বিয়াৰ জোৰণ কিমান জৰুৰী?

696
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


আমি অসমীয়া হিচাপে সদায় এটা কথাত গৌৰ‍ৱ অনুভব কৰো। অসমত যৌতুক প্ৰথা নাই। আমাৰ লগৰ বহুতো উত্তৰ বা দক্ষিণ ভাৰতীয় মানুহৰ মুখত যৌতুকৰ কথা শুনিবলৈ পাও। ছোৱালী সন্তান বহু অঞ্চলৰ বাবে এতিয়াও বোজা। হাৰিয়াণাত বহু কন্যা সন্তানক মাকৰ পেটতে হত্যা কৰা হয়। অন্ধ্ৰ প্ৰদেশত কণ্যা সন্তানক কুৱাত পেলাই দিছিল। এইখন প্ৰদেশত যৌতুকৰ দৰ ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক আদি সকলোৰে বাবে বেলেগ বেলেগ। অসমত যৌতুক প্ৰথা নাই, ওলোটাকৈ লৰাৰ ফালৰ পৰা জোৰনত সোণ, কাপোৰ আদি কইনাক দিয়া হয়। কইনাৰ লগত অৱশ্যে নগদ ধন নিদিলেও বিচনা, চোফা আদি পঠাই দিয়াৰ নিয়ম আজিও আছে।

আজি কেইদিনমানৰ পৰা টিভি আৰু পৰ্টেলক এটা বিশেষ খৱৰে টিআৰপি দিছে। জোৰণত দিয়া বস্তুকলৈ দৰা-কইনাৰ মাজত ইমান কাজিয়া লাগিল যে বিয়াখন শেষত ভাঙি থাকিল। বহুতে ক’ব খোজে দৰাৰ দোষ। আন কাৰোবাৰ মতে আকৌ দোষ কইনাৰহে। আমি অৱশ্যে ভাবো এয়া সমাজ ব্যৱস্থাৰ দোষৰ বাবেহে হৈছে। ভোগবাদী সমাজ ব্যৱস্থাত এতিয়া মানুহৰ মাজত জোৰণক লৈ এক অঘোষিত প্ৰতিযোগিতা চলিছে। জোৰণত কইনাক দিয়া বস্তুকলৈ মহিলা বিলাকে নিজৰ মাজত আলোচনা কৰে। স্বাভাবিকতে দুৰ্বল বস্তু পালে কইনাৰ ঘৰখনে সমাজৰ আগত লাজ পাবলগীয়া হয়। সেয়েহে এনে এক ব্যৱস্থাক সমাজৰ পৰা উঠাই দিয়াটোৱে মংগল। দৰাই কইনাক যি দিবলগা আছে সেয়া বিয়াৰ পিছত দি থাকিব। ৰাইজক দেখুৱাই দিবৰ কি প্ৰয়োজন আছে? ঠিক তেনেকৈ কইনাৰ লগত ফাৰ্নিছাৰ আদি দিয়াৰো কোনো প্ৰয়োজন নাই। এই প্ৰথাবিলাকৰ এটা সময়ত হয়তো দৰকাৰ আছিল। কিন্তু যিবোৰ নিয়মে এতিয়া সমাজক লাভতকৈ বেছি ক্ষতি কৰি আছে তাক বিদায় দিয়াই মংগল।