- অঞ্জনা শৰ্মা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংৰ ঘটনাটোৱে মনটো ভাৰাক্ৰান্ত কৰি ৰাখিছে যোৱা দুদিনত। ইয়াৰ লগে লগে আন কিছুমান ঘটনা পোহৰলৈ আহি আছে য’ত বহু কেইগৰাকী ছাত্ৰই ৰেগিংৰ বাবেই নিজৰ উচ্চ শিক্ষা গ্ৰহণৰ সপোন আধাতে সামৰি ঘৰলৈ উভতি যাবলগীয়া হৈছিল। দুই এগৰাকীয়ে কৰ্তৃপক্ষক লিখিত অভিযোগ দিছিল বুলিও গম পোৱা গৈছে। তাৰ মানে এই ঘটনাবোৰৰ বিষয়ে কৰ্তৃপক্ষ অৱগত আছিল। অকণমান ইচ্ছা কৰা হলে / মনোযোগ দিয়া হলেই ৰেগিংক ৰোধ কৰিব পৰা ব্যৱস্থা বহুত আছিল। মোৰ নিজৰ উচ্চতৰ মাধ্যমিকৰ পৰা পাঁচ বছৰ কটন কলেজৰ হোষ্টেলৰ আৰু দুটা বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ আৱাসী হোৱাৰ অভিজ্ঞতা আছে। আপোন ঘৰখন এৰি আহি সম্পূৰ্ণ অকলশৰে হোষ্টেলত প্ৰৱেশ কৰাৰ সময়ত এগৰাকী ছাত্ৰৰ মানসিক অৱস্থা কেনেকুৱা হৈ থাকে সেয়া অনুভৱ কৰিব পাৰো। এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানক হোষ্টেলত প্ৰথম এৰি থৈ অহাৰ অভিজ্ঞতাও আছে। আমাৰ লৰাক আজিৰ পৰা তিনিবছৰ আগতে শিলচৰ NIT ৰ হোষ্টেলত থবলৈ যোৱাৰ সময়ত NIT ৰ এটা ব্যৱস্থা দেখি অভিভূত হৈছিলোঁ আৰু অভিভাৱক হিচাপে যথেষ্ট সকাহ পাইছিলোঁ। তাত এটা ব্যৱস্থা আছে। প্ৰত্যেক বছৰে নতুনকৈ নামভৰ্তি হোৱা ছাত্ৰ খিনিক একেলগে এটা হোষ্টেলত ৰখা হয়। তাত কোনো পুৰণি ছাত্ৰ আৱাসী হিচাপে থাকিব নোৱাৰে। লগতে সুৰক্ষা কৰ্মী ৰখাৰ ব্যৱস্থাও কৰা হয় যাতে বাহিৰৰ কোনো ছাত্ৰ বা অন্য কোনো তাত সহজে প্ৰৱেশ কৰিব নোৱাৰে। নিজৰ ঘৰখন এৰি নতুন এটা পৰিৱেশত প্ৰৱেশ কৰা ছাত্ৰ সকলেও মুকলিমূৰীয়াকৈ তাত থাকি সোনকালে সেই পৰিৱেশৰ লগত একাত্ম হবলৈ অসুবিধা নাপায়। পিছৰ বছৰ নতুন নামভৰ্তি হোৱাৰ সময়ত সেই হোষ্টেলটো খালি কৰি নতুন ছাত্ৰৰ বাবে তেনেকৈ সাজু কৰা হয়। শিলচৰ NIT ৰ কৰ্তৃপক্ষ ধন্যবাদৰ পাত্ৰ । ইচ্ছা কৰা হলে ৰেগিং বিষয়টোত গুৰুত্ব দিয়া হলে আজিৰ পৰিস্থিতি উদ্ভব হোৱাৰ আগতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই চিন্তা চৰ্চা কৰি এনেকুৱা কিছু ব্যৱস্থা হাতত ল’ব পাৰিলেহেঁতেন। এতিয়াও আশা কৰো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে সকলো আৱাসিক শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই ৰেগিং বিষয়টো গুৰুত্ব সহকাৰে লব। যোৱাকালি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সংক্ৰান্তত দিয়া গা এৰা মন্তব্যই হতাশ কৰিছে। বিপদে নিয়ম নাস্তি – এই আপ্ত বাক্যশাৰীও যেন তেখেত সকলে পাহৰি গল।