২০২৪: বিজেপি কেনেকৈ হ’ব ৩০০ পাৰ?

679

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ভাৰতৰ এটা নিৰ্ভৰযোগ্য আৰু নিৰপেক্ষ সংবাদ গোষ্ঠী বুলি ইণ্ডিয়া টুডেক জনা যায়। তেওঁলোকে ৰাজনৈতিক খৱৰবোৰ খুব নিয়াৰিকৈ ৰাইজক দিয়াৰ চেষ্টা কৰে। যোৱা মাহত তেওঁলোকে ৰাইজৰ মাজত এটা অ’পিনিয়ন প’ল কৰে। এই অ’পিনিয়ন প’ল মতে আজি নিৰ্বাচন হ’লে এন.দি. এ পাব ২৯৮ খন আসন, ইউপিএ পাব ১৫৩ খন আসন আৰু অন্যই লাভ কৰিব ৯২ খন আসন। দল হিচাপত চাব গ’লে বিজেপিয়ে পাব ২৮৪ খন, কংগ্ৰেছে ৬৮ খন আৰু অন্যই ১৯১ খন। ৪৬% ৰাইজে মোদীৰ কামত অতি সন্তুষ্ট আৰু ২৬% ৰাইজ সন্ত্তষ্ট হৈছে। অতি সন্ত্তষ্ট আৰু সন্ত্তষ্ট মিলালে মোদীয়ে লাভ কৰে ৭২% ভোট। যিকোনো প্ৰধানমন্ত্রীৰ কাৰণে ই এক গৌৰৱৰ বিষয়। এই অ’পিনিয়ন প’লৰ পৰা এটা কথা স্পষ্ট হ’ল যে কিবা চমৎকাৰ নহ’লে ২০২৪ চনত মোদীয়ে তৃতীয় বাৰৰ বাবে একক সংখ্যগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব। এতিয়া প্ৰশ্ন হ’ল এয়া কেনেকৈ সম্ভব হ’ব? বিজেপিৰ তিনিটা নীতিৰ ফলত দলটো লাভবান হৈছে। ৩৭০ ধাৰা বাতিল কৰি বিজেপিয়ে ৰাষ্ট্ৰীয়তাবাদী সকলৰ সমৰ্থন আদায় কৰিছে। ৰাম মন্দিৰ নিৰ্মান কৰি নিজৰ হিন্দুত্ববাদী চৰিত্র অক্ষুণ্ণ ৰাখিছে। উজালা, উজ্জ্বলা, কৃষক সন্মান নিধি আদিৰ জড়িয়তে লাভাৰ্থী সৃষ্টি কৰি দুখীয়া জনগণৰ মাজত নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে। সোনত সুৱগা চৰাইছে বিৰোধীয়ে। বৰ্তমান চকুত লগা কোনো বিৰোধী নেতা নাই। ৰাহুল গান্ধীয়ে ভাৰত জোড়োৰে চেষ্টা কৰিছে যদিয়ে সফল হ’ব পৰা নাই। ৰাইজৰ লগত সংযোগ স্থাপন কৰাত তেওঁ ব্যৰ্থ হৈছে। কেজৰীবালে দুখন ৰাজ্যত চৰকাৰ কৰিলেও নিজৰ দলৰ বিস্তাৰ কৰিব পৰা নাই। যেতিয়ালৈকে দেশৰ গুৰুত্বপূৰ্ণ ইছুবোৰত নিজৰ মতামত ৰখাৰ পৰা তেওঁ পলাই থাকিব তেতিয়ালৈকে আম আদমী দলৰ গোটেই ভাৰতত বিস্তাৰ অসম্ভব। মমতা, নিতীশ, ষ্টেলিন আদি অত্যাধিক আঞ্চলিকতাবাদী। সেয়েহে নিজৰ ৰাজ্যত তেওঁলোকৰ গ্ৰহণযোগ্যতা থাকিলেও আন ৰাজ্যৰ ৰাইজে তেওঁলোকক ভোট নিদিয়ে।

এতিয়া আহো ভাৰতৰ ছয়খন বৃহৎ ৰাজ্যলৈ। উত্তৰ প্ৰদেশত বিজেপিৰ শক্তিশালী মুখ্যমন্ত্রী আছে। প্ৰধানমন্ত্রীৰো গৃহ সমষ্টি উত্তৰ প্ৰদেশত। যোৱাবাৰ এছ.পি-বিছপি লগ লাগিও বিজেপিক টক্কৰ দিব নোৱাৰিলে। এইবাৰো বিজেপিয়ে উত্তৰ প্ৰদেশত ৮০ৰ ভিতৰত ৭০ৰ বেছি আসন দখল কৰাৰ পূৰ্ণ সম্ভাবনা আছে। কংগ্ৰেছে ইয়াত এখনতকৈ বেছি আসন নাপায়। পশ্চিমবংগত বিজেপিৰ আসন আগৰ ১৮ খনতকৈ হ্ৰাস পাব পাৰে। মমতাৰ আসন বাঢ়িব পাৰে কিন্তু কংগ্ৰেছৰ নাবাঢ়ে। তামিলনাডুত বিজেপিৰ আসন যোৱাবাৰ শুন্য আছিল গতিকে তাত হেৰুৱাবলৈও একো নাই। কংগ্ৰেছ তাত ডি.এম.কেৰ জুনিয়ৰ পাৰ্টনাৰ। মহাৰাষ্ট্ৰত উদ্ধব থাকৰে বিজেপিৰ পৰা আতৰি গ’লেও একনাথ সিন্ধে লগত আছে। বিজেপিৰ সামান্য লোকচান হ’লেও কংগ্ৰেছৰ সিমান বেছি লাভ নহয়। অবিভক্ত অন্ধ্ৰত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। তেলেংগানাত বিজেপিয়ে নিজৰ আসন বৃদ্ধি কৰিব। বিহাৰত বিজেপিৰ আসন বৃদ্ধি পাব কাৰণ এইবাৰ জেদি(ইউ)ক আসন এৰি দিবলগীয়া নাই। এই ৬ খন ৰাজ্যত প্ৰায় ২৮০ খন আসন আছে তাৰ ভিতৰত কংগ্ৰেছে ১০খনৰ বেছি আসন পোৱাৰ কোনো সম্ভাবনা নাই। মজলীয়া ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্তান, গুজৰাট,কৰ্ণাটকত বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজ হ’ব। প্ৰায় ১১০ খন আসনত কংগ্ৰেছে এককৰ ঘৰত থাকিলেও আচৰিত হ’বলগীয়া নাই। কংগ্ৰেছৰ একমাত্র আশা কেৰেলা যত দলে ১০-১৫ খন আসন লাভ কৰিব পাৰে। আন সৰু ৰাজ্য অসম, ঝাৰখণ্ড, ছত্তিছগড়, উৰিষ্যা আদিতো কংগ্ৰেছে কোনো আসন বৃদ্ধিৰ আশা কৰিব নোৱাৰে। গতিকে কংগ্ৰেছৰ আসন যোৱা লোকসভাৰ প্ৰায় সমানে থাকিব। বিজেপিৰ আসন পশ্চিমবংগত কমিলেও সেয়া তেলেংগানা আৰু পঞ্জাবৰ পৰা পূৰ কৰিব। এই সময়ত ক’ব পাৰি যে বিজেপি দলে ২০২৪চনত পুনৰ বৃহৎ বিজয়েৰে কেন্দ্ৰত চৰকাৰ গঠন কৰিব। যদি মোদীৰ সপক্ষে বতাহ বেছিকৈ বলে বিজেপিয়ে অকলে ৩০০-৩২৫ আসন দখল কৰিলেও আচৰিত হ’ব লগা নাই।