জয়ন্ত মল্ল মুখ্যমন্ত্রীৰ উত্তৰাধিকাৰী নেকি?

536

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ৰাষ্ট্ৰীয় ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া অপৰিসীম গুৰুত্ব। গুজৰাটৰ নিৰ্বাচনী সভাবোৰৰ বাবে শৰ্মাৰ হাই ডিমাণ্ড। বৰ্তমান কেন্দ্ৰত মোদী আৰু শ্বাহক বাদ দি শক্তিশালী নেতা নাই। নিতিন গাডকাৰী লাহে লাহে এলাগী হ’বলৈ আৰম্ভ কৰিছে। পিযুষ গোৱেল, নিৰ্মলা সিতাৰমণ আদি mass লিডাৰ নহয়। ৰিজিজু, অনুৰাগ আদিসকলৰ জ্ঞান আছে যদিও বাকপটু নহয়। মোদী আৰু শ্বাহৰ পিছত বিজেপিত দুজন নেতাৰ উত্থান হৈছে যি কৰ্মদক্ষ, বাকপটু, হিন্দুত্ববাদী আৰু ৰাইজৰ প্ৰিয়। এজন যোগী আনজন শৰ্মা। যোগীক যিহেতু অমিত শ্বাহে নিজৰ প্ৰতিদ্বন্দ্বী বুলি বাবে সেয়ে মোদী-শ্বাহে সকলো কঠিন কাম সমাধান কৰাৰ বাবে বাচি লয় শৰ্মাক। যোনে যি নকওক হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ অহাটো সময়ৰ আহ্বান। কি ৰূপত আহে সেয়া মোদী-শ্বাহে নিৰ্ণয় কৰিব। তেনে স্থলত অসমৰ মুখ্যমন্ত্রীৰ আসনখন খালি হ’ব। ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ এজন বিশ্বাসভাজনক সেই আসনত বহুৱাব বিচাৰিব যাতে অসমখন তেখেতৰ নিয়ন্ত্ৰণত থাকে। এইক্ষেত্রত পিযুষ আৰু জয়ন্তৰ মুখদুখনে মনলৈ আহে। আমি পোৱা খৱৰ অনুসৰি শৰ্মাই এতিয়া সকলোতকৈ বেছি বিশ্বাস কৰে জয়ন্ত মল্লক। খৱৰ ওলাইছে যে পিযুষ হাজৰিকাক নগাওঁ লোকসভাৰ টিকট দি দিল্লীলৈ নিয়া হ’ব যাতে জয়ন্তৰ পথ সুগম হয়। এতিয়া মুখ্যমন্ত্রীৰ কাষত প্ৰায়ে দেখা পোৱা যায় নলবাৰীৰ বিধায়কজনক। ‍অবশ্যে লো প্ৰফাইল অজন্তা নেওগৰ কথাও চিন্তা কৰি থকা হৈছে বুলি জনা গৈছে।