বৰুণ গান্ধী কংগ্ৰেছলৈ

740
  • ৰূপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


নেহৰু – গান্ধী- ভাদ্ৰা পৰিয়াল পুনৰ একত্ৰিত হ’বনে? বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে কংগ্ৰেছত যোগদান কৰিবনে?বিগত কিছুদিনৰ পৰিঘটনাই এই বিষয়ে এটা ইংগিত দিলে। এটা গোটে বিচাৰে বৰুণ গান্ধীয়ে তেওঁৰ ভাতৃ-ভগ্নী ক্ৰমে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা ভাদ্ৰাৰ সৈতে এন ডি এ চৰকাৰৰ বিৰুদ্ধে যুঁজত হাত মিলাই যাওক। ইয়াৰ দ্বাৰা কংগ্ৰেছ দল শক্তিশালী হ’ব বুলি বহুতে বিশ্বাস কৰে।

দৰাচলতে টুইটাৰৰ দৰে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ইউ পিৰ নিৰ্বাচনৰ পিছৰে পৰা বৰুণে বিভিন্ন বিষয়ক লৈ মোডী চৰকাৰক টাৰ্গেট কৰি আহিছে। ৰাহুল আৰু প্ৰিয়ংকাই কৰা দৰে এন ডি এ চৰকাৰৰ বিৰুদ্ধে মৌখিক আক্ৰমণ চলাইছে। পাৰ্থক্য মাথোঁ এইটোৱেই যে ৰাহুল আৰু প্ৰিয়ংকা কংগ্ৰেছত আছে, আৰু বৰুণে বিজেপিৰ সদস্য হোৱাৰ পিছতো চৰকাৰক সমালোচনা কৰে।

বৰুণে যদি কংগ্ৰেছত যোগদান কৰে তেন্তে সেয়া দুয়োৰে বাবে ফলদায়ক হব বুলি পৰ্যবেক্ষকে মতপোষণ কৰিছে ।
৪২ বছৰ পূৰ্বে কিছুমান মতানৈক্যৰ বাবে গান্ধী পৰিয়ালটোৱে বিচ্ছেদৰ সাক্ষী হৈছিল, যেতিয়া ইন্দিৰা গান্ধীৰ কনিষ্ঠ বোৱাৰী মানেকা গান্ধীয়ে পুত্ৰ বৰুণ গান্ধীৰ সৈতে নিজৰ ৰাজনৈতিক গতিপথ নিৰ্ধাৰণ কৰিবলৈ বাছি লৈছিল। পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ মেনকাই ৰাজনীতিত নিজৰ উপস্থিতি অনুভৱ কৰাইছিল।প্ৰথমে জনতা দল আৰু পিছত বিজেপিত যোগদান কৰি কেইবাবাৰো লোকসভালৈ নিৰ্বাচিত হৈছিল। কেইবাবাৰো মন্ত্ৰীও কৰা হৈছিল। বৰুণেও বিজেপি দলত যোগদান কৰি ৰাজনীতিত প্ৰবেশ কৰে। তেওঁ তিনিবাৰকৈ লোকসভাৰ সাংসদ। তেওঁ কেইবাটাও সাংগঠনিক পদতো কাৰ্যনিৰ্বাহ কৰিছিল। কেৱল এন ডি এ চৰকাৰত তেওঁক কোনো মন্ত্ৰী পদ দিয়া হোৱা নাছিল। এতিয়া বৰুণে টুইটাৰত কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ সমালোচনা অব্যাহত ৰাখিছে। তেওঁ কৃষকৰ সমস্যা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু সেনা জোৱানৰ সমস্যাৰ ওপৰত লিখিছে। অৱশ্যে তেওঁ প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰাৰ পৰা বিৰত থাকে।

বৰুণ মৌন, কিন্তু কিছুমান বিশেষ বিষয়ক লৈ তেওঁ অত্যধিক চিন্তিত। লক্ষণীয় কথাটো হ’ল যে ৪২ বছৰৰ পাছত পৰিয়ালটোৰ পুনৰ মিলন কেনেকৈ হয় আৰু কোনে মধ্যস্থতা কৰিব? ছোনিয়া গান্ধীৰ ইটালীৰ মাতৃ পৰিয়ালৰ মানুহে কি বিচাৰে সেইসকলো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰিব বৰুণ গান্ধীৰ কংগ্ৰেছ গমন ।