গাংগুলীক কিয় বিদায় দিলে?

488

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


বিচিচিআইত সকলোতকৈ শক্তিশালী পদবী কি? বহুতৰ মনত যদিও সভাপতি পদটো আহে আচলতে কিন্তু সম্পাদক জনহে সকলোতকৈ শক্তিশালী। ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহৰ পুত্র জয় শ্বাহ বৰ্তমান বিচিচিআইৰ সৰ্বে-সৰ্বা। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ কথা মনত ৰাখি বিজেপিয়ে গাংগুলীক বিশ্বৰ সকলোতকৈ শক্তিশালী ক্ৰিকেট সংস্থাৰ দায়িত্ব দিছিল।
ভাৰতীয় দলৰ অধিনায়ক থকা কালত আমি গাংগুলীৰ দুৰ্দান্ত প্ৰদৰ্শন প্ৰত্যক্ষ কৰিছিলো। খেলপথাৰতো গাংগুলী আছিল খুব আক্ৰামক। কিবা ভুল কৰিলে দলীয় সতীৰ্থ এজনক এজাউৰি দিবলৈ শংকাবোধ কৰা নাছিল তেওঁ। বহুদিনৰ পৰা কথা চলিছিল গাংগুলী হেনো বিজেপিত যোগদান কৰিব। সেয়েহে আশা কৰা হৈছিল বিচিচিআইৰ অধ্যক্ষ ৰূপে আৰু এটা টাৰ্মৰ বাবে তেওঁক সুযোগ দিয়া হ’ব। কিন্তু সকলোকে আচৰিত কৰি ৰোজাৰ বিন্নী অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হ’ল। গাংগুলী পুনৰ অধ্যক্ষ হ’ব নোৱাৰাৰ ৩ টা কাৰণ হ’ল

১) এখন হাবিত দুটা সিংহ থাকিব নোৱাৰে। জয় শ্বাহ আৰু সৌৰভ গাংগুলী দুয়োৰে কাম কৰা নিজা ষ্টাইল আছে। সেয়েহে শ্বাহ সম্পাদক পদত পুনৰ নিযুক্ত হোৱাৰ লগে লগে গাংগুলীৰ বিদায় আসন্ন হ’ল।

২) বিজেপিয়ে বহু দিনৰ পৰা আশা কৰি আছিল যে গাংগুলীয়ে বিজেপিত যোগদান কৰিব। কিন্তু গাংগুলীৰ কিছুমান ব্যবসায়িক অংকৰ বাবে তেওঁ তৃণমূলৰ লগত শত্ৰু  তা কৰিব নোৱাৰে। বিজেপিৰো ধৈৰ্য্যৰ বান্ধ চিঙিল। গাংগুলীৰহৈ দলে কোনো চেষ্টা নকৰিলে।

৩) বিচিচিআইত সদায় লবী ৰাজনীতি চলে। মুম্বাই আৰু কৰ্ণাটক ল’বী সকলোতকৈ শক্তিশালী। এইবাৰ দক্ষিণৰ ৰাজ্যবোৰে বিচাৰিলে সভাপতিজন তেওঁলোকৰ পৰা হওক। ৰোজাৰ বিন্নীৰ হৈ ল’বী কৰিলে এন শ্ৰীনিবাচনে।

গাংগুলীৰ আগত বিচিচিআইত কেবল ৰাজনৈতিক নেতাসকল সভাপতি হৈছিল। জগমোহন ডালমীয়াৰ পৰা শৰদ পাৱাৰলৈ কেবল সংগঠকসকলে সুযোগ পাইছিল। ৰোজাৰ বিন্নী ৮৩ বিশ্বকাপ দলৰ অন্যতম সদস্য আছিল। তেখেতে সুযোগ পোৱাত আমি ভাবো ক্ৰিকেট প্ৰেমী সকলে মনত দুখ পোৱা নাই।