২০২৪ত বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী তালিকা

721

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


বিজেপি দলত বৰ্তমান লোকসভা নিৰ্বাচনকলৈ ভিতৰি ভিতৰি অংক চলি আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১৪ খনৰ ভিতৰত ১৩ খন আসনে মোদী ডাঙৰীয়াক উপহাৰ দিব বিচাৰে। তেখেতে জানে যে ধুবুৰীত কোনপধ্যে বিজেপি জয়ী হোৱা সম্ভব নহয় কাৰণ তাত মুছলমান জনসংখ্যা প্ৰায় ৭০%। সেয়েহে ধুবুৰী আসনখন অগপক এৰি দি আন ১৩খনতে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে। আনকি কোকৰাঝাৰখনো দলে ইউপিপিএলক এৰি দিব বিচৰা নাই। বাস্কা আৰু ওদালগুৰি জিলাত ক্ৰমাত শক্তিশালী হোৱা বিজেপিয়ে কোকৰাঝাৰৰ লগতে বৰপেটা অবশেষত মিত্ৰ দলক এৰি দিবলগা হ’ব পাৰে। কোকৰাঝাৰৰ পৰা হাগ্ৰামা মহিলাৰীৰ নামো ওলাইছে।  বৰ্তমানৰ ৬জন বিজেপি সাংসদে ২০২৪ চনত পুনৰ টিকট পাব। তেওঁলোক হ’ল ৰামেশ্বৰ তেলী, দিলীপ শইকীয়া, ৰাজদ্বীপ ৰয়, কৃপানাথ মাল্লা, তপন গগৈ আৰু হৰেন সিং বে। আনহাটে কুইন ওঝা, পল্লৱলোচন দাস আৰু প্ৰদান বৰুৱাক টিকট দিয়া নহ’ব বুলি গুণাগঠা চলিছে। কুইন ওঝাক প্ৰদৰ্শনৰ ভিত্তিত আৰু আন দুজনে ৰাজ্যৰ ৰাজনীতিত ঘুৰি আহিব বিচৰা বাবে টিকটৰ পৰা বঞ্চিত হ’ব। নতুন মুখ আঙুৰলতা ডেকাৰ নাম সৰ্বাধিক চৰ্চাত আছে। তেওঁক সহজ আসন গুৱাহাটী লাগে যদিও মুখ্যমন্ত্রীয়ে তেওঁক নগাওঁত নিৰ্বাচন খেলাটো বিচাৰে।
দলে কেন্দ্ৰীয় মন্ত্রী সোণোৱালক কলিয়াবৰত নিৰ্বাচন খেলাটো বিচাৰে যদিও তেখেত তাৰ বাবে আগ্ৰহী নহয়। লখিমপুৰ আসনখনৰ বাবেহে প্ৰাক্তন মুখ্যমন্ত্রীজনৰ দুৰ্বলতা আছে। সোণোৱালে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে লখিমপুৰ লোকসভাৰ পৰা ভুবন পেগুৱে সুবিধা পাব। তেতিয়া উপনিৰ্বাচনত জোনাইৰ পৰা জয়ী হৈ প্ৰদান বৰুৱা লোকসভা পাব। ঠিক তেনেদৰে পল্লৱলোচনক ৰাজ্যৰ ৰাজনীতিত সংস্থাপিত কৰিবলৈ বিশ্বনাথৰ দুবাৰৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বা বিহালীৰ ৰঞ্জিত দত্তৰ নাম তেজপুৰ লোকসভাৰ বাবে বিবেচনাত আছে। কলিয়াবৰত বিজেপিৰ নিষ্ঠাবান কৰ্মী দিপ্লুৰঞ্জন শৰ্মাই টিকট পোৱাৰ পূৰ্ণ সম্ভাবনা আছে। গুৱাহাটীৰ পৰা দুজনৰ নাম চৰ্চাত আছে। তেওঁলোক হ’ল প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু সুমন হৰিপ্ৰিয়া। ২০১৯ত ৯ খন আসন পোৱা বিজেপিয়ে এইবাৰ ‍আসন বৃদ্ধি কৰিবলৈ যত্ন কৰিব। কলিয়াবৰ, নগাওঁ আৰু গুৱাহাটীত কোনজন নেতাই প্ৰাৰ্থীত্ব পায় তাক জানিবলৈ সকলোৱে আগ্ৰহেৰে বাট চাই ৰ’ব।