আমচু, গুৱাহাটীয়া বৌদ্ধিক সমাজ ইত্যাদি

704
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


গুৱাহাটীয়া বৌদ্ধিক গোট , বিশ্বতেই বিৰল । এই গোটেই সময়ে সময়ে জন্ম দিছে সংগঠন , আন্দোলন , সশস্ত্ৰ কুচকাৱাজ । গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত মুৰ্গীৰ চুপ শুহি মন্ত্ৰীৰ লগত  পাহাৰৰ মানুহৰ বিষয়ে আলোচনা  , বগা চাহাবৰ দেশৰ বিদেশী বোৱাৰীৰ লগত বিদেশত চেলফী উঠি গাওঁৰ ল’ৰাক জংঘলত যাবলৈ অনুপ্ৰাণিত কৰা ,  বছৰত দুখন কিতাপ নিজৰ নামত  প্ৰকাশ কৰি মন্ত্ৰীৰ দ্বাৰা উন্মোচন  আৰু দুখন কিতাপ মন্ত্ৰীৰ নামত লিখি মন্ত্ৰীক সাহিত্যিক বনোৱা , গুৱাহাটীত অনুষ্ঠিত  ভাৰত – আফ্ৰিকাৰ ক্ৰিকেট খেল চাবলৈ  ভিআইপি আসন দখল কৰা  , কোহলিৰ লগত ফটো উঠি ফেচবুকত পোষ্ট দিয়া এই বৌদ্ধিক জগতক অসমৰ নব প্ৰজন্মই চিনাক্ত কৰিছে । অলপতে এটা ব্যক্তিগত চেনেলৰ মালিকে হিমন্ত বিশ্ব শৰ্মাৰ লগত বৰ্ষাপাৰা ষ্টেডিয়ামত স্ফুৰ্তি কৰি ফটো উঠিছে আৰু ফেচবুকত মুখ্যমন্ত্ৰীক উচ্চ প্ৰশংসাৰে ডুবাই দিছে । কিন্তু নিজৰ চেনেলে আকৌ বৰ্ষাপাৰাৰ খেলখনৰ আয়োজনকলৈ বদনাম কৰি বাতৰি বজাই আছে ।   যোৱা দহ বছৰত বহুত সলনি হ’ল ।  জে এন এউ ৰ টুকৰে টুকৰে গোটক মুকলিকৈ দেশদ্ৰোহী বুলি ক’বলৈ আজিৰ প্ৰজন্মই কুন্ঠাবোধ নকৰে ,  পুলৱামাৰ ঘটনাৰ কাৰণে স্পষ্ট ভাবে পাকিস্তানক দোষা ৰোপ কৰিব পৰা হ’ল ,  প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ফুট পাথৰ দোকানী জনলৈ সকলোৱে একমুখে পাকিস্তান হুছিয়াৰ  দিব পৰা হ’ল  , আৰৱান নক্সাল বৌদ্ধিক সমাজক আজিৰ ছাত্ৰই মুকুলি মনে প্ৰশ্ন কৰিব পৰা হ’ল । কিন্তু গুৱাহাটীয়া বৌদ্ধিক সমাজে নিজৰ পদ্ধতি সলনি কৰিছে । পুৰ্বতে অসমীয়াভাষীক প্ৰৰোচিত কৰা কিছু বেকফুটত ৰাখি এতিয়া আৰম্ভ কৰিছে মুছলমান ৰাজনীতি । বিশেষভাবে বাংলাদেশী মুলৰ মুছলমান মানুহখিনিক লগত লৈ আৰম্ভ কৰিছে এক বৌদ্ধিক আন্দোলন , যিখন আন্দোলনত পইচা যোগানৰ কোনো সীমা নাই । প্ৰশান্ত ৰাজগুৰুৰ দৰে ব্যক্তিয়ে এতিয়া আমছুৰ সভাত অংশ লৈ মুছলমান ৰাজনীতিৰ দিক নিৰ্দেশণা ভাষণ দিয়ে ।পাহাৰৰ জিলা আৰু বিটিআৰ বাদ দি বুদ্ধিজীবীৰ চক্ৰান্তত যিকোনো মুহুৰ্ততে সমাজৰ ৰং সলনি কৰি দিব পাৰে ।