ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ৰাজনীতি অসমৰ ফেব্ৰুৱাৰী ২০২৩ৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো মুখ্যমন্ত্রী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ভিতৰত কোন বেছি পাৰদৰ্শী। আমাৰ অপিনিয়ন প’লত ৮১.৮% ৰাইজে বৰ্তমানৰ মুখ্যমন্ত্রী ড° শৰ্মাৰ সপক্ষত মতদান কৰিছে। ইয়াৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্রী সোণোৱালৰ সপক্ষত ভোট দিয়া লোক আছিল ১৮.২%। আমাৰ অ’পিনিয়ন প’লত স্পষ্ট হয় যে হিমন্ত বিশ্ব শৰ্মা সোণোৱালতকৈ বহু আগবাঢ়ি আছে।
আমাৰ দ্বিতীয়টো প্ৰশ্ন আছিল শৰ্মা চৰকাৰৰ এই ডেৰ বছৰৰ কাম কাজত আপুনি কিমান সন্ত্তষ্ট ? ইয়াৰ ফলাফল এনে ধৰণৰ।
অতি সন্ত্তষ্টঃ ৩৬.৪%
সন্তুষ্টঃ ৪৫.৫%
অসন্ত্তষ্টঃ ১৮.২%
আমাৰ অ’পিনিয়ন প’লত পুনৰ প্ৰমাণ হ’ল যে ৰাইজ চৰকাৰখনকলৈ সন্তুষ্ট। এতিয়াও চৰকাৰখনৰ বিৰূদ্ধে কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হোৱা নাই।