- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
মোৰ দেউতা প্ৰয়াত হেমন্ত কুমাৰ দত্ত আছিল ইংৰাজী বিভাগৰ প্ৰবক্তা। ইংৰাজীৰ লগতে অসমীয়া ভাষাতো তেখেতৰ ভাল দখল আছিল। সৰুৰে পৰাই দেউতাক লেখা মেলা কৰা দেখা পাইছিলো। ঘৰৰ ওচৰৰ মন্দিৰৰ পৰা সাহিত্যসভালৈ বহুতো সামাজিক কামতো তেখেতে আত্মনিয়োগ কৰিছিল। ঘৰলৈ তেখেতৰ কোনো বন্ধু বান্ধব আহিলে তেখেতৰ প্ৰিয় আলোচনাৰ বিষয় আছিল ৰাজনীতি। প্ৰথম অবস্থাত দেউতা আছিল বাওঁ দলৰ সমৰ্থক। সৰ্বহাৰাৰ কথা কোৱা লেনিন আদি তেখেতৰ আদৰ্শ আছিল। অসম আন্দোলনৰ সময়ত বাওঁ দলৰ সমৰ্থক সকলে বহু অত্যাচাৰৰ সন্মুখীন হৈছিল। দেউতাৰ সকলোতকৈ প্ৰিয় বন্ধুজনক সেই আন্দোলনৰ সময়তে হত্যা কৰা হৈছিল। সেইটোৱে তেখেতৰ অন্তৰত এটা বহুত ডাঙৰ আঘাত দিছিল। মই ১৯৯১ চন মানৰ পৰা অলপ ৰাজনীতিৰ কথা বুজা হৈছিলো। সেইবাৰ আমাৰ নলবাৰী সমষ্টিত চিপিআই(এম)ৰ প্ৰাৰ্থী আছিল নৰেন দত্ত। দেউতাৰ নৰেন দত্তৰ লগত খুৱ ভাল সম্পৰ্ক আছিল আৰু তেখেতে মনে প্ৰাণে নৰেন দত্ত নিৰ্বাচনত জয়ী হোৱাটো বিচাৰিছিল। দেউতাৰ তাত টিউচন পঢ়িবলৈ অহা প্ৰায়বোৰ ছাত্র-ছাত্রীক প্ৰশ্ন কৰিছিল_ তোমালোৰ অঞ্চলত কোন আগবাঢ়ি আছে। কোনোবাই যদি নৰেন দত্তৰ নাম লয় তেওঁক দেউতাই খুব প্ৰশংসা কৰিছিল। সেইবাৰ নলবাৰীৰ পৰা জয়ী হৈছিল নগেন শৰ্মা। নৰেন দত্ত চতুৰ্থ স্থানত থাকে। তাৰ পিছতো দেউতাৰ সমৰ্থন বাওঁদলৰ প্ৰতি অটুট আছিল। বাওঁদলৰ কাৰ্য্যালয়লৈ তেখেত মাজে মাজে গৈ আছিল। বাওঁদলে প্ৰকাশ কৰা এখন সাপ্তাহিক বাতৰি কাকত আমাৰ ঘৰত আহি আছিল। এনেতে আহিল ১৯৯৬ চন। বাওঁদলে অগপৰ সৈতে লগ লাগি নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয়। অসম আন্দোলনৰ যিসকল লোকে বাওঁদলৰ কৰ্মীক অত্যাচাৰ কৰিছিল, হত্যা কৰিছিল সেইসকল লোকক দেউতাই ক্ষমা কৰি দিব পৰা নাছিল। দেউতা আৰু মই স্কুটাৰেৰে এদিন বাওঁ দলৰ কাৰ্য্যালয়ৰ সন্মুখেৰে আহি আছিলো। তাত থকা মানুহ এজনে দেউতাক চিঞৰি মাতিলে। _ দত্ত আজিকালি দেখো কাৰ্য্যালয়লৈ নাহে। _অগপৰ লগত মই নাই, দেউতাৰ স্পষ্ট কথা।
_ তেন্তে কংগ্ৰেছ বা বিজেপিক ভোট দিব নেকি?
_ দিব পাৰো , কিন্তু অগপক নিদিও।
অগপৰ চৰকাৰ গঠন হ’ল। কিন্তু সেইবাৰ অসমবাসীয়ে নিজৰ এটা ভুল সিদ্ধান্তৰ পৰিণাম ভোগ কৰিলে। সৰ্বকালৰ কলংকিত চৰকাৰ এখনৰ দিনত সংঘটিত হ’ল গুপ্তঘাটকৰ দপদপনি। চৰকাৰী কৰ্মচাৰীৰ দৰমহা নাই, সকলোতে কেবল দুৰ্নীতিৰ খৱৰ। ২০০১ চনত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ল। তৰুণ গগৈ হ’ল অসমৰ মুখ্যমন্ত্রী। আমিও কলেজ পালো। দেউতাই এতিয়া ৰাজনীতিৰ কথা আমাৰ লগতো পতা হ’ল। তৰুণ গগৈ দেৱৰ কথা বাৰ্তা তথা কৰ্মই দেউতাক মুগ্ধ কৰিলে। যাৰ ফলত তেখেত আজীবন তৰুণ গগৈদেৱৰ ফেন হৈ থাকিল। তৰুণ গগৈৰ কথা বেয়াকৈ ক’বলৈ দেউতাৰ আগত কোনেও সাহস নকৰিছিল।টিভিত তৰুণ গগৈৰ সাক্ষাতকাৰ তেওঁ কেতিয়াও মিছ কৰা নাছিল। তৰুণ গগৈদেৱ সৎ, আপোনভোলা আৰু খোলা মনৰ ব্যক্তি আছিল। হয়তো দেউতাই তৰুণ গগৈৰ ব্যক্তিত্বৰ মাজতে নিজক বিচাৰি পাইছিল। কেতিয়াবা গগৈেদৱক লগ পালে মোৰ কোৱাৰ মন আছিল ‘আপোনাৰ সকলোতকৈ ডাঙৰ অনুৰাগীজন আমাৰ ঘৰতে আছে।’ যেতিয়া গগৈদেৱৰ বিৰূদ্ধে বিসম্বাদ হৈছিল তেতিয়া দেউতাই খুৱ দুখ পাইছিল। বিসম্বাদী সকলক সেইসময়ত দেউতাই শত্ৰু জ্ঞান কৰিছিল। ২০১৬ চনত তৰুণ গগৈ ৰণত পৰাজিত হয় আৰু অসমত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হয়। তৰুণ গগৈক ক্ষমতাচ্যুত কৰা বিজেপি দল, মোদী বা আন নেতাবোৰক দেউতাই পচন্দ কৰা নাছিল। দেউতাৰ মুখত মই প্ৰায়ে শুনিছিলো বিজেপি দলৰ সমালোচনা। হয়তো এয়া আছিল নিজৰ প্ৰিয়নেতাজন পৰাজিত হোৱাৰ বেদনা। কিন্তু মৃত্যুৰ ১ মাহ আগত মই প্ৰথমবাৰ দেউতাৰ মুখত বিজেপিৰ প্ৰতি সমৰ্থন দেখা পাও। ২০১৯ চনৰ আগষ্ট মাহত আমি কলিকতালৈ গৈছিলো দেউতাৰ চিকিৎসাৰ বাবে। হোটেলত দেউতা আৰু মই টিভি চাই আছিলো। এনেতে আহিল কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰৰ খৱৰ। _ এইটো বিজেপিয়ে ভাল কাম কৰিছে। মই হতবম্ব হ’লো। প্ৰথম তথা শেষ বাৰৰ বাবে দেউতাৰ মুখত বিজেপিৰ প্ৰশংসা শুনিলো। তাৰ প্ৰায় একমাহ পিছত ১৭ ছেপ্তেম্বৰ ২০১৯ত দেউতাই এই সংসাৰৰ পৰা বিদায় মাগে। এতিয়াও প্ৰায়ে মনত পৰে তেখেতৰ সৈতে পতা ৰাজনীতিৰ কথা। দেউতাই নিস্বাৰ্থভাবে সময় সাপেক্ষে এটা দল বা এজন ব্যক্তিৰ সমৰ্থনত আছিল। অসমৰ মানুহ কেনেকৈ বাওঁ দলৰ পৰা কংগ্ৰেছ হৈ বিজেপিৰ কিছুমান কামত মুগ্ধ হ’ল সেয়া দেউতাৰ লগত পৰা ৰাজনীতিৰ কথাৰ পৰা বুজা যায়।