ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
যোৱা মাহৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো কোনজন বিজেপি সাংসদৰ টিকট কটা যোৱাৰ সম্ভাবনা সকলোতকৈ বেছি। আমাৰ অ’পিনিয়ন প’লত এজন ভোটাৰে এজনতকৈ বেছি সাংসদক ভোট দিয়াৰ ব্যৱস্থা আছিল। উদাহৰণ স্বৰূপে এজন ব্যক্তিয়ে ইচ্ছা কৰিলে ৯জন সাংসদক ক্লিক কৰি সকলোৰে টিকট কটা যাব বুলি কোৱাৰ বিকল্প আছিল। দেখা গৈছে যে ৫০% তকৈ অধিক ব্যক্তিয়ে এজনতকৈ অধিক বিজেপি সাংসদৰ টিকট কটা যাব বুলি ভাবে। আমাৰ অপিনিয়ন প’লত সৰ্বাধিক ৭৩.২% লোকে কুইন ওজাৰ টিকট কটা যাব বুলি ভাবে। গুৱাহাটীৰ সাংসদ কুইন ওজা অসমৰ পৰা বিজেপিৰ একমাত্র মহিলা সাংসদ। দ্বিতীয় স্থানত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈৰ বিজেপি সাংসদ দিলীপ শইকীয়া। শইকীয়াক ৬১.৫ % ৰাইজে দিল্লী যাত্রা ৰুদ্ধ হ’ব বুলি ভাবে। তৃতীয় স্থানত থাকে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা। ৫৩.৮% ভোট লাভ কৰে বৰুৱাই। আন সাংসদ সকলে লাভ কৰা ভোট আছিল এনে ধৰণৰঃ