কংগ্ৰেছৰ নতুন মুখা

584

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত যেতিয়া মনোমালিন্য হৈছিল তেতিয়া বিধায়কসকলৰ ভোট ল’বলৈ অসমলৈ আহিছিল মল্লিকাৰ্জুন খাৰ্গে। দুই তৃতীয়াংশ বিধায়কে সেই সময়ত শৰ্মাৰ সপক্ষে ভোট দিছিল যদিও ৰাহুল গান্ধীয়ে পক্ষ লৈছিল গগৈৰ। সেইসময়ত সকলো দেখি শুনিও অন্ধভাবে গান্ধী পৰিয়ালৰ সু্ৰত সুৰ মিলাই গৈছিল খাৰ্গেই। ইয়াৰ পৰা অনুমান কৰিব পাৰি তেখেতৰ গান্ধী প্ৰীতি। তেখেতে emotion তকৈ গুৰুত্ব দিয়ে practicality ক। ৰাজনীতিত বৰ্তি থকাৰ গুণ আয়ত্ত কৰা খুব দৰকাৰ। কাৰ ভাগ্য কেতিয়া সলনি হৈ যায় ঠিক নাই। ২০১৯ লোকসভাত গুলবৰ্গা লোকসভা সমষ্টিত ১লাখ ভোটত পৰাজিত হোৱা ৮০ বছৰীয়া খাৰ্গে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি হ’ব বুলি কোনে ভাবিব পাৰিছিল?

খাৰ্গেৰ অতীত

এটা দলিত পৰিয়ালত জন্ম লোৱা খাৰ্গে নিজৰ মাতৃক হেৰুৱাইছিল খুব কম বয়সত। তেওঁ আছিল এজন হকী খেলুৱৈ। আঠুত আঘাত পোৱাৰ পিছত হকী এৰিব লগা হয়। এতিয়াও খাৰ্গে অলপ লেঙেৰাই খোজ দিয়ে। হকীৰ উপৰিও খুব ভাল কাবাদী খেলিছিল তেওঁ। এচ.এম কৃঞ্চা মুখ্যমন্ত্রী থকা সময়ত তেওঁ কৰ্ণাটকৰ গৃহমন্ত্রী আছিল। তিনিবাৰকৈ মুখ্যমন্ত্রী পদৰ দৌৰত থাকি শেষত হাইকামাণ্ডে তেওঁৰ সলনি কৃঞ্চা, ধৰম সিং আৰু সিদ্দাৰামায়াৰ নাম ফাইনেল কৰিছিল।

খাৰ্গে কংগ্ৰেছক পুনৰুজ্জীবিত কৰিব পাৰিবনে?

খাৰ্গে আছিল গান্ধী পৰিয়ালৰ সমৰ্থিত প্ৰাৰ্থী। ফলত বিপুল ভোটৰ ব্যবধানত তেওঁ শশী থৰুৰক পৰাজিত কৰি কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হয়। কিন্তু প্ৰশ্ন হয় ৰাহুল গান্ধীৰ অনুমতি নোহোৱাকৈ তেওঁ কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰিবনে? ইয়াৰ উত্তৰ সকলোৱে জানে। ছোনীয়া গান্ধীৰ সভাপতিত্বৰ সময়তো ৰাহুলে unofficially ‍অধ্যক্ষ আছিল, ভবিষ্যতেও থাকিব। ছোনীয়া গান্ধীয়ে কেবল নিজৰ চকীখন খাৰ্গেলৈ এৰি দিলে, দল চলাব ৰাহুল গান্ধীয়েই। খাৰ্গেৰ সন্মুখত প্ৰত্যাহ্বান বহুত। অশোক গেহলটৰ দৰে নেতাই গান্ধীকে পাত্তা নিদিয়ে, খাৰ্গেক কি দিব? ২০২৪ত কংগ্ৰেছ দল জয়ী হোৱাৰ কথা কোনেও ভবা নাই কিন্তু দলে যদি সন্মানজনক আসন লাভ নকৰে তাৰ বাবে দায়ী হ’ব খাৰ্গে। এই দুইবছৰতে খাৰ্গেই কিবা যাদু দেখুৱাব লাগিব।