- তাৰক দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ৰাহুল গান্ধীৰ নেতৃত্বত বৰ্তমান গোটেই ভাৰততে “ভাৰত জোড়ো” কাৰ্য্যক্ৰম চলি আছে। ৰাহুল গান্ধীৰ উদ্দেশ্য হ’ল গোটেই ভাৰতকে বিজেপিৰ বিৰূদ্ধে একত্রিত কৰা। ৰাহুল গান্ধীৰ এই যাত্রাত ৰাইজৰ কিছু ভিৰ দেখা গৈছে। কংগ্ৰেছৰ তৃণমূলৰ মাজত কিছু উৎসাহো বাঢ়িছে। তাৰ মানে এইটো নেকি যে ‘ভাৰত জোড়ো’ সফল হৈছে? একেবাৰে নহয়। ভাৰতৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছে ২০১৯ লোকসভা নিৰ্বাচনত গোটেই ভাৰততে ১২ কৌটি ভোট লাভ কৰে। সেয়েহে কংগ্ৰেছৰ যিকোনো কাৰ্য্যক্ৰমত কিছু লোক হোৱাটো স্বাভাবিক। কিন্তু ৰাহুলৰ এই যাত্রাই বাতৰি কাকতৰ হেদলাইন দখল কৰাত ব্যৰ্থ হৈছে। এক কথাত ক’ব গলে ‘ভাৰত জোড়ো’ হৈ গ’ল এটা চুপাৰ ফ্লপ। ইয়াৰ প্ৰধান কাৰণ দুটা।
১) ৰাহুল গান্ধী কোন?
ৰাহুল কংগ্ৰেছৰ কোনো শীৰ্ষ পদত নাই। তেওঁ দলৰ এজন সাধাৰণ সাংসদ। তেওঁ দলৰ সভাপতি-সম্পাদক বা সংসদতো দলক নেতৃত্ব দিয়া নাই। তেন্তে তেওঁৰ কথাত মানুহে কিয় বিশ্বাস কৰিব? কেবল ৰাজীৱ গান্ধীৰ পুত্র হোৱা বাবেই তেওঁ কংগ্ৰেছৰ অঘোষিত অধ্যক্ষ। নহলে এজন সাধাৰণ সাংসদৰ পিছত কংগ্ৰেছে নিজৰ সকলো অৰ্থ, সম্পদ খৰছ কৰিব কিয়? কালি যদি বিজেপিৰ এজন সাংসদ উদাহৰণ স্বৰূপে প্ৰদান বৰুৱাই ভাৰত জোড়োৰ দৰে এটা অনুষ্ঠান কৰিবলৈ যায় তেন্তে বিজেপিয়ে জানো মান্তি হ’ব? গতিকে ৰাহুল গান্ধী হ’ল বংশবাদৰ প্ৰতীক আৰু সেয়ে ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিছে।
২) ৰাহুল গান্ধীৰ গুণ
২০১২ চন মানৰ পৰা ৰাইজে ৰাহুল গান্ধীক শুনি আছে বিভিন্ন সাক্ষাতকাৰ আৰু প্ৰেছ কনফাৰেঞ্চ বোৰত। কিন্তু আজিলৈকে তেওঁৰ কোনো কথাই ৰাইজৰ অন্তৰত সাঁচ বহুবাবলৈ সক্ষম হোৱা নাই। তেওঁৰ ব্যক্তিত্ব প্ৰথম ধৰা পৰিছিল ২০১৪ চনত অৰ্ণব গোস্বামীৰ সাক্ষাতকাৰত। তেতিয়া বুজা গৈছিল তেওঁৰ জ্ঞান কিমান। যোৱা ৯ বছৰত ৰাইজে তেওঁক মেচিওৰ হোৱা দেখা নাপালে। শেহতীয়াকৈ ভাৰতীয় সেনাৰ ওপৰত তেওঁ বিৰূপ মন্তব্য কৰি আকৌ এবাৰ প্ৰমাণ কৰিছে যে তেওঁ সলনি হোৱা নাই।
এটা কথা নিশ্চিত যে ২০২৪ চনটো কংগ্ৰেছ শোচনীয় ভাবে পৰাজিত হ’ব। এই কথা ক’বলৈ কোনোৱে জ্যোতিৰ্বিদ হ’ব নালাগে, ৰাজনীতিৰ সাধাৰণ জ্ঞানখিনি থাকিলেই হ’ল। তেতিয়া ৰাহুলে দোষ দিব সভাপতি খাৰ্গেক। মল্লিকাঅৰ্জুন সাজু হ’বৰ হ’ল।