- পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ভাৰতৰ পাঠানসকল এটা সম্প্ৰদায় যিসকল আফগানিস্তানৰ পষ্টুনন অঞ্চলৰ । মুল শব্দ হৈছে পষ্টুন , যাক ভাৰতৰ হিন্দী সংস্কৰণত পাঠান বুলি কোৱা হয় । পষ্টুন প্ৰদেশ মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত; ই আফগানিস্তানৰ আমু নদীৰ দক্ষিণে থকা অঞ্চলৰ পৰা পাকিস্তানৰ সিন্ধু নদীৰ পশ্চিমে বিস্তৃত ।
এই পাঠান বা পষ্টুনসকলে হিন্দু আৰু শিখৰ ওপৰত কৰা অত্যাচাৰৰ ইতিহাস আজিও সমাপ্ত হোৱা নাই । সৌসিদিনা আফগানিস্তানৰ পৰা গুৰু গ্ৰন্থখন শিখ ধৰ্মগুৰুৱে মুৰত লৈ দিল্লী বিমানবন্দৰত অৱতৰণ কৰা দৃশ্য সকলোৰে মনত আছে ।
পষ্টুনসকল অতীত কি আছিল ? পষ্টুনসকলৰ মাজত হিন্দু আৰু ইচলামৰ অনুপাত কিমান ? পষ্টুনসকলক হিন্দুৰ পৰা কোনে ইচলামত দিক্ষীত কৰিছিল সেই প্ৰশ্নবিলাক অপ্ৰাসংগিক ।কাৰণ ইছলামৰ বিষয়ে এটা অতি স্পষ্ট তথ্য আছে যে ই এক আল্লাৰ নামত থলুৱা সংস্কৃতি ধ্বংস কৰে। বেছিভাগ সময়তে হিংসাৰ মাজেৰে ই বিয়পি পৰিছে।পাৰ্চীসকলে নিজৰ সংস্কৃতি পাহৰি গ’ল, মিচৰীয়াসকলেও নিজৰ সংস্কৃতি পাহৰি গ’ল আৰু আন বহুতেও পাহৰিলে।ইছলামৰ সৰ্বাত্মক স্বভাৱ আৰু ইয়াৰ ফেচিষ্ট মতাদৰ্শই নিজৰ সমাজ আৰু দেশসমূহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে। ইছলামিক ৰাষ্ট্ৰসমূহ বিফল হৈছে যদিও পশ্চিমে নিজৰ ডগমাৰ পৰা ওলাই অহাৰ লগে লগে উত্থান ঘটিছে।
ইছলামিক ৰাষ্ট্ৰসমূহে লাভ কৰা মহান সামৰিক বিজয়সমূহৰ সমসাময়িক বিশ্বত কোনো কাম নাই কাৰণ ধন এতিয়া বস্তুগত নহয় ই কেৱল বৌদ্ধিকহে। এতিয়া কোনো পাৰ্থক্য নোহোৱাকৈ একাকাৰতা বিচৰা এই ইছলামিক জগতখন যদিহে খ্ৰীষ্টান জগতত ঘটাৰ দৰে সম্পূৰ্ণ জাগৰণ নহয় তেতিয়ালৈকে তেওঁলোক বিফল হোৱাটো নিশ্চিত।
কিন্তু ভাৰতীয় মানুহ এনে এটা জীৱ যিয়ে নিজৰ ওপৰত হোৱা অত্যাচাৰ পাহৰি যায় । বিদেশীয়ে লিখা ইতিহাস বিশ্বাস কৰে । কিন্তু নিজৰ মানুহে ৰচনা কৰা ইতিহাস বিশ্বাস নকৰে । বলিউদত চাহৰুখ খানে নিৰ্মাণ কৰা পাঠান চুপাৰহিট হয় ; আনহাতে পাঠানক পৰাজিত কৰা শিখ সৈনিকৰ জীৱনকলৈ বনোৱা অক্ষয় কুমাৰৰ ছবি নচলে ।
পাঠানৰ পিছত নিৰ্মাণ হব জিন্না , তাইমুৰ আদি অনেক দেশদ্ৰোহী চৰিত্ৰৰ চিনেমা আৰু ভাৰতীয় দৰ্শকে এইবোৰকে চুপাৰহিট পৰ্য্যায়লৈ লৈ যাব ।