৰাকীৰ পৰা শিকিবলগীয়া দুটি গুণ হ’ল নিয়মানুৱৰ্তিতা আৰু কৰ্মৰ প্ৰতি সন্মান।। এনাজৰী বঁটা প্ৰদান অনুষ্ঠানত প্ৰায় বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি তেখেতে এনাজৰী পৰিয়ালক ধন্য কৰিছিল , এনে অনন্য ব্যক্তিসত্তা কদাচিত ধৰাৰ বুকুত জন্ম হয়।।
ধ্ৰুৱজ্যোতি শৰ্মা
৯৪৩৫০২৮৩৬০