ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ৰাষ্ট্ৰীয় প্ৰাইবোৰ সংবাদমাধ্যমৰ প্ৰাইম টাইমত বৰ্তমান ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰ্চা চলিছে। শৰ্মাই গুজৰাটৰ নিৰ্বাচনী সভাত দিয়া ভাষণবোৰৰ ওপৰত টক শ্বো হৈছে। জি নিউজ, টাইমছ নাও, আজটক, নিউজ ১৮ আদি প্ৰায়বোৰ আগশাৰীৰ চেনেলত ৰাষ্ট্ৰীয় প্ৰবক্তা সকলে শৰ্মাৰ বক্তব্যৰ ওপৰত সময় খৰছ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ ‘চাদ্দাম হুছেইন’ , ‘ শ্ৰদ্ধা-আফতাব’ আদি ডাইলগ চুপাৰাহিট হৈছে। গুজৰাটৰ নিৰ্বাচনী সভাত শৰ্মাৰ ডিমাণ্ড বাঢ়ি গৈছে। গুজৰাটত বহু মানুহে আনকি মোদীৰ পিছত শৰ্মাকে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্রী ৰূপে চাব বিচাৰে। ইয়াৰ কাৰণ হিচাবে তেওঁলোকে কৈছে যে শৰ্মাৰ কথাৰ দৃঢ়তা আছে। দেশখন এনেকুৱা নেতাৰ লগতে সুৰক্ষিত হৈ থাকিব। এতিয়া কথা হৈছে শৰ্মাই নিৰ্বাচনী সভাত নিজৰ ইচ্ছামতে কথাবিলাক কৈছে নেকি? আমাৰ সুত্রৰ পৰা কোৱা খৱৰ মতে অমিত শ্বাহৰ নিৰ্দেশমতেহে শৰ্মাই গুজৰাটত হিন্দুত্বৰ চেতনা জাগ্ৰত কৰিবলৈ আৰম্ভ কৰিছে। এই নিৰ্বাচনত আপে প্ৰথমতে কিছু সম্ভাবনা দেখাইছিল। বহুতে ভাবিছিল যে কেজৰীৱালৰ দলে ২৭ বছৰে শাসনত থকা বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিব। বিজেপিৰ মুখ্য ষ্ট্ৰেটেজিষ্ট অমিত শ্বাহে বুজিলে যে হিন্দুত্বৰ ট্ৰাম্প কাৰ্ড নেখেলিলে সমস্যা হ’ব পাৰে। দেশৰ প্ৰধানমন্ত্রী, গৃহমন্ত্রী আদিয়ে আফটাব, চাদ্দাম আদি কথা কলে শোভা নাপায়। সেইবাবে শ্বাহে বাচি ল’লে তেওঁৰ সকলোতকৈ বিশ্বাসভাজন মানুহজনক। শৰ্মাই তেওঁক নিৰাশ নকৰিলে। প্ৰাইম টাইমেও আপৰ সলনি হিমন্ত বিশ্বক সময় দিবলৈ বাধ্য হ’ল। এক কথাত ক’বলৈ গ’লে হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ নিৰ্বাচনী দৃশ্যপট সলনি কৰি দিলে। কিন্তু ইয়াৰ সুত্রধাৰ ভাৰতীয় ৰাজনীতিৰ চানক্য অমিত শ্বাহ।