অসমত মুছলমানৰ সমষ্টিৰ সংখ্যা কেনেকৈ হ্ৰাস পাব?

724
  • নৰেণ কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


বৰ্তমান সংবাদ মাধ্যমত চলি থকা এটা গুৰুত্বপূৰ্ণ খৱৰ হ’ল অসমৰ বিধানসভা আৰু লোকসভা সমষ্টি বিলাকৰ পুনঃ নিৰ্ধাৰণ। খৱৰ ওলাইছে যে কমলপুৰ, জালুকবাৰী, সৰভোগ আদিৰ স্থানত নতুন সমষ্টি হ’ব। এতিয়াও কোনো নিশ্চিত খৱৰ কাৰো হাতত পৰা নাই যদিও বৰ্তমানৰ বিজেপি চৰকাৰখনে যে সমষ্টি পুনঃগঠন কৰিব সেয়া খাটাং। ইয়াৰ ফলত লোকসভা বা বিধানসভাৰ সমষ্টিৰ সংখ্যাত কোনো প্ৰভাব নপৰে। কিন্তু যিহেতু এয়া বিজেপি চৰকাৰৰ শাসন কালত হ’ন স্বাভাবিকতে তেওঁলোকে নিজৰ লাভালাভৰ প্ৰতি লক্ষ্য দিয়াটো স্বাভাবিক। এটা কথা ধ্ৰুৱ সত্য যে মুছলমান লোকে বিজেপিক ভোট দিয়া নাই আৰু ভবিষ্যতেও নিদিয়ে। সেয়া লাগে খিলঞ্জীয়াই হওক বা মিঞাই হওক। গতিকে সমষ্টি পুনঃ গঠন প্ৰক্ৰিয়াত বিজেপিয়ে চেষ্টা কৰিব যাতে মুছলমান প্ৰাধান্য থকা সমষ্টিৰ সংখ্যা হ্ৰাস পায়। এটা সমষ্টি অনুসুচিত জাতিৰ বাবে সংৰক্ষন কৰি এজন মুছলমান বিধায়কৰ সংখ্যা হ্ৰাস কৰিব পৰা যায়। কিন্তু তাক বিজেপিয়ে দখল কৰিব নোৱাৰে। বকো আৰু ৰহা ইয়াৰ জ্বলন্ত উদাহৰণ। বিজেপিয়ে মুছলমান সংখ্যাগৰিষ্ঠ থকা সমষ্টি সম্পূৰ্ণ ভাবে নোহোৱা কৰিব নোৱাৰে কিন্তু হ্ৰাস কৰিব নিশ্চয় পাৰিব। উদাহৰণ স্বৰূপে বাঘবৰ আৰু জনিয়া সমষ্টি। এই দুটা সমষ্টি বিজেপিৰ পক্ষে দখল কৰা কেতিয়াও সম্ভব নহয়। বিজেপিৰ একমাত্র উপায় এই দুটা সমষ্টি আৰু ডাঙৰ কৰা। বৰপেটা ৰোড, সৰভোগ আদিৰ পৰা কিছু মুছলমান প্ৰাধান্য থকা অঞ্চলক জনীয়া,বাঘবৰ আদিত পেলাই দিলেই বিজেপিৰ কাম সিজিব। আনহাটে বিজেপিৰ অনুকুলে থকা বৃহৎ সমষ্টি বিলাক দুটা ভাগ কৰাৰ যত্ন কৰিব পাৰে। উদাহৰণ স্বৰূপে দিছপুৰ বা পূৱ গুৱাহাটী। এনে কৰাৰ ফলত মুছলমান সংখ্যাগৰিষ্ঠ থকা সমষ্টিৰ সংখ্যা ৩৫ৰ পৰা ২৫ মানলৈ হ্ৰাস পাব পাৰে। মুছলমান সংখ্যাগৰিষ্ট সমষ্টিবিলাকত ভোটাৰ থাকিব প্ৰায় ২.৫ লাখ আৰু হিন্দু সংখ্যা গৰিষ্ঠ বিলাকত থাকিব ১ ৰ পৰা ১.৫ লাখ। এনে হ’লে বিজেপিৰ ভবিষ্যত অসমত অহা কেইবাটাও দশকলৈ সুৰক্ষিত হৈ থাকিব। কিন্তু ইয়াৰ ফলত বিৰোধী দলবোৰে প্ৰবল প্ৰতিবাদ কৰিব। কংগ্ৰেছ ,এআইইউদি এফ আদি দলবিলাক নিশ্চয় বহি নাথাকিব। বিৰোধ হ’লেও নিজৰ ভবিষ্যতৰ স্বাৰ্থত বিজেপি দলে যে ইয়াক ৰূপায়ণ কৰিবই তাত আমাৰ মনত অলপো সন্দেহ নাই।