(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )
কমেডি ডেক্স: ৰাজনীতি অসম
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
মামাই শ্বাহৰুখ খানক চিনি নোপোৱা বুলি কোৱাৰ লগে লগে খানৰ অনুৰাগী সকলে ক্ষোভত ফাটি গৈছে? খুবেই স্বাভাবিক। বহুতৰে আৰাধ্য দেৱতা খানক চিনি নোপোৱাটো জানো লাজৰ কথা নহয়? সি যিকি নহওক শ্বাহৰুখ খানে মামাক ফোন কৰি চিনাকি পৰ্বতো কোনোমতে শেষ কৰিলে। মামা আৰু শ্বাহৰুখৰ মাজৰ তেলিফোনৰ বাৰ্তা আহি পৰিছে আমাৰ হাততঃ
শ্বাহৰুখঃ এ…এ..হে…লো…
মামাঃ জয়ন্ত, ঐ জয়ন্ত.. ৰাতিখন কোন ছাগলীয়ে ফোন কৰিছে অলপ চা চোন।
শ্বাহৰুখঃ মই ছাগলী নহয় , মই বাজীগৰ হয়, ময়ে বাদশ্বাহ, ময়ে দেবদাস।
মামাঃ ইমানবোৰ মানুহে একেলগে ফোন কৰিছে..এই শীতকালতো কৰবাত বাণপানী আহিল নেকি?
শ্বাহৰুখঃ মই কিং খান..ইমান ক্লু দিলো । মোকো চিনি নোপোৱা নেকি বে?
মামাঃ ডাঙৰ দেশ ভাৰতৰ সৰু চহৰ গুৱাহাটীত এনে ঘটনা হৈ থাকে। কি লাগে তোক?
শ্বাহৰুখঃ তই বুলি মাতিলে যে?
মামাঃ মই সকলোকে তই বুলিয়ে মাতো। আনকি ডিচি, এছ পি, মন্ত্রী চবকে। ঘৈনীকো তই বুলিয়ে মাতো। তয়ো পিছে কম নহয়। ডাইৰেক্ট ‘বে’ ত ধৰিলি।
শ্বাহৰুখঃ বড়ে বড়ে দেশো মে..
মামাঃ হবদে এই ৰাতি দুটা বজাত বোৰ নকৰিবি। কি লাগে ক?
শ্বাহৰুখঃ মোক পাঠান লাগে।
মামাঃ অসমত পাঠান নাই নহয়। মাঘ বিহুত পাঠাহে পোৱা যায়। পাঠান লাগে যদি আফগানিস্তানত যা।
শ্বাহৰুখঃ মোৰ চিনেমা পাঠান আহি আছে।
মামাঃ এইবিলাক কিয় কৰ হয়নে? এই দেশৰে খাবি, এই দেশতে হাগিবি কিন্তু চিনেমা বনাবি পাঠান। লাচিতৰ নামত চিনেমা বনা, চিলায়াৰৰ নামত বনা। এইবিলাক পাঠান চাঠান মই নাচাও।
শ্বাহৰুখঃ আপোনাক চাব কোৱা নাই মামু। ৰাইজক চাব দিয়ক।
মামাঃ ৰাইজে ড° বেজবৰুৱা চাব। এইবিলাক পাঠান চাঠান নাচায় যা।
শ্বাহৰুখঃ ড° বেজবৰুৱা কি বস্তু আছে?
মামাঃ তামাম চিনেমে। চব গাণেই হিট। জিলিকা জিলিকা মিঞা বিদেশৰে….মিঞা কোন বিধাতাই আনিলে…কি নাম দি মাতিম..মাতিম মিঞাক
হেল্লো…হেল্লো…কি কুক আছিল? শ্বাৰকুক লাইনত আছনে…হেল্লো?? ঐ ডিছি..ঐ এছ পি…ঐ জয়ন্ত..ক’ত গল এ ই…